চেংগোল (செங்கோல், ৰোমানীকৃত: ceṅkōl) হৈছে ২০২৩ চনত ভাৰতৰ নতুন সংসদ ভৱনত স্থাপন কৰা সোণেৰে আবৃত ৰূপৰ ৰাজদণ্ড।১২ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ হাতত স্বাধীনতাৰ প্ৰাকক্ষণত ১৯৪৭ চনৰ ১৪ আগষ্টত শ্ৰী অম্বলাৱন দেশীগৰৰ দুগৰাকী পৱিত্ৰ ব্যক্তিয়ে ক্ষমতা আৰু গুণৰ প্ৰতীক হিচাপে চেংগোলক গতাই দিছিল।৩ চেংগোল ব্ৰিটিছ ৰাজৰ পৰা মুক্তি আৰু স্বাধীন ভাৰতৰ ক্ষমতাৰ হস্তান্তৰৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছিল। যদিও তামিল ভাষাত চেংগোল মানে ৰাজদণ্ড৪, ভাৰত চৰকাৰে ২০২৩ চনৰ নতুন সংসদ ভৱনত ৰাজদণ্ড স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এই শব্দটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্ৰচাৰ লাভ কৰে।৫ ২০২৩ চনৰ ২৮ মে’ তাৰিখে নৱনিৰ্মিত নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষৰ আসনৰ ওচৰত চেংগোল স্থাপন কৰে।৬
ব্যুৎপত্তি
চেংগোল শব্দটো তামিল শব্দ 'চেম্মাই' আৰু 'কল'ৰ সংমিশ্ৰণত সৃষ্টি হৈছে।৭ 'চেম্মাই'ৰ অৰ্থ হৈছে 'ধাৰ্মিকতা' বা 'সমৃদ্ধি' আৰু 'কল'ৰ অৰ্থ হৈছে 'দণ্ড'।৮ কথিত ভাষাত ভাৰতত ইয়াক প্ৰাচীন কালৰে পৰা বিভিন্ন নামেৰে যেনে ৰাজদণ্ড, ধৰ্মদণ্ড ইত্যাদিৰে উল্লেখ কৰা হৈছিল।
ঐতিহাসিক পটভূমি
চোল ৰাজবংশৰ পৰম্পৰা অনুসৰি তামিল ভাষাত চেংগোল নামৰ এটা ৰাজদণ্ড তেওঁলোকৰ ৰাজ অভিষেকৰ সময়ত ৰাজপৰিয়ালৰ নতুন ৰজাৰ হাতত গতাই দিয়া হৈছিল।৯ তামিল পৰম্পৰাত চেংগোলে চোল ৰজাসকলৰ বাবে ধাৰ্মিকতাৰ ধাৰণাক প্ৰতিনিধিত্ব কৰিছিল। তামিল ভাষাৰ প্ৰাচীন মহাকাব্য চিলাপতিকাৰমকে ধৰি তামিল সাহিত্যত চেংগোলৰ লগত চোল ৰাজবংশৰ লগত সম্পৰ্কৰ বিষয়ে উল্লেখ পোৱা গৈছে।১০
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। ক্ষমতা হস্তান্তৰৰ পূৰ্বে লৰ্ড মাউণ্টবেটেনে নেহৰুক প্ৰশ্ন কৰিছিল যে ভাৰতে স্বাধীনতা লাভ কৰিলে ক্ষমতা হস্তান্তৰৰ প্ৰতীক কি হোৱা উচিত। নেহৰুৱে এই বিষয়ে ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ পৰামৰ্শ বিচাৰে। ৰাজগোপালাচাৰী তামিল পৰিয়ালৰ হোৱাৰ বাবে তেওঁ নেহৰুক তামিলনাডুৰ ৰাজপৰিয়ালৰ পৰম্পৰাৰ বিষয়ে কয়। পৰম্পৰা অনুসৰি ৰাজ অভিষেকৰ অনুষ্ঠানত এডাল ৰাজদণ্ড ৰাজ পৰিয়ালৰ নতুন ৰজাৰ হাতত গতাই দিয়া হয়। এই প্ৰথা চোল ৰজাৰ শাসনকালৰ পৰাই আৰম্ভ হৈছিল।১১ ৰাজগোপালাচাৰীয়ে নেহৰুক ব্ৰিটিছৰ শাসনৰ হস্তান্তৰৰ প্ৰতীক হিচাপে মাউণ্টবেটেনৰ পৰা ৰাজদণ্ড ল'বলৈ পৰামৰ্শ দিয়ে। ৰাজগোপালাচাৰীয়ে দায়িত্ব লৈ তামিলনাডুৰ তিৰুৱদুথুৰাই আধীনম মঠৰ কাষ চাপি ৰাজদণ্ড তৈয়াৰ কৰাৰ নিৰ্দেশ দিয়ে। তেতিয়াৰ মঠৰ মুৰব্বীয়ে সেই সময়ৰ মাদ্ৰাজৰ গহনা বিক্ৰেতা ৱুম্মিডি বাংগাৰু চেট্টীক সোণৰ চেংগোল নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে। স্বাধীনতা দিৱসৰ চৰকাৰী অনুষ্ঠানৰ পূৰ্বে জৱাহৰলাল নেহৰুক ব্ৰিটিছ ৰাজৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে শ্ৰী অম্বলাৱন দেশীগাৰৰ দূতসকলে চেংগোল উপহাৰ দিছিল।১২
১৯৪৭ চনত টাইম আলোচনীয়ে এইদৰে লিখিছিল:
