চিলাই বেজী (Sewing needle) হৈছে হাতেৰে চিলাই কৰাৰ বাবে ব্যৱহাৰ কৰা এটা দীঘল চিকুণ সঁজুলি, যাৰ এটা মূৰত জোঙা আগ আৰু চিলাইৰ সূতা ধৰি ৰাখিবলৈ গুৰিৰ ফালে ফুটা (বা চকু) থাকে। আদিম যুগত বেজীবোৰ হাড় বা কাঠৰ পৰা তৈয়াৰ কৰা হৈছিল; আধুনিক বেজী উচ্চ কাৰ্বন, ষ্টীলৰ তাঁৰৰ পৰা তৈয়াৰ কৰা হয় আৰু জাৰণ প্ৰতিৰোধৰ বাবে নিকেল- বা 18K সোণ-প্লেটেড কৰা হয়। উচ্চমানৰ এম্ব্ৰয়ডাৰী বেজীত দুই তৃতীয়াংশ প্লেটিনাম আৰু এক তৃতীয়াংশ টাইটানিয়াম মিশ্ৰণ প্লেট কৰা হয়। পৰম্পৰাগতভাৱে বেজীবোৰ বেজীৰ মোনা বা বেজীৰ আৱৰণত ৰখা হয় যিবোৰ আলংকাৰিক বস্তু হৈ পৰিছে।১ চিলাইৰ বেজী এটা étui, অৰ্থাৎ এটা সৰু বাকচত ৰাখিব পাৰি, য'ত বেজী আৰু অন্যান্য বস্তু যেনে কেঁচি, পেঞ্চিল আৰু চিমটি আদি ৰখা হয়।২
হাতেৰে চিলাই কৰা বেজীৰ প্ৰকাৰ
হাতেৰে চিলাই কৰা বেজীবোৰ বিভিন্ন ধৰণৰ/শ্ৰেণীৰ হয়, যিবোৰ ইয়াৰ ব্যৱহাৰৰ উদ্দেশ্য অনুসৰি ডিজাইন কৰা হয় আৰু প্ৰতিটো প্ৰকাৰৰ বেজী বিভিন্ন আকাৰৰ হয়।৩
- চোকা বেজী: এই প্ৰকাৰ বেজী সাধাৰণ হাতৰ চিলাইৰ বাবে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ আগ চোকা, ঘূৰণীয়াকৈ নিৰ্মিত চকু আৰু মধ্যমীয়া দৈৰ্ঘ্যৰ। দুটা চকু থকা বেজীবোৰে কাপোৰত ঘৰ্ষণ কম কৰাৰ লগতে দুডাল সূতাৰ কঢ়িয়াই নিব পাৰে।
- এপ্লিকে: এইবোৰক চিলাই, এপ্লিকে, পেচৱৰ্কৰ বাবে আন এটা সৰ্ব-ব্যৱহাৰৰ বেজী বুলি গণ্য কৰা হয়।
- এম্ব্ৰয়ডাৰী: ক্ৰিউৱেল বেজী বুলিও কোৱা হয়; আগ চোকা কিন্তু দীঘল চকু থাকে, যাতে একাধিক এম্ব্ৰয়ডাৰী সূতা আৰু ডাঠ সূতা সহজে সুমুৱাই চিলাই কৰিব পৰা যায়।
- বিটউইন বা কুইল্টিং: এই বেজীবোৰ চোকা বেজীতকৈ চুটি, চকু এটা সৰু আৰু ঘূৰণীয়া আৰু গধুৰ কাপোৰত যেনে টেইলাৰিং, কুইল্ট বনোৱা আৰু অন্যান্য বিশদ হাতৰ কামত মিহি চিলাই তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়; মন কৰিব যে কিছুমান প্ৰস্তুতকাৰীয়েও কুইল্টিং বেজী আৰু বিটউইন কুইল্টিঙৰ মাজত পাৰ্থক্য সৃষ্টি কৰে, পিছৰটো প্ৰথমটোতকৈ অলপ চুটি আৰু সংকীৰ্ণ।
- মিলিনাৰ: সাধাৰণতে চোকা বেজীতকৈ দীঘল বেজীৰ এটা শ্ৰেণী, বেষ্টিং আৰু প্লিটিঙৰ বাবে উপযোগী৷ সাধাৰণতে মিলিনাৰীৰ কামত ব্যৱহাৰ কৰা হয়।
- সহজ বা স্ব-সূতা: কেলিক্স-চকুৰ চোকা, কাষৰ সূতা,৪ আৰু সৰ্পিল চকু বুলিও কোৱা হয়,৫ এই বেজীবোৰৰ এটা মুকলি স্লট থাকে য'ত সাধাৰণ বন্ধ চকুৰ ডিজাইনৰ পৰিৱৰ্তে এটা সূতা সহজে গাইড কৰিব পাৰি।
