অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চাটানিভ দুৰ্গ

চাটানিভ দুৰ্গ হৈছে ইউক্ৰেইনৰ খমেলনিটচ্কী অব্লাষ্টৰ অন্তৰ্গত খমেলনিটচ্কী ৰায়মৰ চাটানিভ নামৰ গ্ৰাম্য অঞ্চলত অৱস্থিত এটা সুৰক্ষিত দুৰ্গ। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এক স্থাপত্য কীৰ্তিচিহ্ন।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৯২২ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চাটানিভ দুৰ্গ হৈছে ইউক্ৰেইনৰ খমেলনিটচ্কী অব্লাষ্টৰ অন্তৰ্গত খমেলনিটচ্কী ৰায়মৰ চাটানিভ নামৰ গ্ৰাম্য অঞ্চলত অৱস্থিত এটা সুৰক্ষিত দুৰ্গ। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এক স্থাপত্য কীৰ্তিচিহ্ন।

অৱস্থান

১৮৬৮ চনৰ জিস্মুণ্ট গাৰ্চটমেনৰ এখন মানচিত্ৰত চাটানিভ দুৰ্গ
১৮৬৮ চনৰ জিস্মুণ্ট গাৰ্চটমেনৰ এখন মানচিত্ৰত চাটানিভ দুৰ্গছবি: Zygmunt Gerstmann. Cutting from the original map by Yevhen Buket · Public domain
১৮৭১ চনত নেপোলিয়ন ওৰ্ডাৰদ্বাৰা অংকিত চহৰৰ প্ৰৱেশদ্বাৰ
১৮৭১ চনত নেপোলিয়ন ওৰ্ডাৰদ্বাৰা অংকিত চহৰৰ প্ৰৱেশদ্বাৰছবি: Napoleon Orda · Public domain

চাটানিভ দুৰ্গটো চাটানিভৰ উত্তৰ অংশত, জবুচ নদীৰ ওচৰৰ এটা ওখ পাহাৰৰ ওপৰত অৱস্থিত। নক্সা অনুসৰি ই পঞ্চভুজ আকৃতিৰ, কিন্তু ইয়াৰ গঠন অসমক টোকোৰা: ইয়াৰ তিনিটা বাহু প্ৰায় ১০৫ মিটাৰ দীঘল, চতুৰ্থটো ৮৫ মিটাৰ আৰু পঞ্চম অৰ্থাৎ দক্ষিণৰ বাহুটো ৬৫ মিটাৰ। দুৰ্গটোৰ সমগ্ৰ এলেকাটোৱে প্ৰায় ১.৫ হেক্টৰ মাটি আৱৰি আছিল। পঞ্চভুজটোৰ আটাইকেইটা চুকত একোটাকৈ টাৱাৰ বা বুৰুজ আছিল আৰু এই টাৱাৰবোৰৰ মাজত ওখ প্ৰাচীৰ আছিল। বৰ্তমান ইয়াৰ পূব দিশৰ টাৱাৰটো আৰু জবুচ নদীৰ ঠিক ওপৰত অৱস্থিত দুটা টাৱাৰৰ অৱশিষ্ট অংশ সংৰক্ষিত হৈ আছে। চহৰৰ দিশত থকা আন দুটা টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।

বিৱৰণ

বুৰুজৰ ধ্বংসাৱশেষ
বুৰুজৰ ধ্বংসাৱশেষছবি: Zysko serhii · CC BY-SA 4.0
প্ৰৱেশদ্বাৰৰ টাৱাৰ
প্ৰৱেশদ্বাৰৰ টাৱাৰছবি: SNCH · CC BY-SA 4.0

টাৱাৰ বা বুৰুজসমূহক সংযোগ কৰা প্ৰাচীৰবোৰ আছিল দুতৰপীয়া: বাহিৰৰ দেৱালবোৰৰ উপৰি ইয়াৰ সমান্তৰালভাৱে ভিতৰৰ দেৱালবোৰ পাৰ হৈ গৈছিল। ভিতৰৰ দেৱালবোৰ এটা সুৰক্ষিত মাটিৰ মথৌৰিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে সেইবোৰ বাহিৰৰ দেৱালতকৈ ওখ আছিল। ভিতৰৰ দেৱাল থকা মথাউৰিবোৰ বাহিৰৰ দেৱালৰপৰা এটা গভীৰ খাৱৈৰদ্বাৰা পৃথক আছিল। ইয়াৰ উপৰি দেৱালৰ বাহিৰেও খাৱৈ আছিল। ভিতৰৰ দেৱালবোৰ বৰ্তমান বৰ্তি থকা নাই; কেৱল কিছুমান ঠাইত মথাউৰিবোৰৰ ওপৰত সেইবোৰৰ চিন দেখিবলৈ পোৱা যায়। জবুচ নদীৰ দিশত থকা দুৰ্গৰ প্ৰাচীৰবোৰ আছিল একতৰপীয়া, কাৰণ থিয় পাহাৰটোৰ বাবে এই দিশৰপৰা দুৰ্গটোলৈ অহাৰ পথ প্ৰকৃতিয়ে নিজেই সুৰক্ষিত কৰি ৰাখিছিল। কিছুমান ঠাইত এই দেৱালবোৰৰ উচ্চতা ১০.৫ মিটাৰ পৰ্যন্ত হৈছিল।