"দক্ষিণ ভাৰতৰ তাঞ্জোৰৰ পৰা হিন্দু তপস্বীসকলৰ সন্ন্যাসী শ্ৰেণীৰ মুৰব্বী শ্ৰী অম্বলাৱন দেশীগৰৰ দুজন দূত আহিছিল। শ্ৰী অম্বলাৱনে ভাবিছিল যে প্ৰকৃততে ভাৰতীয় চৰকাৰৰ প্ৰথম ভাৰতীয় মুৰব্বী হিচাপে নেহৰুৱে প্ৰাচীন ভাৰতীয় ৰজাসকলৰ দৰে পবিত্ৰ লোকৰ পৰা ক্ষমতা আৰু কৰ্তৃত্বৰ প্ৰতীক হিচাপে ৰাজদণ্ড লাভ কৰা উচিত... এজন সংন্যাসীয়ে পাঁচ ফুট দীঘল আৰু দুই ইঞ্চি ব্যাসৰ সোণৰ ৰাজদণ্ড দিল্লীলৈ আনি তাঞ্জোৰৰ পৰা অনা পৱিত্ৰ পানী ছটিয়াই নেহৰুৰ কপালৰ ওপৰেৰে পৱিত্ৰ ভস্মৰ তিলক অংকন কৰিলে। তাৰ পাছত নেহৰুক তেওঁ নেহৰুক পীতাম্বৰত মেৰিয়াই সোণৰ ৰাজদণ্ডটো প্ৰদান কৰিলে"১২
শেহতীয়াকৈ চৰ্চালৈ অহাৰ পূৰ্বে চেংগোলডাল এলাহাবাদৰ এটা সংগ্ৰহালয়ত সংৰক্ষিত আছিল। ইয়াক ‘পণ্ডিত জৱাহৰলাল নেহৰুক উপহাৰ দিয়া সোণালী খোজকাঢ়ি যোৱা লাঠি’ বুলি উল্লেখ কৰা আছিল।১৩
১৯৪৭ চনত নেহৰুৰ হাতত চেংগোল গতাই দিয়া অনুষ্ঠান বহুলভাৱে চৰ্চিত নাছিল। শেহতীয়াকৈ ২০২৩ চনত ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত ই বিশেষভাবে চৰ্চালৈ আহে। সংসদ ভৱনৰ উদ্বোধনৰ সময়ত চেংগোল সম্পৰ্কীয় ভাৰত চৰকাৰৰ শেহতীয়া নতুন ব্যাখ্যা বহুতো আগশাৰীৰ বাতৰি কাকত আৰু গণমাধ্যমত প্ৰকাশিত হয়। এই নতুন ব্যাখ্যাক বহু পৰ্যবেক্ষকে ঐতিহাসিক ভিত্তি নাই বুলি সমালোচনা কৰিছে।১৪১৫১৬
চেংগোলৰ বাবে এটা নিৰ্দিষ্ট চৰকাৰী ৱেবছাইটত কোৱা হৈছে:
"এয়াই হৈছে সেই সংজ্ঞায়িত অনুষ্ঠান যিয়ে প্ৰকৃততে ব্ৰিটিছৰ পৰা ভাৰতীয় হাতলৈ ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰতীক স্বৰূপ। পবিত্ৰ চেংগোল ধৰ্মদণ্ড হিচাপে বিশেষকৈ নিয়োজিত ধৰ্মীয় পুৰোহিতে প্ৰথমে লৰ্ড মাউণ্টবেটেনক দিছিল। ধৰ্মীয় পুৰোহিতসকলক বিশেষভাৱে তামিলনাডুৰ পৰা উৰাজাহাজেৰে দিল্লীলৈ অনা হৈছিল। তাৰ পিছত তেওঁলোকে ইয়াক শোভাযাত্ৰা কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ ওচৰলৈ লৈ যায় আৰু তেওঁৰ হাতত তুলি দিয়ে নেহৰুৱে মহাপুৰোহিতসকলে পবিত্ৰ কৰা চেংগোলক গ্ৰহণ কৰিছিল। পৱিত্ৰ অনুষ্ঠানত তেওঁলোকে কুপ্ৰভাৱ লাঘৱ কৰিবলৈ সপ্তম শতিকাৰ তামিল সন্ত থিৰুগনাসম্বন্দৰৰ চিত্ৰনাট্যৰে নিৰ্মিত "কোলাৰু পধিগম" নামৰ পবিত্ৰ গীতটো গাইছিল।"
সংসদ ভৱনত স্থাপন
য়ে লোকসভাত চেংগোলক স্থাপন কৰা মুহূৰ্ত, কাষত লোকসভাৰ অধ্যক্ষ ঔম বিৰলা]]
জৱাহৰলাল নেহৰুক দিয়াৰ পিছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এলাহাবাদ সংগ্ৰহালয়ত চেংগোলডাল ৰখা হৈছিল।১৭ ২০২২ চনৰ ৪ নৱেম্বৰত ইয়াক দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হয়। ২০২৩ চনৰ ২৮ মে' তাৰিখে ইয়াক নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হয়।১৮৯ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল পৰম্পৰা অনুসৰণ কৰি নতুন সংসদ ভৱনত লোকসভাৰ অধ্যক্ষৰ অধ্যক্ষৰ আসনৰ ওচৰত চেংগোল স্থাপন কৰে।১৯২০
উদ্বোধনী অনুষ্ঠানত চেংগোল স্থাপনৰ পূৰ্বে হিন্দুধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ লগতে পৰৱৰ্তী সময়ত সনাতন ধৰ্ম, বজ্ৰায়ান বৌদ্ধ, মহাযান বৌদ্ধ, জৈন ধৰ্ম, শিখ ধৰ্ম, ইহুদী, খ্ৰীষ্টধৰ্ম, ইছলাম, বাহাই ধৰ্ম আৰু জুৰাষ্ট্ৰিয়ান ধৰ্মৰ ধৰ্মগুৰু সকলৰ নেতৃত্বত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।২১২২২৩
