অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চীনা সাম্যবাদী বিপ্লৱ

চীনা সাম্যবাদী বিপ্লৱ, যাক গণপ্ৰজাতন্ত্ৰী চীনত মুক্তি যুদ্ধৰ নামেৰেও জনা যায়, চীনা সাম্যবাদী দল আৰু সভাপতি মাও চে টুঙৰ নেতৃত্বত হোৱা সংঘাট যাৰ ফলস্বৰূপে গণপ্ৰজাতন্ত্ৰী চীনৰ গঠন হ'ল ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৪৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চীনা সাম্যবাদী বিপ্লৱ, যাক গণপ্ৰজাতন্ত্ৰী চীনত মুক্তি যুদ্ধৰ নামেৰেও জনা যায়, চীনা সাম্যবাদী দল আৰু সভাপতি মাও চে টুঙৰ নেতৃত্বত হোৱা সংঘাট যাৰ ফলস্বৰূপে গণপ্ৰজাতন্ত্ৰী চীনৰ গঠন হ'ল ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে। এই বিপ্লৱৰ সূচনা ১৯৩৭ চনৰ পৰা ১৯৪৫ চনলৈ হোৱা চীন-জাপান যুদ্ধৰ পাছতেই ১৯৪৬ চনৰ পৰা হৈছিল। এই বিপ্লৱ চীনা গণ যুদ্ধৰ অংশ, যি ১৯৪৫ চনৰ পৰা ১৯৪৯ চনলৈ সংঘটিত হৈছিল।১

ঐতিহাসিক পটভূমি

চীনা সাম্যবাদী বিপ্লৱৰ হ্ৰস্ব আৰু দীৰ্ঘকালীন কাৰণৰ বিষয়ে ইতিহাসবিদৰ মাজত ঐক্যমতৰ অভাৱ। গণপ্ৰজাতন্ত্ৰী চীনত ইতিহাসবিদসকলে ১৯৪৯ চনৰ এই বিপ্লৱৰ গুড়ি চীনা সমাজত সেই সময়ত দেখা দিয়া অসমতা আৰু ঔপনিৱেশিক আগ্ৰাসন বুলি মত পোষণ কৰে। ঘৰ ভাড়াৰ উচ্চ দৰ, ধনৰ উচ্চ সূদৰ দৰ আৰু বিভিন্ন কৰে গাওঁ প্ৰধান আৰু ভূমিৰ মালিকৰ সংখ্যালঘু গোটৰ হাতত প্ৰায় সম্পত্তি তুলি ধৰিছিল। এজন পাশ্চাত্য ইতিহাসবিদৰ মতে "গাঁৱত ১০% লোকৰ হাতত দুই তৃতীয়াংশ ভূমি আছিল"।২ এই ইতিহাসবিদৰ দলে এই কথাও দাবী কৰে যে পাশ্চাত্য আৰু জাপানী ঔপনিৱেশিক হেঁচা, কানি উৎপাদনক লৈ হোৱা যুদ্ধ, অসম সন্ধি, বক্সাৰ বিদ্ৰোহ আদিয়ে চীনত জাতীয়তাবাদ, শ্ৰেণী সচেতনতা আৰু বাম্পন্থৰ বীজ সিঁচিছিল।

আভ্যন্তৰীণ অসন্তুষ্টি আৰু বিদেশী হেঁচাই চিং বংশৰ শাসনক দুৰ্বল কৰি তুলিছিল। নতুনকৈ আধুনীকৃত হোৱা সামৰিক বিষয়াসমূহৰ পৰা শ্বিনহাই বিপ্লৱৰ উদয় হ'ল। এই বিপ্লৱৰ ফলস্বৰূপে চীন দেশত দুহাজাৰ বছৰীয়া ঔপনিৱেশিক শাসনৰ অন্ত পৰিল আৰু চীন গণৰাজ্যৰ গঠন হ'ল।৩ প্ৰথম বিশ্ব যুদ্ধৰ সময়তে ৰাছিয়াত বলছেভিক বিপ্লৱৰ মাধ্যমেৰে সাম্যবাদী দল ক্ষমতালৈ আহিছিল। এই কথাকেই অনুসৰণ কৰি চৰমপন্থী চীনা বুদ্ধিজীৱী কিছুমানে চীনা সাম্যবাদী দল গঠন কৰিলে। তাৰ সমকক্ষভাৱে, চান য়াৎ-চেনে চীনা জাতীয়তাবাদী দল গঠন কৰিলে।৪