দুৰ্গৰ চুকত বাহিৰৰফালে থকা টাৱাৰবোৰ আছিল চতুৰ্ভুজ আকৃতিৰ আৰু সেইবোৰ দেৱালৰ সীমাৰপৰা বহু দূৰলৈ ওলাই আছিল। সেইবোৰৰ কেৱল এটা চুকহে দুৰ্গৰ চুকটোৰ সৈতে সংলগ্ন আছিল। টাৱাৰবোৰৰ মুখৰ প্ৰস্থ আছিল প্ৰায় ৮.৫ মিটাৰ। এইবোৰ তিনিমহলীয়া টাৱাৰ আছিল; ইয়াৰ তলৰ মহলাটো বাকী দুটা মহলাতকৈ বহু বেছি বহল আছিল। তলৰ মহলাত মাজে মাজে গুলীবৰ্ষণ কৰা ফাট বা এমব্ৰেচাৰ আছিল (প্ৰতিটো বাহিৰৰ দিশত গড়ে ৪টাকৈ) আৰু তৃতীয় মহলাৰ প্ৰতিটো দিশত দুখনকৈ সৰু খিৰিকী আছিল।

দুৰ্গটো নিৰ্মাণত ব্যৱহৃত শিলৰ টুকুৰাবোৰ আকৃতিৰ দিশৰপৰা ইমান নিয়মীয়া আৰু আকাৰত একে আছিল যে দূৰৰপৰা চালে সেইবোৰ ইটাৰ গাঁথনি যেন লাগিছিল।১

দুৰ্গৰ দক্ষিণ-পূব কোণত, ভিতৰৰ দেৱালৰ সীমাত এটা ঘূৰণীয়া টাৱাৰ সংৰক্ষিত হৈ আছে, যিটো এই অঞ্চলৰ যিকোনো লিখিত বুৰঞ্জীৰ বহু পূৰ্বে নিৰ্মাণ কৰা হৈছিল। এই টাৱাৰটো এক অনন্য স্থাপত্য কীৰ্তিচিহ্ন, যিটো কিয়েভীয় ৰাছৰ সময়ৰ শিলৰ গাঁথনিৰ এক বিৰল নিদৰ্শন। ইয়াৰ গুলীবৰ্ষণ কৰা ফাটবোৰ বাহিৰৰফালে অতি ঠেক আৰু ভিতৰৰফালে বহল আছিল, যাতে ধেনুৰে কাঁড় মৰাত সুবিধা হয়।

এটা লোককথা অনুসৰি, জবুচ নদীৰ সোঁপাৰে অৱস্থিত টাৰ্নোপিল অব্লাষ্টৰ কালাগাৰিভকা গাঁৱত এটা পুৰণি মাটিৰ তলৰ কোঠালি বা চেলৰ আছে, য’ৰপৰা এটা সুৰংগ পথ আৰম্ভ হৈছে। এই সুৰংগ পথটো জবুচ নদীৰ বাওঁপাৰলৈ অৰ্থাৎ চাটানিভ দুৰ্গলৈ গৈ পাইছে।২

ইতিহাস

চাটানিভত দুৰ্গটো কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ সঠিক তাৰিখ জনা নাযায়। ২০০৪ চনত ইতিহাসবিদ মাইকোলা পেত্ৰোভে সাৱধানেৰে উল্লেখ কৰিছিল: "এইটো সম্ভৱ যে চাটানিভত দুৰ্গটো পোন্ধৰশ শতিকাৰ দ্বিতীয় ভাগৰপৰা ১৬ শতিকাৰ আৰম্ভণিৰ ভিতৰত কোনোবা এক সময়ত নিৰ্মাণ কৰা হৈছিল।" ৩ স্থপতি তথা পুনৰুদ্ধাৰকাৰী য়েভহেনিয়া প্লাদেনিটচকাই ১৯৮৬ চনত স্পষ্টকৈ উল্লেখ কৰিছিল: "১৪ শতিকাৰ পূৰ্বৰ প্ৰতিৰক্ষামূলক গাঁথনিৰ স্থানতে ১৫ শতিকাত এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল। ১৬ শতিকাৰ শেষৰফালে দুৰ্গটো সম্প্ৰসাৰণ কৰা হয় আৰু ই কোণত পঞ্চভুজ টাৱাৰ থকা এক পঞ্চভুজ আকৃতি লাভ কৰে।" ৪