- বিডিং: এই বেজীবোৰ অতি মিহি, চকু এটা সংকীৰ্ণ যাতে ইহঁতক বিড আৰু চেকুইনৰ মাজৰ মাজেৰে সোমাব পৰা যায় আৰু লগতে এটা দীঘল দণ্ড থাকে যাতে লগোৱা সূতাৰে একেলগে কেইবাটাও গুটি ধৰিব পৰা যায়।
- টেটিং: এইবোৰ চকুৰ ফালকে ধৰি সমগ্ৰ দৈৰ্ঘ্যৰ বাবে সম ঘনত্বৰে দীঘলীয়াকৈ নিৰ্মাণ কৰা হয়, যাতে টেটিংত ব্যৱহাৰ কৰা দুটা চিলাইৰ মাজেৰে সূতা টানিব পৰা যায়।
- পাল চিলোৱা: চামৰাৰ বেজীৰ দৰেই, কিন্তু ত্ৰিকোণীয় বিন্দুটো গাটোৰ ওপৰলৈ আৰু অধিক বিস্তৃত; ডাঠ কেনভাছ বা গধুৰ চামৰা চিলাইৰ বাবে প্ৰস্তুত কৰা হৈছে।
ইতিহাস

প্ৰাণীৰ ছাল একেলগে বান্ধি ল’বলৈ চিলাইৰ প্ৰথম ৰূপ আছিল সম্ভৱতঃ হাড়ৰ টুকুৰাক বেজী হিচাপে ব্যৱহাৰ কৰি,৬ জন্তুৰ নাড়ী বা উদ্ভিদৰ আঁহ সূতা হিচাপে ব্যৱহাৰ কৰা।৭ আৰম্ভণিৰ অসুবিধাটো আছিল বেজীৰ মুৰত যথেষ্ট সৰু ফুটা এটা সৃষ্টি কৰিব পৰা ক্ষমতা, অৰ্থাৎ হাড়ৰ টুকুৰাত ফুটা কৰিলে যাতে সামগ্ৰীটোৰ ক্ষতি নহয়। এই ব্যৱস্থাটোত আছিল লেখ-জোখ কৰি সূতা কাটি থোৱা আৰু পৃথক কৰি কাপোৰত ফুটা কৰিবলৈ আল ব্যৱহাৰ কৰা৷ ৬১,০০০ বছৰ আগতে দক্ষিণ আফ্ৰিকাৰ চিবুডু গুহাত আৱিষ্কাৰ কৰা এটা হাড়ৰ বেজীৰ পৰা এই অনুমান কৰা হৈছিল৮ চৰাইৰ হাড়ৰ পৰা নিৰ্মিত আৰু প্ৰাচীন মানুহৰ ব্যৱহৃত বুলি কোৱা বেজী ডেনিছ’ভানসকলৰ,ই প্ৰায় ৫০,০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে আৰু ইয়াক ডেনিছ’ভা গুহাত পোৱা গৈছিল৷৯ শ্লোভেনিয়াৰ পূব কাৰাভাংকেৰ পটক গুহাত অৰিগনেচিয়ান যুগৰ (৪৭,০০০ৰ পৰা ৪১,০০০ বছৰ আগৰ) হাড়ৰ বেজী আৱিষ্কাৰ কৰা হৈছিল৷১০ লিয়াওনিং প্ৰদেশৰ জিয়াওগুছানৰ প্ৰাগঐতিহাসিক স্থানত পোৱা হাড় আৰু হাতীদাঁতৰ বেজীবোৰ ৩০ হাজাৰৰ পৰা ২৩ হাজাৰ বছৰৰ ভিতৰত পুৰণি।১১ ৰাছিয়াৰ কোষ্টেংকি নামে ঠাইত ৩০,০০০ বছৰ আগৰ হাতীদাঁতৰ বেজীও পোৱা গৈছিল।১২ বৰ্তমানৰ ডেনিজলি প্ৰদেশৰ পশ্চিম আনাতোলিয়াৰ একচি হ্যুকত ৮,৬০০ বছৰীয়া নৱপ্ৰস্তৰ যুগৰ বেজীৰ হাড় আৱিষ্কাৰ কৰা হৈছিল।১৩ ফ্লিণ্ডাৰছ পেট্ৰিয়ে ইজিপ্তৰ নাকাদাত খ্ৰীষ্টপূৰ্ব ৪৪০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ ভিতৰৰ তামৰ চিলাইৰ বেজী পাইছিল।১৪ মানচিঙৰ অপিডামত লোহাৰ চিলাইৰ বেজী পোৱা গৈছিল,১৫ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ।
