স্বেতা শেট্টী (Swetha Shetty; জন্ম: ৮ এপ্ৰিল ১৯৮৯) পেচাগতভাৱে নন্দিতা স্বেতা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত উপস্থিত হয়। 'নন্দ লাভচ্ নন্দিতা' নামৰ কান্নাডা চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয়ৰ কৰ্মজীৱন আৰম্ভ কৰে। পিছত ২০১২ চনৰ ব্যংগাত্মক চলচ্চিত্ৰ 'আট্টাকাঠি'ৰ যোগেদি তেওঁ তামিল ভাষাত অভিনয়ৰ সূচনা কৰিছিল। তেওঁ ২০১৬ চনত ভৌতিক ব্যংগাত্মক ছবি 'এক্কাদিকি পোথাবু চিন্নাবাদা'ৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।
কৰ্মজীৱন
২০০৮ চনত স্নাতক শেষ কৰাৰ পিছত স্বেতা উদয় সংগীত ভিজে হিচাবে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০৮ৰ কান্নাডা চলচ্চিত্ৰ 'নন্দ লাভচ্ নান্দিতা'ৰ যোগেদি তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। চলচ্চিত্ৰখনত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল নন্দিতা, যিয়ে পিছত সেই নামটোকে গ্ৰহণ কৰিছিল। ২০১২ চনত তেওঁ প্ৰথমে তামিল চলচ্চিত্ৰ পা. ৰঞ্জিত পৰিচালিত 'আট্টাকাতি'ত অভিনয় কৰিছিল। তেওঁক অভিনয় বাবে প্ৰশংসা কৰা হৈছিল। তেওঁ দুৰাই চেণ্টিলকুমাৰ পৰিচালিত 'এথিৰ নীচল'ত এগৰাকী ক্ৰীড়াবিদ হিচাপে অভিনয় কৰিবলৈ গৈছিল। তেওঁ বিজয় সেতুপতিৰ সৈতে চেন্নাইৰ ছোৱালী কুমুঠাৰ চৰিত্ৰত ব্যংগাত্মক চলচ্চিত্ৰ 'ইধাৰকুথানে আছৈপাট্টাই বালাকুমাৰ'ত উপস্থিত হয়।
২০১৪ চনত তেওঁৰ 'মুণ্ডাসুপাট্টি', 'নালানাম নান্ধিনিউম' আৰু 'আইন্ধাম থালৈমুৰাই চিধা বৈধিয়া চিগামণি' মুক্তি পাইছিল। ২০১৫ চনত, 'উপ্পু কাৰুবাদু' আৰু 'পুলি' মুক্তি পাইছিল। ২০১৬ চনত 'অঞ্জলা', 'এক্কাদিকী পোথাবু চিন্নাবাদা' মুক্তি পাইছিল। তেলুগু চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০১৭ চনৰ ডিচেম্বৰত তেওঁৰ ছবি 'উলকুথু' মুক্তি পাইছিল। 'কালাকালাপ্পু ২'ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে। ইয়াৰ পিছত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰবোৰ আছিল 'কাথিৰুপ্পোৰ পাট্টিয়াল' আৰু 'অসুৰবধম'। আৰু দুখন তেলুগু চলচ্চিত্ৰ আছিল 'শ্ৰীনিবাস কল্যাণাম' আৰু 'ব্লাফ মাষ্টৰ'।
ব্যক্তিগত জীৱন
তেওঁ কৰ্ণাটকৰ বাংগালুৰুৰ, য’ত তেওঁৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু তেওঁৰ মাতৃ গৃহিণী। তেওঁৰ দুজন সৰু ভাই আছে।
চলচ্চিত্ৰপুঞ্জী
অভিনেত্ৰী হিচাপে
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৮ | নন্দ লাভচ্ নন্দিতা | নন্দিতা | কান্নাডা | |
