অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চিত্ৰা নাৰায়ণন

চিত্ৰা নাৰায়ণন:Chitra Narayanan; ভাৰতৰ এগৰাকী কূটনীতিবিদ। তেওঁ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু ছখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চিত্ৰা নাৰায়ণন:Chitra Narayanan; ভাৰতৰ এগৰাকী কূটনীতিবিদ।১ তেওঁ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু ছখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

কেৰিয়াৰ

চিত্ৰাই ভাৰতীয় প্ৰেছ ইনষ্টিটিউটত সাংবাদিক হিচাপে প্ৰথমে নিজৰ প্ৰগতিশীল জীৱন আৰম্ভ কৰিছিল। ৩ তেওঁ ভাৰতৰ প্ৰথমখন ইংৰাজী ভাষী আলোচনী দ্য বুক ৰিভিউৰ, যিথন কিতাপ পৰ্যালোচনাৰ ওপৰত কেন্দ্ৰীভূত আছিল, তাৰ প্ৰতিষ্ঠাপক-সম্পাদিকা আৰু সহ-প্ৰকাশিকা আছিল। ২ ১৯৭৮ চনত ২৬ বছৰ বয়সত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ২ ১৯৮৮চনৰ পৰা–৯১ চনলৈকে তেওঁ বৈদেশিক সেৱা প্ৰতিষ্ঠানৰ উপ-সঞ্চালিক আছিল। ৩তেওঁ ১৯৯৫ চনৰ পৰা ২০০০ চনলৈকে সময়ছোৱাত, নতুন দিল্লীৰ নেহৰু মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ ইনষ্টিটিউট অৱ কন্টেম্পৰেৰী ষ্টাডিজত ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ছুইডেন আৰু লাটভিয়া (২০০১–২০০৫), তুৰস্ক (২০০৫–২০০৮), ছুইজাৰলেণ্ড আৰু লিচেনষ্টাইন (২০০৮–২০১৩) আৰু হলি ছি (ভেটিকান)ত (২০০৯–২০১৩)ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৪ তেওঁ জেনেভা চেণ্টাৰ অৱ ছিকিউৰিটি পলিচিৰ সহযোগী ফেলো আৰু সৃষ্টিশীল কূটনীতিৰ কাৰ্যবাহী পাঠ্যক্ৰমৰ পাঠ্যক্ৰম সঞ্চালিকা আছিল। য'ত তেওঁ সৃষ্টিশীল নেতৃত্ব আৰু আজিৰ প্ৰত্যাহ্বানৰ সৈতে প্ৰাসংগিক সিদ্ধান্ত গ্ৰহণৰ দক্ষতা শিকোৱাৰ নেতৃত্ব দিছিল। ৪

ব্যক্তিগত জীৱন

চিত্ৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন আৰু উষা নাৰায়ণনৰ কন্যা। যিহেতু তেওঁৰ পিতৃ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আছিল আৰু সেই কাৰণে পিতৃৰ চাকৰিৰ সূত্ৰে চিত্ৰাই অষ্ট্ৰেলিয়া, লণ্ডন, হিমালয়ৰ এখন বৰ্ডিং স্কুল আৰু নতুন দিল্লীকে ধৰি পৃথিৱীৰ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল। তেওঁ এক বছৰৰ অধিক সময় হ্যানয় (ভিয়েটনাম) ত ঘৰতে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, য’ত তেওঁ চীনৰ ৰাজনীতি (Chinese Politics) ৰ ওপৰত বিশেষীকৰণ কৰিছিল। তেওঁৰ এগৰাকী কন্যা চন্দ্ৰিকা ডাবলিনত বাস কৰা লেখিকা আৰু কলা পৰিচালিকা। তেওঁৰ এগৰাকী ভগ্নী অমৃতা জাৰ্মানীৰ বন (Bonn) চহৰত বাস কৰে।২

তথ্যসূত্ৰ

  1. ↑ Embassy of India, Sweden & Latvia: Heads of Mission of India in Sweden. indembassysweden.gov.in
  2. ↑ (15 January 2020). Chitra Narayanan: ELYSIAN Magazine
  3. ↑ Amb. Chitra Narayanan: GCSP. gcsp.ch
  4. ↑ Chitra Narayanan. Global Female Leaders summit

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰা নাৰায়ণন” প্ৰবন্ধৰ সংশোধন ৪৯১১৬২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।