তথ্যসূত্ৰ
- ↑ Antique Sewing Needle Cases. Collectors Weekly
- ↑ Antique Sewing Needle Cases. Collectors Weekly
- ↑ sewing.org
- ↑ Home. The Needle Lady
- ↑ SPIRAL EYE NEEDLES, easy to thread sewing needles with an opening on the side of the eye.. spiraleyeneedles.com
- ↑ Prehistoric Clothing. www.fashionencyclopedia.com. Fashion, Costume, and Culture: Clothing, Headwear, Body Decorations, and Footwear through the Ages
- ↑ Fairholt, Frederick William. (1860). Costume in England: A History of Dress from the Earliest Period Until the Close of the Eighteenth Century. Chapman and Hall. পৃ. 5
- ↑ Backwell, L; d'Errico, F; Wadley, L. (2008). Middle Stone Age bone tools from the Howiesons Poort layers, Sibudu Cave, South Africa. Journal of Archaeological Science. পৃ. 1566–1580
- ↑ (23 August 2016). World's oldest needle found in Siberian cave that stitches together human history. The Siberian Times
- ↑ Odar, Boštjan. (2008). A Dufour Bladelet from Potočka zijalka (Slovenia). Arheološki vestnik. পৃ. 13
- ↑ Bone and Ivory Needles. humanorigins.si.edu. The Smithsonian Institution's Human Origins Program
- ↑ Hoffecker, J., Scott, J., Excavations In Eastern Europe Reveal Ancient Human Lifestyles, University of Colorado at Boulder News Archive, March 21, 2002
- ↑ (29 August 2020). Textile tools dating back 8,600 years found in Denizli. Hurriyet Daily News
- ↑ Nunn, John; Rowling, John. (2001). The Eye of the Needle in Predynastic Egypt. The Journal of Egyptian Archaeology. পৃ. 171–172
- ↑ Klieforth, Alexander Leslie; Munro, Robert John. (2004). The Scottish Invention of America, Democracy and Human Rights: A History of Liberty and Freedom from the Ancient Celts to the New Millennium. University Press of America. পৃ. 27. ISBN 978-0-7618-2791-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলাই বেজী” প্ৰবন্ধৰ সংশোধন ৫৩৮৭৩৩ (১৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।