অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিমিষা ছাজায়ন

নিমিষা ছাজায়ন (Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নিমিষা ছাজায়ন (Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।১ 'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে নিমিষা ছাজায়নলৈ ২০১৮ চনত কেৰালা ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হয়।

প্ৰাৰম্ভিক জীৱন

নিমিষাৰ জন্ম হৈছিল মুম্বাইত। পিতৃ ছাজায়ন এগৰাকী অভিযন্তা। আনহাতে মাতৃ হৈছে বিন্ধু ছাজায়ন। তেওঁলোক জন্মসূত্ৰে কেৰালাৰ কোল্লাম জিলাৰ। নিমিষাৰ মাতৃৰ পৈতৃক ঘৰ কোল্লাম জিলাৰ পুনালোৰত অৱস্থিত।২

মুম্বাইত থকা কাৰ্মেল কনভেণ্ট বিদ্যালয়ৰ পৰা নিমিষাই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে মুম্বাইস্থিত কেজে ছোমায়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে।৩ নিমিষা টায়কোৱাণ্ডুত ব্লেকবেল্টপ্ৰাপ্ত। টায়কোৱাণ্ডুৰ বহুকেইখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিমিষাই মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই নিমিষাই ব্লেক বেল্ট অৰ্জন কৰিছিল।৪

অভিনয়-জীৱন

'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' নামৰ ছবিখনত পোনপ্ৰথমবাৰৰ বাবে নিমিষাক দেখা যায়। ছবিখনৰ পৰিচালক আছিল দিলীশ পোথান। ছবিখনত নিমিষাই শ্ৰীজা নামৰ শীৰ্ষ চৰিত্ৰটি ৰূপায়ণ কৰে।৫ পৰৱৰ্তী সময়ত নিমিষাই বি.অজিতকুমাৰৰ অভিষেককাৰী ছবি "ইড়া"তো মুখ্য চৰিত্ৰত অৱতীৰ্ণ হয়। ছবিখনৰ প্ৰযোজক আছিল ৰাজীৱ ৰবি।৬৭

'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনৰ বাবে নিমিষাই ২০১৯ চনত অনুষ্ঠিত হোৱা ৪৯সংখ্যক কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। ছবি দুখনৰ পৰিচালক আছিল যথাক্ৰমে মধুপাল আৰু সানাল কুমাৰ শশীধৰণ।৮ 'চ'লা' নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবেও নিমিষাই কিছুপৰিমাণে খ্যাতি অৰ্জন কৰে। এই ছবিখনৰ প্ৰিমিয়াৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হৈছিল।৯

২০২১ বৰ্ষত নিমিষাই "দ্য গ্ৰেট ইণ্ডিয়ান কিটছেন" নামৰ ছবিখনত এটি শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰে। চৰিত্ৰটো আছিল এগৰাকী নৱবিবাহিতা যুৱতীৰ। নতুন ঘৰখনত নিজ স্বামী আৰু পৰিয়ালৰ আনসকল সদস্যৰ দ্বাৰা সমুখীন হোৱা প্ৰত্যাহ্বানৰ লগত এইগৰাকী যুৱতীয়ে কিদৰে মোকাবিলা কৰে, তাকেই ছবিখনত উপস্থাপন কৰা হয়। ছবিখনৰ লগতে নিমিষাৰ অভিনয়-শৈলীকো সমালোচকসকলে প্ৰশংসা কৰে।১০ 'হিন্দুস্তান টাইমছ'ত হৰিচৰণ পুডিপেৰিয়ে নিমিষাৰ অভিনয়ৰ প্ৰশংসা কৰি কয় যে-"ছবিখনৰ শীৰ্ষ অভিনেত্ৰী নিমিষা ছাজায়ন অবিশ্বাস্যভাৱে পতিয়নযোগ্য। "১১ একেটা বৰ্ষতে নিমিষাই 'নায়াট্টু' আৰু 'মালিক' নামৰ ছবি দুখনত অভিনয় কৰে। দুয়োখন ছবিয়েই সমালোচকৰ মাজত সমাদৃত। নিমিষাৰ পৰৱৰ্তী ছবিসমূহ হৈছে 'থোৰামুখম' আৰু 'অৰ’ থেক্কান থল্লু কেচ'।১২

