জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দ্বিতীয় অৰি সিংহ
মহাৰাণা দ্বিতীয় অৰি সিংহ (২৭ জুলাই ১৭২৪ – ৯ মাৰ্চ ১৭৭৩ চনৰ পিছত) মেৱাৰ ৰাজ্যৰ মহাৰাণা আছিল। তেওঁ সিংহাসনত অধিষ্ঠিত হোৱাটো বিতৰ্কিত হৈ পৰিছিল কাৰণ তেওঁ তেওঁৰ ভতিজা আৰু পূৰ্বৰ মহাৰাণা ৰাজ সিংহ দ্বিতীয় (জন্ম ১৭৪৩, ৰাজত্ব ১৭৫৪–১৭৬১)ৰ একমাত্ৰ পুত্ৰ কুঁৱৰ ৰতন সিং (১৯)ক হত্যা কৰি ৰাজপাট নিষ্কণ্টক আৰু…
-
দ্ৰোণ ভূঞা
দ্ৰোণ ভূঞা (Drona Bhuyan, জন্ম: ১ জানুৱাৰী ১৯৫৬) অসমৰ এগৰাকী ওজাপালি শিল্পী। তেওঁ বিশেষকৈ সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে জনাজাত। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী (Dhirendra Krishna Shastri; জন্ম: ৪ জুলাই ১৯৯৬ চনত ধীৰেন্দ্ৰ কৃষ্ণ গাৰ্গ নামেৰে) বাগেশ্বৰ ধাম সৰকাৰ নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় স্বঘোষিত ঈশ্বৰ-মানৱ। তেওঁ ভাৰতৰ মধ্যপ্ৰদেশৰ হিন্দু তীৰ্থস্থান বাগেশ্বৰ ধামৰ নেতা।
-
ধৰ্ম কান্ত মিলি
ধৰ্ম কান্ত মিলি (ইংৰাজী: Dharma Kanta Mili) অসম লোকসেৱা আয়োগ (ACS)ৰ এগৰাকী জ্যেষ্ঠ তথা সুদক্ষ প্ৰশাসনিক বিষয়া, ক্ৰীড়াবিদ (ফুটবল খেলুৱৈ) আৰু অসমীয়া সুলেখক।
-
ন'ম চম্স্কি
ন'ম চম্স্কি (Avram Noam Chomsky; জন্ম: ৭ ডিচেম্বৰ, ১৯২৮) এজন আমেৰিকান তাত্ত্বিক ভাষাবিদ, শিক্ষাবিদ, দাৰ্শনিক আৰু সমাজ সমালোচক। বৰ্তমান তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি নামক মাৰ্কিন প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক আৰু একে সময়তে তেওঁ আমেৰিকাৰ এৰিজোনা বিশ্ববিদ্যালয়ত বিশিষ্ট অধ্যাপক…
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
নন্দিতা স্বেতা
স্বেতা শেট্টী (Swetha Shetty; জন্ম: ৮ এপ্ৰিল ১৯৮৯) পেচাগতভাৱে নন্দিতা স্বেতা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত উপস্থিত হয়। 'নন্দ লাভচ্ নন্দিতা' নামৰ কান্নাডা চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয়ৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
নবীন চাওলা
নবীন চাওলা ( Novin Chawla; জন্ম: ৩০ জুলাই ১৯৪৫) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু লেখক। তেওঁ ভাৰতৰ ১৬ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নলিনী জয়ৱন্ত
নলিনী জয়ৱন্ত (Nalini Jaywant; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯২৬) ১৯৪০ আৰু ১৯৫০ৰ দশকত হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ‘কালাপানী’ ছবিৰ বাবে ১৯৫৯ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
-
নাগসেনা
