অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চীনা আঠালেতীয়া ভাত

চীনা আঠালতীয়া ভাত (ইংৰাজী: Chinese sticky rice বা নুওমি ফান (চীনা: 糯米飯) হৈছে চীন আৰু টাইৱানৰ এক জনপ্ৰিয় ভাতৰ ব্যঞ্জন। ই সাধাৰণতে এবিধ বিশেষ আঠালতীয়া চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, য’ত চয়া চছ, অইষ্টাৰ চছ, পিয়াজ পাত, ধনিয়া পাত আৰু অন্যান্য উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
টাইৱানত প্ৰচলিত চীনা আঠালতীয়া ভাতৰ আন এক ৰূপ
টাইৱানত প্ৰচলিত চীনা আঠালতীয়া ভাতৰ আন এক ৰূপছবি: bryan... from Taipei, Taiwan · CC BY-SA 2.0

চীনা আঠালতীয়া ভাত (ইংৰাজী ভাষা: Chinese sticky rice বা নুওমি ফান (চীনা ভাষা: 糯米飯) হৈছে চীন আৰু টাইৱানৰ এক জনপ্ৰিয় ভাতৰ ব্যঞ্জন। ই সাধাৰণতে এবিধ বিশেষ আঠালতীয়া চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, য’ত চয়া চছ, অইষ্টাৰ চছ, পিঁয়াজ পাত, ধনিয়া পাত আৰু অন্যান্য উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি।১২৩ এই ব্যঞ্জনবিধ গুয়াংডং আৰু হংকঙত অতি সচৰাচৰ দেখা যায়।৪ কেণ্টনীজ ৰন্ধন পৰম্পৰাত আঠালতীয়া চাউলৰ মঙহাল বা পেটৰ বাবে এক উষ্ণ প্ৰভাৱ থকা বুলি বিশ্বাস কৰা হয়, যাৰ বাবে এই ব্যঞ্জন শৰৎ আৰু শীতকালত বিশেষভাৱে জনপ্ৰিয় হৈ পৰে।৫ ইয়াক প্ৰায়ে সাপৰ চুপৰ সৈতে এক নিৰ্দিষ্ট আহাৰৰ অংশ হিচাপেও পৰিৱেশন কৰা হয়।৬

প্ৰকৃত পৰম্পৰাগত পদ্ধতিৰ তেলত ভজা আঠালতীয়া ভাত প্ৰস্তুত প্ৰণালী ইটালীয়ান 'ৰিজ'ট’'ৰ সৈতে কিছু মিল আছে, কাৰণ ইয়াত নৰন্ধা কেঁচা চাউল পোনপটীয়াকৈ তেলত ভজা হয়।৭ এই ব্যঞ্জন প্ৰস্তুত কৰিবলৈ যথেষ্ট সময় আৰু শ্ৰমৰ প্ৰয়োজন। প্ৰথমতে আঠালতীয়া চাউলখিনি গোটেই ৰাতিটো পানীত তিয়াই ৰাখিব লাগে আৰু ৰন্ধাৰ আগতে অতিৰিক্ত পানীখিনি সম্পূৰ্ণৰূপে নিগৰাই ল’ব লাগে। অন্যান্য উপাদানসমূহ (যেনে: মাংস, কাঠফুলা আদি) প্ৰথমে তেলত ভাজি এফালে আঁতৰাই ৰখা হয়। ইয়াৰ পিছত চাউলখিনি এটা কেৰাহীত লাহে লাহে ভজা হয় আৰু এই প্ৰক্ৰিয়াৰ মাজতে কম পৰিমাণে লাহে লাহে পানী যোগ কৰা হয়— একেলগে বেছি পানী দিলে চাউলখিনি ভজা হোৱাৰ পৰিৱৰ্তে সিজি যাব আৰু ভাতখিনি অতিমাত্ৰা লেতুসেতু হৈ পৰিব। মসলা আৰু পূৰ্বতে ভাজি থোৱা উপাদানসমূহ কেৱল ৰন্ধন প্ৰক্ৰিয়াৰ শেষৰ ফালেহে যোগ কৰা হয়। ভাতখিনিক অতি টান বা অতি কোমল হ’বলৈ নিদি এক নিখুঁত গাঁথনি দিবলৈ যথেষ্ট মনোযোগ আৰু দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।

যিহেতু এই প্ৰকৃত পদ্ধতিটো অত্যন্ত সময়সাপেক্ষ, সেয়েহে বহুতো ৰেষ্টুৰেণ্টে খৰচ আৰু সময় বচাবৰ বাবে কেঁচা আঠালতীয়া চাউল পোনপটীয়াকৈ ভজাৰ পৰিহাৰ কৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে চাউলখিনি আগতীয়াকৈ ভাপত দি লয়। গ্ৰাহকে অৰ্ডাৰ দিলে ভাপত দিয়া সেই ভাতখিনি কেৰাহীত আন উপাদানসমূহৰ সৈতে খৰখেদাকৈ ভাজি উলিয়াই দিয়ে। এই পদ্ধতিয়ে প্ৰস্তুত কৰাৰ সময় বহুখিনি হ্ৰাস কৰে। অৱশ্যে, কেঁচা চাউলৰ পৰা পোনপটীয়াকৈ তৈয়াৰ কৰা ভাত আৰু আগতীয়াকৈ ভাপত দি তৈয়াৰ কৰা ভাতৰ বাহ্যিক ৰূপ আৰু সোৱাদৰ মাজত পাৰ্থক্য থাকে।৫

তথ্যসূত্ৰ

  1. ↑ Betty. (2015-01-08). No Mi Fan (糯米饭 ) without a steamer (Chinese Sticky Rice). Food52
  2. ↑ Che. (2001-09-01). Chinese Sticky Rice (Nuo Mi Fan). Tiny Urban Kitchen
  3. ↑ Nado2003. (7 January 2008). Chinese Sticky Rice Nuomi Fan) Recipe. Food.com
  4. ↑ 紀曉華. (11 March 2014). 合时小厨坚持香港传统粤菜美食. Nan Zao Zhi Nan. South China Morning Post
  5. ↑ (19 November 2013). 熟炒糯米饭 粒粒干爽. Apple Daily
  6. ↑ 张玉如 Cheung Yuk Yu. 蛇羹糯米飯|蛇羹暖身袪濕同吃2類食物會便秘 點解必配糯米飯?Snake Soup and Glutinous Rice | Snake Soup Warms the Body and Dispels Dampness, but Eating It with Two Types of Foods May Cause Constipation — Why Must It Be Paired with Glutinous Rice? HK01. December 16, 2020
  7. ↑ 生炒糯米饭 Stir-Fried Glutinous Rice (archived copy, stored at the Internet Archive), Easy Recipes, June 30, 2010

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা আঠালেতীয়া ভাত” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৭০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।