বঁটা আৰু মনোনয়ন

+বঁটা আৰু মনোনয়নৰ তালিকা
পুৰস্কাৰবৰ্ষশিতানকৰ্মফলাফল
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা২০১৯শ্ৰেষ্ঠ অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান' চ'লা১৩
কেৰালা ছবি সমালোচক সন্থা বঁটা২০১৯শ্ৰেষ্ঠ অভিনেতা (মহিলা)'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'১৪
ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য২০১৮শ্ৰেষ্ঠ অভিনেত্ৰী-মালয়ালম'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'১৫
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – মালয়ালম'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'১৬
শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম১৭
এছিয়ানেট চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'
২০১৯শ্ৰেষ্ঠ তাৰকাযুটি (শ্বানে নিগমৰ লগত)'ইড়া'
শ্ৰেষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'
ৱনিতা চলচ্চিত্ৰ বঁটা২০১৮শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'১৮
মেলবোৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ২০২১শ্ৰেষ্ঠ প্ৰদৰ্শন (মহিলা)'দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন'১৯
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সন্মানীয় উল্লেখ (পূৰ্ণদৈৰ্ঘ্যৰ ছবি)২০
মুভি ষ্ট্ৰিট চলচ্চিত্ৰ উৎকৃষ্টতা বঁটা২০১৮শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'২১
২০১৯শ্ৰেষ্ঠ অভিনেত্ৰী'অ'ৰু কুপ্ৰসিদ্ধা পায়ান'
টৰণ্টো আন্তঃৰাষ্ট্ৰীয় দক্ষিণ এছীয় চলচ্চিত্ৰ বঁটা২০১৯শ্ৰেষ্ঠ নৱাগতা'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'২২

তথ্যসূত্ৰ

  1. ↑ Newbie Nimisha Sajayan is the lead lady in Thondimuthalum Driksakshiyum
  2. ↑ (12 November 2018). Nimisha Sajayan reminisces about her childhood home. On Manorama
  3. ↑ Mumbai girl Nimisha Sajayan bags honours at Kerala State Film Awards. Media Eye News
  4. ↑ നമ്മൾ കാണുന്ന ആളല്ല നിമിഷ; അറിയാം ആ ഫിറ്റ്നസ് സീക്രട്ടുകൾ
  5. ↑ Sreeja of Thondimuthalum Driksakshiyum is one of us
  6. ↑ Soman, Deepa. (13 July 2017). Nimisha Sajayan plays a college student in 'Eeda'. The Times of India
  7. ↑ Soman, Deepa. (6 October 2017). Shane Nigam - Nimisha Sajayan film 'Eeda' poster shows their interesting chemistry in the film!. The Times of India
  8. ↑ I am trying to break stereotypes in portrayal of women, says Nimisha Sajayan
  9. ↑ Chola to be screened at Geneva International Film festival - Times of India. The Times of India
  10. ↑ (2021-01-16). The Great Indian Kitchen review: Powerful film on patriarchy and men-governed traditions. Hindustan Times
  11. ↑ www.hindustantimes.com/entertainment/the-great-i
  12. ↑ Biju Menon, Nimisha Sajayan to lead Oru Thekkan Thallu Case. The New Indian Express
  13. ↑ (27 February 2019). Kerala State Film Awards 2019: Winners list. The Indian Express
  14. ↑ (28 July 2019). Kerala State Film Awards 2019: Jayasurya, Nimisha Sajayan and others win big. India Today
  15. ↑ (4 June 2018). Nominations for the 65th Jio Filmfare Awards (South) 2018. Filmfare
  16. ↑ (15 September 2018). SIIMA Awards: Here are the winners from Malayalam. Malayala Manorama
  17. ↑ (16 August 2018). SIIMA Awards 2018 nominations. Firstpost
  18. ↑ (27 February 2018). വനിത ഫിലിം അവാര്‍ഡ് 2018: ഫഹദ് മികച്ച നടൻ, മഞ്ജു വാരിയർ, പാർവതി മികച്ച നടിമാർ. Malayala Manorama
  19. ↑ Nimisha Sajayan in the race for Best Actress in IFFM 2021
  20. ↑ Nimisha Sajayan gets honourable mention for her performance in the film The Great Indian Kitchen
  21. ↑ (5 February 2018). Fahadh, Manju, Aishwarya corner Movie Street film excellence awards. Malayala Manorama
  22. ↑ Winners TISFA 2019. Toronto International South Asian Film Awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমিষা ছাজায়ন” প্ৰবন্ধৰ সংশোধন ৪৯৬৯৫৯ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।