ফঁৰাচী ইতিহাসবিদ লুচিয়েন বিয়ানক'ই উপৰ্যুক্তি চীনা ইতিহাসবিদৰ যুক্তিক প্ৰশ্ন কৰে। তেওঁৰ মতে, ঔপনিৱেশিকতাবাদ আৰু সামন্তবাদে সম্পূৰ্ণকৈ চীনা সাম্যবাদী বিপ্লৱৰ কাৰণক বুজাব নোৱাৰে। তেওঁ যুক্তি দাঙি ধৰে, যে ১৯৩৭ চনত ঔপনিৱেশিক জাপানে চীন আক্ৰমণ কৰা পূৰ্বে চীনা সাম্যবাদী দলৰ বিশেষ জনপ্ৰয়তা বা সাফল্য নাছিলেই। জাপানৰ সৈতে যুদ্ধৰ পূৰ্বে চীনৰ কৃষক বিপ্লৱৰ বাবে সাজু নাছিল। সেয়ে অৰ্থনৈতিক কাৰণ মুখ্য কাৰণ নাছিল, বিয়ানক'ৰ মতে। জাতীয়তাবাদহে গুৰুত্বপূৰ্ণ।

চীনা সাম্যবাদী দলৰ গঠন

১৯২১ চনত চীনা সাম্যবাদী দলৱ গঠন হৈছিল। চাৰি মে'ৰ আন্দোলনত এই কাৰ্য সম্পন্ন কৰা হৈছিল। মাও চে টুঙে এই ঘটনাক চীনত সাম্যবাদৰ জন্ম আখ্যা দিছিল। এই জাপান বিৰোধী দেশপ্ৰেমী আন্দোলনৰ ফলস্বৰূপে বুদ্ধিজীৱী আৰু ছাত্ৰ-ছাত্ৰী অনুপ্ৰাণিত হ'ল। তদুপৰি, এই আন্দলনৰ ফলতেই চীনা সাম্যবাদী দল আৰু তেতিয়ালৈ ইতিমধ্যে অস্তিত্বত থকা চীনা জাতীয়তাবাদী দল প্ৰথমে বন্ধু, আৰু পাছলৈ পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰিল।৫

প্ৰথমে 'প্ৰথম ঐক্যবদ্ধ মঞ্চ'ৰ লেহেমীয়া বিকাশ হ'ল, যি চীনা জাতীয়তাবাদী দল বা কুৱ'মিণ্টাঙৰ সৈতে এক বন্ধুত্ব আছিল। ১৯২৭ চনত চীনা জাতীয়তাবাদী দলৰ নেতা আছিল চিয়াং কাই-শ্বেক। তেওঁৰ নেতৃত্বত চীনা সাম্যবাদী দলৰ সদস্যসমূহ আক্ৰমণৰ সন্মুখীন হ'বলগীয়ে হ'ল।৬ ১৯২৭ চনৰ পাছত সাম্যবাদীসকল গ্ৰাম্য অঞ্চললৈ পলাই গ'ল। তেওঁলোকে স্থানীয়ভাৱে সংগঠন কৰিলে, আৰু জিয়াংশ্বি ছ'ভিয়েটৰ দৰে অনুষ্ঠান সৃষ্টি কৰিলে। এই ছ'ভিয়েট তেওঁলোকে নিজৰ দখলতেই ৰাখিছিল, তেতিয়ালৈকে যেতিয়া জাতীয়তাবাদীসকলৰ হেঁচাত 'লং মাৰ্চ' কৰিবলৈ সাম্যবাদীসকল বাধ্য নহ'ল। জাপানৰ চীন আক্ৰমণ আৰু দখলৰ সময়ত সাম্যবাদীসকলে জাপান অধিকৃত অঞ্চলসমূহত অনেক গুপ্ত ঠিকনাৰ নিৰ্মাণ কৰিলে আৰু তাকেই নিজৰ মুখ্যালয় হিচাপে ব্যৱহাৰ কৰিলে।৭