বৈশিষ্ট্য আৰু ৰূপাঙ্কণ
চেংগোল সোণেৰে আবৃত এডাল ৰাজদণ্ড। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ ফুট (১.৫ মিটাৰ) আৰু ইয়াৰ ব্যাস ২ ইঞ্চি (৫ চে.মি.) আৰু ইয়াৰ আধাৰ ৰূপৰ দ্বাৰা নিৰ্মিত।২৪ চেংগোল তৈয়াৰ কৰিবলৈ মুঠ ৮০০ গ্ৰাম (১.৮ পাউণ্ড) সোণ ব্যৱহাৰ কৰা হৈছিল।২৫ ইয়াত জটিল ডিজাইনেৰে সজাই তোলা হৈছে আৰু ওপৰত নন্দী খোদিত কৰা হৈছে। নন্দী হিন্দু দেৱতা শিৱৰ বাহন আৰু হিন্দু ধৰ্মৰ এক পবিত্ৰ প্ৰাণী। ইয়াক ধৰ্মৰ প্ৰতীক হিচাপে ৰূপায়িত কৰা হৈছে। পুৰাণত নন্দীৰ বিশেষ উল্লেখ পোৱা যায় আৰু ইয়াক পৱিত্ৰ বলধ হিচাপে চিত্ৰায়ণ কৰা হয়।২৬২৭ নতুন দিল্লীত নতুন সংসদ ভৱন মুকলিৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে চেংগোলৰ শিল্পকলা নিৰ্মাণ কৰা অলংকাৰ নিৰ্মাণৰ লগত জড়িত ৱুম্মিডি বাংগাৰুৰ সোণাৰি পৰিয়ালক সম্বৰ্ধনা জনায়।২৮
বিতৰ্ক
কিছুমান ৰাজনৈতিক বিশ্লেষকে লক্ষ্য কৰিছে যে চেংগোল হৈছে ৰাজতন্ত্ৰৰ বাবে উপযুক্ত ঐশ্বৰিক শক্তিৰ প্ৰতীক; কিন্তু ই গণতন্ত্ৰৰ সংসদত অন্তৰ্ভুক্ত কৰা উচিত নহয়। কাৰণ সংসদৰ ক্ষমতা জনসাধাৰণৰ পৰা আহে।২৯ ইয়াৰ উপৰিও আন কিছুমানৰ মতে চেংগোল হৈছে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা হিন্দুত্ববাদী প্ৰতীকবাদক বৈধতা প্ৰদানৰ প্ৰয়াস।৩০
নিউয়ৰ্ক টাইমছৰ মতে, নতুন ভাৰতীয় সংসদৰ উদ্বোধনীৰ সময়ত এই স্থাপন কৰা ৰাজদণ্ডডালে নতুন সংসদৰ অৰ্থক সামৰি লোৱা এটা মূল বস্তু হিচাপে আত্মপ্ৰকাশ কৰিছে। কাকতখনৰ মতে "ই কেৱল ভাৰতৰ ঔপনিৱেশিক অতীতৰ অৱশিষ্টখিনি আঁতৰাই দিয়াই নহয়, ক্ৰমান্বয়ে সেই ধৰ্মনিৰপেক্ষ শাসন ব্যৱস্থাৰ ঠাই ল'বলৈও অনুসৰণ কৰিলে।" ৩১
তথ্যসূত্ৰ
- ↑ (2023-05-24). Inspired by the Cholas, handed over to Nehru: historic 'Sengol' to be installed in new Parliament building. The Hindu
- ↑ (2023-05-26). Vummidi Sudhakar: How 'Sengol' was crafted?. www.hamaribaat.com
- ↑ (1947-08-25). INDIA: Oh Lovely Dawn. Time
- ↑ (2016-08-24). செங்கோல். தமிழ் விக்சனரி
- ↑ (2023-05-24). 'Sengol' to be installed in the new parliament: Significance of the sceptre, first given to Nehru. The Indian Express
- ↑ (28 May 2023). Historic 'Sengol' installed in new Parliament building by PM Modi
- ↑ (2022-04-20). செம்மை. தமிழ் விக்சனரி
- ↑ (2017-04-25). கோல். தமிழ் விக்சனரி
- ↑ Poulomi Saha. (24 May 2023). Sacred ritual steeped in Tamil culture: How PM Modi will install Sengol in new Parliament building. www.indiatoday.in. India Today
- ↑ {{Cite news |date=2023-05-28 |title=Sengol | A symbol of virtue |language=en-IN |work=The Hindu |url=https://www.thehindu.com/news/national/sengol-a-symbol-of-virtue/article66901846.ece |access-date=2023-05-28