দুৰ্গ এটা থকাৰ পিছতো চহৰখন টাটাৰসকলৰদ্বাৰা বাৰম্বাৰ ধ্বংস হৈছিল (১৫২৮, ১৫৩০, ১৬১৭ চনত)। ১৭ শতিকাৰ মাজভাগত ই কছাক আৰু অপ্ৰিশ্কীসকলৰদ্বাৰা অবৰুদ্ধ হৈছিল আৰু ১৬৭৬ চনত তুৰ্কী সৈন্যই ইয়াক দখল কৰিছিল।৫

১৭১১ চনত মস্কোৰ জাৰ পিটাৰ দ্য গ্ৰেটে তেওঁৰ ব্যৰ্থ প্ৰুট অভিযানৰ পিছত স্বাস্থ্য সলনিৰ বাবে কাৰ্লচবাডলৈ যোৱাৰ পথত চাটানিভ পাৰ হৈ গৈছিল। তেওঁ চাটানিভ দুৰ্গত ইয়াৰ মালিগৰাকী তথা সেনাধ্যক্ষ আদাম মিকোলাই চিয়েনিয়াভস্কীৰ সৈতে বাহৰ পাতিছিল। জাৰজন দুৰ্গৰ ওচৰৰে এটা সৰু ঘৰত থকাৰ এক ঐতিহাসিক তথ্য পোৱা যায়। সেই ঘৰটোত জাৰৰ থকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ শিলৰ বুকুত ৰাছিয়ান ৰাজকীয় প্ৰতীক খোদিত কৰা হৈছিল।

১৭১১ চনৰ ২৪ আগষ্টত পিটাৰ প্ৰথমৰ ওচৰলৈ অহা ডেনিছ দূত জাষ্ট জুৱেলে চাটানিভ ভ্ৰমণ কৰিছিল। তেওঁ নিজৰ ডায়েৰীত লিখিছিল: "এইখন এখন সুসজ্জিত চহৰ। ই প্ৰাচীন দেৱাল আৰু টাৱাৰেৰে সুৰক্ষিত।" ৬

১৮৯৯ চনত চহৰৰ দিশত দুৰ্গৰ ধ্বংসাৱশেষৰ ওচৰত এটা চেনি কল নিৰ্মাণ কৰা হয় আৰু দুৰ্গটোৰ ভিতৰতে এটা পানীৰ পাইপলাইন স্থাপন কৰা হৈছিল, যিয়ে জবুচ নদীৰপৰা পানী টানি আনি কাৰখানাটোলৈ যোগান ধৰিছিল। ১৯২৪ চনত স্থানীয় কৰ্তৃপক্ষই চাটানিভ দুৰ্গটো ভাঙি পেলোৱাৰ সিদ্ধান্ত লয় কাৰণ ই মানুহৰ জীৱনৰ বাবে বিপদজনক বুলি দাবী কৰা হৈছিল। কিন্তু সৰ্ব-ইউক্ৰেনীয় কেন্দ্ৰীয় কাৰ্যবাহী সমিতিয়ে সেই প্ৰস্তাৱ নাকচ কৰে আৰু কিল্লাখন পুনৰুদ্ধাৰ কৰাৰ নিৰ্দেশ দি ইয়াৰ বাবে ৫ হাজাৰ ৰুবল ধাৰ্য কৰে। অৱশ্যে সেই পুনৰুদ্ধাৰ কাৰ্য বাস্তৱায়িত নহ’ল।

১৯৬৩ চনৰ ২৪ আগষ্টত ইউক্ৰেইন ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ মন্ত্ৰী পৰিষদৰ এক প্ৰস্তাৱ মৰ্মে চাটানিভ দুৰ্গ আৰু চহৰখনৰ আন দুটা প্ৰতিৰক্ষামূলক গাঁথনি— চহৰৰ প্ৰৱেশদ্বাৰ আৰু নামঘৰ বা চিনাগগক ৰাজ্যিক সুৰক্ষাৰ অধীনত স্থাপত্য কীৰ্তিচিহ্নৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

১৯৮৯ চনৰ ২৩ জুনত চাটানিভৰ ৰাজকীয় প্ৰতীক অনুমোদিত হয়, যাৰ এটা অন্যতম উপাদান হৈছে টাৱাৰযুক্ত এটা সোণালী দুৰ্গৰ দেৱাল (ইয়াৰ নক্সা বৰীচ চুলেভস্কীয়ে প্ৰস্তুত কৰিছিল)।