নাগসেনা খ্ৰীষ্টপূৰ্ব ১৫০ চনৰ আশে-পাশে বাস কৰা এজন সৰ্বস্তিবাদী বৌদ্ধ সন্ন্যাসী আছিল। উত্তৰ-পশ্চিম ভাৰতৰ ভাৰত-গ্ৰীক ৰজা প্ৰথম মেনান্দৰে (পালি: মিলিণ্ডা) বৌদ্ধ ধৰ্মৰ বিষয়ে তেওঁ কৰা প্ৰশ্নৰ উত্তৰ মিলিন্দপাখা আৰু সংস্কৃত নাগসেনাভিক্ষুত্ৰত লিপিবদ্ধ কৰা হৈছে।
-
নাগিব মাহফুজ
নাগিব মাহফুজ (Naguib Mahfouz; ১১ ডিচেম্বৰ, ১৯১১ – ৩০ আগষ্ট,২০০৬) আছিল এজন ইজিপ্টিয়ান লেখক যিজনে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল। অস্তিত্ববাদৰ বিষয়ে চিন্তা-চৰ্চা আৰু অন্বেষণ কৰা টাহা হোছেইনৰ লগতে মাহফুজকো আৰবীয় সাহিত্যৰ প্ৰথমগৰাকী সমকালীন সাহিত্যিক আখ্যা দিয়া হয়।
-
নাজনীন
নাজনীন (Nazneen) এগৰাকী ভাৰতীয় বলীউড অভিনেত্ৰী। তেওঁ ১৯৭০ আৰু ১৯৮০ ৰ দশক জুৰি অভিনয় জগতত সক্ৰিয় হৈ আছিল। কলিকতাত ১৯৫৮ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা নাজনীনে মাক-দেউতাকৰ সৈতে মুম্বাইলৈ যোৱাৰ আগতে লক্ষ্ণৌত পঢ়িছিল।
-
নাৰায়ণ চন্দ্ৰ গোস্বামী
নাৰায়ণ চন্দ্ৰ গোস্বামী (Narayan Chandra Goswami) আছিল নতুন কমলাবাৰী সত্ৰ, মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ।
-
নাৰায়ণ দাস ঠাকুৰ আতা
নাৰায়ণ দাস ঠাকুৰ আতা ( Narayan Dax Thakur Aata) মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আৰু শংকৰদেৱৰ শিষ্য৷ তেওঁ মাধবদেৱৰ প্ৰিয়তম মিত্ৰ হৈ ধৰ্ম প্ৰচাৰত মন-প্ৰাণ সঁপি দিছিল৷ সংসাৰী হৈও ঘোৰ উদাসীন নাৰায়ণ দাস ঠাকুৰ আতাই ৰাজদণ্ড ভোগ কৰিবলগীয়াও হৈছিল৷ তেওঁৰ পূৰ্বৰ নাম আছিল ভবানন্দ৷
-
নাৰ্গিছ ফাখৰী
নৰ্গিছ ফাখৰী (জন্ম ২০ অক্টোবৰ ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী যিয়ে মূলতঃ ভাৰতৰ হিন্দী ভাষাৰ ছবিত কাম কৰে। আমেৰিকাত মডেল হিচাপে কাম কৰাৰ পিছত ২০১১ চনত মুক্তি পোৱা ৰোমান্টিক নাটক ৰকষ্টাৰ চলচ্চিত্ৰৰ জৰিয়তে ভাৰতত প্ৰাধান্য লাভ কৰে ফখৰীয়ে।
-
নিউৰালিংক
নিউৰালিংক কৰ্পোৰেছন (Neuralink Corporation) হৈছে এটা স্নায়ু'প্ৰযুক্তিবিদ্যা (neurotechnology) কোম্পানী, যিয়ে মগজুত সংৰোপন কৰিব পৰা মগজু-যন্ত্ৰ আন্তঃপৃষ্ঠ (brain–machine interface) নিৰ্মাণ কৰি আছে৷ ইয়াৰ প্ৰতিষ্ঠাতা হৈছে ইলন মাস্ক্ আৰু অন্যান্যসকল৷ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো আছে আমেৰিকা…
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
নিতিন বসু
নিতিন বসু (: Nitin Bose; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল।
-
নিমিষা ছাজায়ন
নিমিষা ছাজায়ন (Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।
-
নিম্ৰত কৌৰ
নিম্ৰত কৌৰ (Nimrat Kaur; জন্ম: ১৩ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। তেখেতে সাধাৰণতে হিন্দী চিনেমা আৰু আমেৰিকান টেলিভিচনৰ অনুষ্ঠানত কাম কৰিছে। ছপা মাধ্যমৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিম্ৰত কৌৰে পৰৱৰ্তী সময়ত থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
