অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা যোশী

মাৰিয়া নিৰ্মলা যোশী (Nirmala Joshi, ২৩ জুলাই ১৯৩৪ - ২৩ জুন ২০১৫) জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল।

হালনাগাদ: ২৮ জুলাই ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মাৰিয়া নিৰ্মলা যোশী (Nirmala Joshi, ২৩ জুলাই ১৯৩৪ - ২৩ জুন ২০১৫) জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ ন'বেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল। তেওঁ এই দায়িত্বভাৰ সফলতাৰে গ্ৰহণ কৰি বিদেশত তেওঁলোকৰ উপস্থিতি আৰু মিছন সম্প্ৰসাৰিত কৰিছিল।১২ ১৯৯৭ চনত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত এই পদ লাভ কৰাৰ পিছত নিৰ্মলাই আফগানিস্তান, ইজৰাইল আৰু থাইলেণ্ডৰ দৰে দেশত কেন্দ্ৰ মুকলি কৰি সংগঠনটোৰ ১৩৪খন দেশলৈ প্ৰসাৰিত কৰিছিল। ভাৰত চৰকাৰে সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩৪ চনৰ ২৩ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ ৰাঁচীত (বৰ্তমান ঝাৰখণ্ডৰ ৰাজধানী) কুসুম হিচাপে নিৰ্মলা যোশীৰ জন্ম হৈছিল। তেওঁ দহটা শিশুৰ ভিতৰত জ্যেষ্ঠ সন্তান হিচাপে ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।৩৪৫ তেওঁৰ পিতৃ-মাতৃ নেপালৰ আছিল আৰু তেওঁৰ দেউতাক ১৯৪৭ চনত দেশৰ স্বাধীনতালৈকে ব্ৰিটিছ ভাৰতীয় সেনাৰ বিষয়া আছিল।৫ যদিও নিৰ্মলাৰ পৰিয়াল হিন্দু ধৰ্মালম্বী আছিল, তেওঁ ভাৰতৰ হাজাৰীবাগৰ কাৰ্মেল মাউণ্টত খ্ৰীষ্টান মিছনাৰীসকলৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। সেই সময়ত তেওঁ মাদাৰ টেৰেছাৰ কামৰ বিষয়ে শুনিছিল আৰু সেই তেওঁৰ সৈতে মানৱসেৱাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে কেথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু মাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰিছিল।৬ যোশীয়ে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।৩৭

কৰ্মজীৱন

মাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰাৰ পিছত তেওঁ পানামালৈ গৈছিল। ইয়াৰ লগৰ লগে তেওঁ বিদেশী অভিযানৰ নেতৃত্ববহন কৰা প্ৰতিষ্ঠানৰ প্ৰথম চিষ্টাৰসমূহৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হৈছিল। ১৯৭৬ চনত যোশীয়ে মিছনাৰীজ অফ চেৰিটিৰ মননশীল শাখা আৰম্ভ কৰে আৰু ১৯৯৭ চনলৈকে ইয়াৰ মুৰব্বী পদত অধিষ্ঠিত থাকে। তাৰপিছত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত তেওঁ প্ৰতিষ্ঠানৰ চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হৈছিল।৭

ভাৰত চৰকাৰে ৰাষ্ট্ৰলৈ তেওঁ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত চিষ্টাৰ যোশীক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।৮৯ চুপিৰিয়ৰ জেনেৰেল হিচাপে তেওঁৰ কাৰ্যকাল ২০০৯ চনৰ ২৫ মাৰ্চ তাৰিখে সমাপ্ত হৈছিল। তেওঁৰ পিছত জাৰ্মানীত জন্ম গ্ৰহণ কৰা চিষ্টাৰ মেৰী প্ৰেমা পিয়েৰীকে পৰৱৰ্তী চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হয়।৫

মৃত্যু

২০১৫ চনৰ ২৫ জুন তাৰিখে কলিকতাত হৃদৰোগত আক্ৰান্ত হৈ চিষ্টাৰ নিৰ্মলাৰ মৃত্যু হৈছিল।১০ তেওঁৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়কে ধৰি দেশ বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে সংবাদ মাধ্যমত সমবেদনা জ্ঞাপন কৰিছিল।১১

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ Asianews
  2. ↑ Letter to Coworkers
  3. ↑ (2015). We are 'little pencils' in God's hand. Eternal World Television Network
  4. ↑ (24 June 2015). Sister Nirmala is no more. Indian Express
  5. ↑ (2015). Sister Nirmala Bio. Celebs Bio
  6. ↑ How India remembers Mother Teresa. Catholic Archdiocese of Melbourne
  7. ↑ (13 March 1997). Indian-born nun to succeed Mother Teresa. CNN
  8. ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs
  9. ↑ Padma Vibhushan
  10. ↑ Sister Nirmala passes away - The Times of India
  11. ↑ Mother Teresa’s Successor, Sister Nirmala Joshi, Dies at 81

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা যোশী” প্ৰবন্ধৰ সংশোধন ৬২০৭৫৩ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।