| ২০১২ | আট্টাকাতি | পুৰ্ণিমা | তামিল | |
| ২০১৩ | এথিৰ নীচল | বাল্লী | ||
| ইধাৰকুথানে আছৈপাট্টাই বালাকুমাৰ | কুমুধা | |||
| ২০১৪ | মুণ্ডাসুপাট্টি | কালৈবাণী | ||
| নালানাম নান্ধিনিউম | নন্দিনী | |||
| আইন্ধাম থালৈমুৰাই চিধা বৈধিয়া চিগামণি | নন্দিনী | |||
| ২০১৫ | পুলি | পুষ্পা | কেমিঅ’ এপিয়াৰেঞ্চ | |
| উপ্পু কাৰুবাদু | পুঙ্গুজলী | |||
| ২০১৬ | অঞ্জলা | উতৰা | ||
| এক্কাদিকি পোথাবু চিন্নাবাদা | অমলা/পাৰ্ৱতী | তেলুগু | ||
| ২০১৭ | উলকুথু | কাদালাৰশী | তামিল | |
| ২০১৮ | কালাকালাপ্পু ২ | নন্দিতা | গেষ্ট এপিয়াৰেঞ্চ | |
| কাথিৰুপ্পোৰ পাট্টিয়াল | মেঘলা | |||
| অসুৰবধম | মহা | |||
| শ্ৰীনিবাস কল্যাণাম | পড্ডু | তেলুগু | ||
| ব্লাফ মাষ্টৰ | অৱনী | |||
| ২০১৯ | প্ৰেমা কাথা চেত্ৰাম ২ | নন্দু | ||
| দেৱী ২ | চাৰা | তামিল | ||
| অভিনেত্ৰী ২ | তেলুগু | |||
| ৭ | ৰামিয়া | তেলুগু তামিল | ||
| কল্কি | অসীমা খান | তেলুগু | ||
| ২০২০ | তানা | নিবিতা | তামিল | |
| আইপিচি ৩৭৬ | তেলুগু | প’ষ্ট প্ৰডাকচন | ||
| কাবাদাদাৰী | তামিল | ফিল্মিং | ||
| কাবাদাদাৰী | তেলুগু | ফিল্মিং |
অন্যান্য কৰ্মৰাজি
একক
| চন | গীত | ভাষা | টোকা |
|---|---|---|---|
| ২০২০ | "মানচাৰা চোল্লু" | তামিল | অভিনেত্ৰী হিচাপে |
ডাবিং শিল্পী
বঁটা আৰু মনোনয়ন

| চলচ্চিত্ৰ | বঁটা | ধৰণ | ফলাফল | তথ্য প্ৰসংগ |
|---|---|---|---|---|
| আট্টাকাতি | জয়া টিভি চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিশেষ অভিনেত্ৰী | ২ | |
| এথিৰ নীচল | ৩য় চিমা বঁটা (SIIMA Awards) | শ্ৰেষ্ঠ সহায়কাৰী অভিনেত্ৰী | ৩ | |
| ৬১তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহায়কাৰী অভিনেত্ৰী-তামিল | |||
| মুণ্ডাসুপাট্টি | এডিচন এৱাৰ্ডচ্ | এডিচন এৱাৰ্ড ফ’ৰ বেষ্ট ৰেট্ৰ এক্ট্ৰেচ্ | ||
| এক্কাদিকি পোথাবু চিন্নাবাদা | ৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহায়কাৰী অভিনেত্ৰী - তেলুগু | ৪ |
তথ্যসূত্ৰ
- ↑ timesofindia.indiatimes.com/entertainment/tamil/
- ↑ Nandita Swetha, best Debut actress 2012. Times of India
- ↑ Nandita signs her next with Kaali and Ramdoss. Deccanchronicle.com
- ↑ Best Actor in a Supporting Role (Female): Nandita Swetha. Timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা স্বেতা” প্ৰবন্ধৰ সংশোধন ৪০৩৪৯৫ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।