গৰেনা ফ্ৰী ফায়াৰ বা ফ্ৰী ফায়াৰ (Garena Free Fire or Free Fire) ১১১ ডটচ্ ষ্টুডিঅ'য়ে বিকাশ কৰা অনলাইন মোবাইল গেম।১ গৰেনাই ইয়াক ২০১৭ চনৰ ২০ নৱেম্বৰত প্ৰকাশ কৰে আৰু সেই বৰ্ষৰে ৫ ডিচেম্বৰত এণ্ড্ৰইড আৰু আইঅ'এচ অপাৰেটিং চিষ্টেমৰ বাবে মুকলি কৰি দিয়ে।২৩ এই গেমটো ২০১৯ চনত বিশ্বব্যাপী সৰ্বাধিক ডাউনলড্ কৰা মোবাইল গেম হৈ পৰিছিল।৪ ২০১৯ চনত গৰেনা ফ্ৰী ফায়াৰে 'গুগল প্লে ষ্ট’ৰ'-ৰ তৰফৰ পৰা 'বেষ্ট পপুলাৰ ভোট গেম' বঁটা লাভ কৰে৷৫ ২০২০ চনৰ মে’ মাহলৈকে, ফ্ৰী ফায়াৰে বিশ্বব্যাপী দৈনিক ৮০ নিযুতৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰীৰ সৈতে এক অভিলেখ গঢ়িছে৷৬ ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে, ফ্ৰী ফায়াৰে বিশ্বজুৰি (বিলিয়ন ) -তকৈও অধিক টকা উপাৰ্জন কৰে।৭
২০২১ চনৰ ২৮ ছেপ্টেম্বৰত ফ্ৰী ফায়াৰৰ বৰ্ধিত সংস্কৰণ ফ্ৰী ফায়াৰ মেক্স (Free Fire Max) বিশ্বব্যাপী মুকলি কৰে৷৮
মেপ
- কালাহাৰি
- পৰগেটোৰী
- বাৰমুডা
- বাৰমুডা ২.০
গেমপ্লে
এই ব্যাটাল ৰয়েল গেমটোত প্ৰায় পঞ্চাশজন খেলুৱৈ থাকে। ইয়াক খেলুৱৈসকলে তিনিপ্ৰকাৰে খেলিব পাৰে- এজন (Solo); দুজন (Duo) নাইবা চাৰিজন (Squad) কৈ।
গেমটোত প্ৰৱেশ কৰা খেলুৱৈসকলক প্ৰথমে এখন ল’বিত লৈ যোৱা হয়, য’ত তেওঁলোকে একেলগে প্ৰায় সকলো খেলুৱৈকে চাব পাৰে। ইয়াৰ পিছত খেলুৱৈসকলক এখন দ্বীপলৈ বিমানত লৈ যোৱা হয় (কেজুৱেল আৰু ৰেংক গেমত)।
বিমানত গৈ থাকোঁতে খেলুৱৈসকলে পেৰাচুটৰ সহায়ত দ্বীপত লেণ্ড কৰিবলগীয়া হয়। আৰু অস্ত্ৰ-সস্ত্ৰ ব্যৱহাৰ কৰি শত্ৰুক মাৰি জয়ী হ’ব লাগে। খেলুৱৈসকলে ইজনে-সিজনক বিচাৰি পোৱাকৈ এক নিৰ্দিষ্ট সময়ৰ অন্তত জ’ন (Zone) বৃত্তাকাৰত ক্ৰমে সৰু হৈ গৈ থাকে আৰু সেই জ’নৰ ভিতৰতে খেলুৱৈসকলে খেলিব লাগে। খেলৰ একেবাৰে শেষত থকা খেলুৱৈ বা খেলুৱৈৰ দলটোৱে Boyaah পায় অৰ্থাৎ বিজয়ী হয়।
চৰিত্ৰসমূহ
খেলখন খেলিবলৈ সহজ কৰাৰ লগতে ৰেংক আদি বঢ়াবলৈ বহুটো চৰিত্ৰ ব্যৱহাৰ কৰা হয়।৯ খেলৰ বিভিন্ন চৰিত্ৰসমূহ হ’ল ক্ৰমে-
তথ্যসূত্ৰ
- ↑ 'Free Fire' and 'Attack on Titan' collaboration: Find out about this crossover here. Republic World
- ↑ (2019). Email. Bloomsbury Academic. ISBN 978-1-5013-4190-8
- ↑ Garena's battle royale game Free Fire surpasses $1 billion of lifetime revenue
- ↑ Wasif, Ahmed. (17 December 2019). Free Fire beats PUBG Mobile to become the most downloaded mobile game of 2019. Dot Esports
- ↑ Bald, Cameron. (31 December 2019). Garena Free Fire exclusive interview: What does the future hold for 2019's most downloaded mobile game?. Pocket Gamer
- ↑ Takahashi, Dean. (18 May 2020). Free Fire sets record with 80 million daily players for free-to-play mobile battle royale. VentureBeat
- ↑ Jordan, Jon. (19 November 2019). Garena's battle royale game Free Fire surpasses $1 billion of lifetime revenue. Pocket Gamer
- ↑ (28 September 2021). Garena Free Fire Max is now available: How to download, supported platforms, features and more. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Garena Free Fire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰেনা ফ্ৰী ফায়াৰ” প্ৰবন্ধৰ সংশোধন ৫৩৮৭২০ (১৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।