কলাত্মক সৃষ্টিত

১৯২১ চনৰ ১ জুলাইত তাৰ্ণোপিল চহৰত ইউক্ৰেইনৰ বিশিষ্ট লেখক ক্লিম পলিচচুকে "ট্ৰেজাৰ্ছ অৱ দ্য এজেছ" অৰ্থাৎ যুগ-যুগান্তৰৰ ধন-সম্পদ নামৰ এটা চমু গল্প ৰচনা কৰিছিল, যাৰ পটভূমি আছিল চাটানিভ চহৰ আৰু ই চাটানিভ দুৰ্গৰ কাল্পনিক ধন-সম্পদৰ বিষয়ে বৰ্ণনা কৰে। লেখকে এই গল্পটো তেওঁৰ ইউক্ৰেইনীয় আখ্যানৰ সংগ্ৰহ "ট্ৰেজাৰ্ছ অৱ দ্য এজেছ" কিতাপখনত অন্তৰ্ভুক্ত কৰিছিল, যিখন ১৯২১ চনত ৰুচালকা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছিল।৭ পৰৱৰ্তী সময়ত, ১৯২২ চনৰ ৬ জুলাইত এই গল্পটো আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা প্ৰকাশিত বিখ্যাত 'স্বোবোডা' কাকতত পুনৰ প্ৰকাশ কৰা হয়।৮

লগতে চাওক

  • কামিয়ানেটচ-পোডিলস্কী দুৰ্গ
  • খোটিন দুৰ্গ
  • চৰ্টকিভ দুৰ্গ
  • চকালা-পোডিলস্কা দুৰ্গ
  • ক্ৰিভচে দুৰ্গ
  • ইউক্ৰেইনৰ দুৰ্গসমূহৰ তালিকা

গ্ৰন্থসূচী

  • চিচিনস্কী, ইউখিম (১৯২৮)। ওবোৰোন্নী জামকী জাখিদনোহো পোডিল্লিয়া ১৪--১৭ শতিকা। কিয়েভ।
  • মনুমেণ্টছ অৱ চিটি বিল্ডিং এণ্ড আৰ্কিটেকচাৰ অৱ ইউক্ৰেইনিয়ান এছ.এচ.আৰ.। কিয়েভ: বুডিভেলনিক, ১৯৮৬। খণ্ড ৪। পৃষ্ঠা ১৯৮-১৯৯।
  • লিণ্ডা কাটেৰিনা (১৯৯৩)। জামক উ চাটানোভি। ইউক্ৰেইনৰ সুৰক্ষিত দুৰ্গসমূহৰ সুৰক্ষা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সমল। কামিয়ানেটচ-পোডিলস্কী। পৃষ্ঠা ১৭-১৮।
  • দুৰ্গৰ উপত্যকা জবুচ। ক্ৰাইনা জামকীভ ই ফৰ্টেটচ। দ্বিতীয় সংস্কৰণ। কামিয়ানেটচ-পোডিলস্কী: ওইয়ুম, ২০০৭। পৃষ্ঠা ৪২।
  • হুমেনিউক এচ. কে. (১৯৬৭)। জামক উ চাটানোভি। ৰাডিয়ানস্কে পোডিল্লিয়া। ১২ ডিচেম্বৰ।
  • পোলাক তাদেউচ (১৯৯৭)। জামকী না ক্ৰেচাচ: বেলাৰুছ, লিথুৱানিয়া, ইউক্ৰেইন। ৱাৰ্ছ’। পৃষ্ঠা ১৯৭।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1989). ru:Строительная наука и техника на Украине с древних времен до 1917 г.. Развитие строительной науки и техники в Украинской СССР: В трех томах. Naukova dumka. পৃ. 58
  2. ↑ Kolesnychenko, Tetiana. uk:Великий льох. На подвір'ї звичайної селянської хати схований хід у Сатанівську фортецю. Sataniv.km.ua
  3. ↑ Petrov, Mykola. (2004). uk:Сатанів XV—XVIII ст.: заснування, соціально-економічний та історико-топографічний розвиток. Хмельниччина: Дивокрай. পৃ. 30
  4. ↑ (1986). ru:Памятники градостроительства и архитектуры Украинской ССР. Budivelnyk. পৃ. 198
  5. ↑ (2007). uk:Країна замків і фортець. Oium. পৃ. 42
  6. ↑ Juel, Just. (1899). ru:Записки датского посланника в России при Петре Великом
  7. ↑ Polishchuk, Klym. (1921). uk:Скарби віків: Українські легенди. Rusalka. পৃ. 66
  8. ↑ Поліщук Клим. Скарби віків // Свобода. — 1922. — 6 липня. — С. 4.

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ দুৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাটানিভ দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৯৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।