ধৰ্ম কান্ত মিলি (ইংৰাজী: Dharma Kanta Mili) অসম লোকসেৱা আয়োগ (ACS)ৰ এগৰাকী জ্যেষ্ঠ তথা সুদক্ষ প্ৰশাসনিক বিষয়া, ক্ৰীড়াবিদ (ফুটবল খেলুৱৈ) আৰু অসমীয়া সুলেখক। ১৯৬৭ চনৰ ২ জুন তৰিখে শিৱসাগৰৰ দিখৌমুখত জন্মগ্ৰহণ কৰা ধৰ্ম কান্ত মিলি অসম চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম-কাজত জড়িত থকাৰ লগতে বিভিন্ন সামাজিক কাম-কাজ, ক্ৰীড়াজগত আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ অৱদান যোগাইছিল।১২
শিক্ষা
মিলিয়ে ১৯৮২ চনত স্থানীয় দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
প্ৰথমতে শিৱসাগৰ মহাবিদ্যালয় আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনা কৰাৰ সময়তে ১৯৯৩ চনত অসম চৰকাৰৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এগৰাকী অসামৰিক প্ৰশাসনিক বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। কৰ্মজীৱনৰ সময়ছোৱাত এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰ পৰিচয় দিবলৈ সক্ষম হোৱা মিলিয়ে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক, জল জীৱন মিছনৰ অতিৰিক্ত সঞ্চালক, জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব, মীন বিভাগৰ যুটীয়া সচিব, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য সচিব, ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত উন্নয়ন আয়ুক্ত, ধেমাজি জিলা মহকুমা বিষয়া, উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ওদালগুৰি, নাওবৈচা আৰু সোৱনশিৰীৰ মূল চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি মৃত্যুৰ সময়লৈকে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩৪
মৃত্যু
উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ২০২৬ চনৰ ১৭ মে' তাৰিখে মিলিয়ে প্ৰায় ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।৫৬
তথ্যসূত্ৰ
- ↑ RTI Contacts. Directorate of Higher Education, Assam
- ↑ Service Report. Government of Assam
- ↑ (18 May 2026). ধৰ্ম কান্ত মিলিৰ মৃত্যুত শোকৰ ছাঁ. নিয়মীয়া বাৰ্তা
- ↑ Assamese writer and bureaucrat Dharmakanta Mili passes away in Guwahati. The Sentinel Assam
- ↑ Former Director of Higher Education Dharmakanta Mili passes away. অসমীয়া প্ৰতিদিন
- ↑ Assamese writer and bureaucrat Dharmakanta Mili passes away in Guwahati. The Sentinel Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্ম কান্ত মিলি” প্ৰবন্ধৰ সংশোধন ৬১০০২০ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।