চীনা গণ যুদ্ধ

শীঘ্ৰে জাতীয়তাবাদী আৰু সাম্যবাদীসকলৰ মাজত গণ যুদ্ধ আৰম্ভি কৰিলে। ছ'ভিয়েট সংঘই পৰোক্ষভাৱে সাম্যবাদী দলৰ সহায় কৰিছিল, আৰু আমেৰিকা যুক্তৰাষ্টই জাতীয়তাবাদী দলৰ। উত্তৰ আৰু উত্তৰ-পশ্চিম চীনত সাম্যবাদীসকলৰ দখল আছিল। চিয়াং কাই-শ্বেকে মাঞ্চুৰিয়া অঞ্চল দখল কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবেই লিয়াওশ্বিৰ যুদ্ধ হৈছিল। য'দিও জাতীয়তাবাদী সেনাৰ প্ৰশিক্ষণ ভাল আছিল,৮৯১০ যুদ্ধৰ অন্তত সাম্যবাদীসকলে এক নিৰ্ণায়ক জয় লাভ কৰিলে।

ফল

১৯৪৯ চনত ১ অক্টোবৰ তাৰিখে মাও চে টুঙে টিয়ানানমেন স্কুৱেৰত গণপ্ৰজাতন্ত্ৰী চীনৰ গঠনৰ ঘোষণা কৰিলে। জাতীয়তাবাদী নেতাসকল টাইৱান দ্বীপলৈ পলাবলৈ বাধ্য হ'ল। বৰ্তমানেও গণপ্ৰজাতন্ত্ৰী চীনে টাইৱানক নিজৰ বুলি দাবী কৰে, আৰু চীন গণৰাজ্যই চীনৰ মূলভূমিক নিজৰ বুলি দাবী কৰে।১১

তথ্যসূত্ৰ

  1. ↑ “Chinese Civil War of 1945–49”, Dictionary of Wars (2007), Third Edition, George Childs Cohn, Ed., pp. 121–122
  2. ↑ Roberts, John Peter. (2016-01-21). China: From Permanent Revolution to Counter-Revolution. Wellred. ISBN 9781900007634
  3. ↑ Li, Xiaobing. [2007] (2007). A History of the Modern Chinese Army. University Press of Kentucky., . pp. 13, 26–27
  4. ↑ Dirlik, Arif. (1989). The Origins of Chinese Communism. Oxford University Press. ISBN 9780195054545
  5. ↑ Wasserstrom, Jeffrey. Chinese Students and Anti-Japanese Protests, Past and Present. World Policy Journal - Summer 2005
  6. ↑ Hunt, Michael H. (2015). The World Transformed 1945 to the present. Oxford University Press. পৃ. 113. ISBN 978-0-19-937102-0
  7. ↑ Patrick Fuliang Shan, “Local Revolution, Grassroots Mobilization and Wartime Power Shift to the Rise of Communism,” in Xiaobing Li (ed.), Evolution of Power: China’s Struggle, Survival, and Success, Lexington and Rowman & Littlefield, 2013, pp. 3–25
  8. ↑ zh:《中华民国国民政府军政职官人物志》. পৃ. 374
  9. ↑ zh:《国民革命与统一建设:20世纪初孙中山及国共人物的奋斗》. পৃ. 12
  10. ↑ zh:《国民革命与黃埔军校:纪念黃埔军校建校80周年学術论文集》. পৃ. 450
  11. ↑ Army Department Teletype conference, ca. June 1950. Harry S. Truman Library and Museum. US Department of Defense

সম্পৰ্কিত শ্ৰেণী

বিপ্লৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা সাম্যবাদী বিপ্লৱ” প্ৰবন্ধৰ সংশোধন ৬৩১৫০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।