- ↑ (24 May 2023). Inspired by the Cholas, handed over to Nehru: historic ‘Sengol’ to be installed in new Parliament building. www.thehindu.com. The Hindu
- ↑ (25 August 1947). INDIA: Oh Lovely Dawn. Time
- ↑ Chingkheinganbi Mayengbam. (25 May 2023). The Sengol saga: Lost as Nehru's 'golden walking stick', how the historic sceptre was rediscovered. India Today
- ↑ Explained: Why is all of India talking about a blessed 'gold baton'?. The Times of India
- ↑ The Many Holes in the Union Government's Claims Around the Sengol. The Wire
- ↑ सेंगोल क्या है जिसे पीएम मोदी ने नए संसद भवन में स्थापित किया है. BBC News हिंदी
- ↑ (29 May 2023). Fact-Check: The Sengol Was Never Labelled 'Walking Stick', Nor Kept in Anand Bhawan. The Wire
- ↑ (28 May 2023). Historic 'Sengol' installed in new Parliament building by PM Modi
- ↑ Lingamgunta Nirmitha Rao. (24 May 2023). 'Sengol' (sceptre) to be installed by PM Modi in new Parliament on May 28: All you need to know. www.hindustantimes.com. Hindustan Times
- ↑ (24 May 2023). At the inauguration of the new Parliament House, PM Modi will establish the historical and sacred "Sengol" in the Parliament House.. pib.gov.in. PIB Delhi
- ↑ www.businessinsider.in/india/news/new-parliament link|date=March 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ (10 December 2020). 'Historic Day': PM Modi After Laying Foundation of New Parliament. TheQuint
- ↑ Religious leaders perform 'Sarva Dharma Prarthana' at foundation stone laying ceremony of new Parliament building. ANI News
- ↑ New Parliament: What Is The Significance Of Sengol In Rs 20,000 Crore-Worth Central Vista Project?
- ↑ (2023-05-25). Jeweller had charged Centre Rs 15,000 in 1947. The Times of India
- ↑ (2023-05-24). New Parliament building opening · How a letter to PMO set off a search for the Sengol. The Hindu
- ↑ அகஸ்டஸ். (2023-05-25). நாடாளுமன்றத்தில் செங்கோல்; இதற்கும் சோழர்களுக்கும் என்ன தொடர்பு? - தரவுகளுடன் விரிவான அலசல். www.vikatan.com
- ↑ (2023-05-29). Vummidi Bangaru Chetty family that made Sengol in 1947 felicitated at PM Modi’s residence. The Hindu
- ↑ (2023-05-28). The Sengol Is a Symbol of 'Divine Right' to Power. The Wire
- ↑ (2023-05-28). New Parliament building seeks to legitimise Hindutva victory over India's multicultural past. Scroll
- ↑ Modi Opens India's New Parliament Building as Opposition Boycotts. New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেংগোল” প্ৰবন্ধৰ সংশোধন ৬৩৭১০২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।