নিশাদ কুমাৰ
নিশাদ কুমাৰ (Nishad Kumar) এগৰাকী ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰলৈ পেৰালিম্পিক প্ৰতিদ্বন্দ্বিতা কৰি ২.০৬ মিটাৰ জঁপিয়াই নতুন এছিয়ান অভিলেখৰ সৈতে পুৰুষৰ হাই জাম্প টি৪৭ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।
-
নিৰুপমা হাগজেৰ
নিৰুপমা হাগজেৰ (Nirupama Hagjer) অসমৰ ডিমা হাচাও জিলাৰ ডিমাছা সম্প্ৰদায়ৰ এগৰাকী সমাজকৰ্মী৷ তেওঁ আজীৱন সমাজৰ পিছপৰা মহিলা আৰু শিশুসকলৰ উন্নতিৰ বাবে আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল৷ ডিমাছা ভাষাৰ যিহেতু নিজা লিপি নাই; সেয়ে তেওঁ অসমীয়া লিপিৰে ডিমাছা ভাষা লিখি ভাষাটোক আগুৱাই নিবলৈ যথেষ্ট কষ্ট…
-
নিৰ্মলা দেশপাণ্ডে
নিৰ্মলা দেশপাণ্ডে (১৯ অক্টোবৰ ২৯২৯ – ১ মে' ২০০৮) এগৰাকী ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী। তেওঁ সামাজিক শান্তি-সম্প্ৰীতি, নাৰী সবলীকৰণ, জনজাতীয় লোক আৰু সমাজৰ অৱহেলিত লোকৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ সাংসদ হিচাপে ৰাজ্য সভালৈ মনোনীত কৰিছিল।
-
নিৰ্মলা যোশী
মাৰিয়া নিৰ্মলা যোশী (Nirmala Joshi, ২৩ জুলাই ১৯৩৪ - ২৩ জুন ২০১৫) জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল।
-
নিৰ্মলেন্দু গুণ
নিৰ্মলেন্দু গুণ (Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন) এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত। তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়। ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।
-
নীতু
নীতু'(নীতু শেট্টী) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় ভাষাৰ ছবি আৰু কেইখনমান তুলু আৰু মালয়ালম ছবিত অভিনয় কৰে। জোক ফল্ছ (২০০৪), বেৰু (২০০৫), ফটোগ্ৰাফাৰ (২০০৬), কোটি চেন্নয়া (২০০৭), গালিপাটা (২০০৮), কৃষ্ণ নী লেট আগী বাৰো (২০০৯) আদি বহু চিনেমাৰ বাবে প্ৰশংসা আৰু প্ৰশংসা লাভ কৰে।
-
নীতু সিং
নীতু কাপুৰ (পৈতৃক নাম: সিং; জন্ম: হৰনীত কৌৰ; ৮ জুলাই ১৯৫৮; Harneet Kaur; এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৬০ দশকৰ পাছডোখৰ, সমগ্ৰ ১৯৭০ দশক আৰু ১৯৮০ দশকৰ আগডোখৰত হিন্দী ছবিত অভিনয় কৰাৰ বাবে পৰিচিত।
-
নীম কৰোলী বাবা
নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।
-
নীলিমকান্ত বৰুৱা
ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।
-
নুচৰাত ইমৰোজ তিছা
নুচৰাত ইমৰোজ তিছা (Nusrat Imrose Tisha; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক যি মুখ্যতঃ বঙালী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিছা নামেৰে জনাজাত।