অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা দেশপাণ্ডে

নিৰ্মলা দেশপাণ্ডে (১৯ অক্টোবৰ ২৯২৯ – ১ মে' ২০০৮) এগৰাকী ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী। তেওঁ সামাজিক শান্তি-সম্প্ৰীতি, নাৰী সবলীকৰণ, জনজাতীয় লোক আৰু সমাজৰ অৱহেলিত লোকৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ সাংসদ হিচাপে ৰাজ্য সভালৈ মনোনীত কৰিছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ৫২০ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নিৰ্মলা দেশপাণ্ডে (১৯ অক্টোবৰ ২৯২৯ – ১ মে' ২০০৮) এগৰাকী ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী। তেওঁ সামাজিক শান্তি-সম্প্ৰীতি, নাৰী সবলীকৰণ, জনজাতীয় লোক আৰু সমাজৰ অৱহেলিত লোকৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল।১২ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ সাংসদ হিচাপে ৰাজ্যসভালৈ মনোনীত কৰিছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।৩ ২০১০ চনত পাকিস্তান চৰকাৰে তেওঁক মৰণোত্তৰ ভাবে পাকিস্তানৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান চিতাৰা ই ইমতিয়াজ প্ৰদান কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯২৯ চনৰ ১৯ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত বোম্বে প্ৰেচিডেন্সিৰ (বৰ্তমান মহাৰাষ্ট্ৰ) নাগপুৰত নিৰ্মলা দেশপাণ্ডেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পুৰুষোত্তম যশৱন্ত দেশপাণ্ডে আৰু মাতৃ বিমলা। তেওঁৰ পিতৃ পুৰুষোত্তম যশৱন্ত দেশপাণ্ডে এগৰাকী মাৰাঠী ভাষাৰ সাহিত্যিক। তেওঁ অনামিকাচি চিন্তনিকাৰনামৰ গ্ৰন্থৰ বাবে মাৰাঠী ভাষাৰ সাহিত্য অকাডেমি বঁটায়ো লাভ কৰিছে।

তেওঁ পুনেৰ ফেৰগোচন কলেজত অধ্যয়ন কৰিছিল। পিছলৈ তেওঁ নাগপুৰত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষা সমাপ্ত কৰি তেওঁ নাগপুৰৰ মৰিছ কলেজত ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰে।৫

সমাজ সেৱা

২০০৭ চনত নিৰ্মলা দেশপাণ্ডে
২০০৭ চনত নিৰ্মলা দেশপাণ্ডেছবি: Вручение ордена Дружбы Нирмале Дешпанде.jpg: Официальный сайт Президента России · CC BY 4.0

১৯৫২ চনত নিৰ্মলা দেশপাণ্ডে আচাৰ্য বিনোৱা ভাৱেৰ ভূদান আন্দোলনত যোগদান কৰে। তেওঁ মোহনদাস কৰমচান্দ গান্ধীৰ বাৰ্তা গ্ৰাম স্বৰাজৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্য ৪০,০০০ কিঃমিঃ পদযাত্ৰা কৰিছিল। তেওঁ গান্ধীৰ আদৰ্শ আৰু দৰ্শন পালন কৰা কঠিন যদিও সঁচা গণতান্ত্ৰিক সমাজ গঢ়িবলৈ ইয়াৰ দৰকাৰ বুলি কৈছিল।৬ ভাৰতৰ পঞ্জাব আৰু কাশ্মীৰৰ চৰম উত্তপ্ত পৰিস্থিতিত শান্তি বাৰ্তা কঢ়িওৱা বাবে নিৰ্মলা দেশপাণ্ডে জনাজাত। ১৯৯৪ চনত কাশ্মীৰলৈ তেওঁৰ শান্তি মিছনৰ ফলস্বৰূপে ১৯৯৬ চনত ভাৰত-পাকিস্তানৰ মাজত এখন মিটিং অনুষ্ঠিত হৈছিল। এয়া তেওঁৰ সমাজ সেৱাৰ অন্যতম বৃহৎ সফলতা।৭ চীনদেশে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লোকসকলৰ ওপৰত চলোৱা অত্যাচাৰ বিৰুদ্ধেও তেওঁ মাত মাতিছিল। তেওঁ ১৯৮৩ চনৰ জুন মাহৰ পৰা মৃত্যুৰ লৈকে হৰিজন সেৱক সংঘৰ অধ্যক্ষ হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বহুতো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ লগত জড়িত আছিল। তেওঁ অখিল ভাৰত ৰচনাত্মক সমাজ প্ৰতিষ্ঠা কৰিছিল। পিছলৈ এই সংগঠনে ২০০৪ চনত ৰাষ্ট্ৰীয় সামাজিক সম্প্ৰীতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।৮ তেওঁ মিছিগানৰ ইণ্ডিয়ান-আফ্ৰিকান সংগঠনৰ নিমন্ত্ৰণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেবাখনো চহৰ ভ্ৰমণ কৰিছিল।

সাহিত্যৰাজি

তেওঁ হিন্দী ভাষাত কেইবাখনো উপন্যাস ৰচনা কৰিছে। তাৰে ভিতৰত মহিলাৰ মুক্তিৰ আধাৰত ৰচিত সীমান্ত আৰু চীনা সংস্কৃতিৰ আধাৰত ৰচিত চিমলীগ উল্লেখযোগ্য। ইয়াৰ উপৰিও তেওঁ কেইবাখনো নাটক আৰু ভ্ৰমণ কাহিনী ৰচনা কৰিছে। ঈশোপনিষদৰ বাখ্যা আৰু বিনোৱা ভাৱেৰ জীৱনীয়ো ৰচনা কৰিছিল।

১৯৮৫ চনত তেওঁ নিত্যনুতান নামৰ আলোচনী প্ৰকাশ কৰে। আলোচনীখনে অহিংসা আৰু বিশ্বশান্তিৰ বাৰ্তা কঢ়িয়াই নিয়াত আগভাগ লয়। তেওঁৰ মৃত্যুৰ পিছত ৰাইজৰ দান-বৰঙণিৰ জৰিয়তে তেওঁৰ সহযোগী হাৰিয়ানাৰ পানিপথৰ সমাজকৰ্মী ৰাম মোহন ৰায়ে প্ৰতি মাহে আলোচনীখন প্ৰকাশ কৰি আহিছে।৯

বঁটা আৰু সন্মান

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ ৰাজ্যসভালৈ মনোনীত কৰিছিল।১০ তেওঁৰ নাম ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিবেচনা কৰা হৈছিল। তেওঁ ২০০৫ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা লাভ কৰিছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।১১ ২০০৭ চনৰ ৫ নৱেম্বৰ তাৰিখে তেওঁ প্ৰথম বানৰসী দাস গুপ্তা ৰাষ্ট্ৰ গৌৰৱ পুৰস্কাৰ লাভ কৰে। ২০০৯ চনৰ ১৩ আগষ্ট তাৰিখে পাকিস্তানৰ স্বাধীনতা দিৱসৰ আগদিনা চনত পাকিস্তান চৰকাৰে তেওঁক মৰণোত্তৰভাৱে পাকিস্তানৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান চিতাৰা ই ইমতিয়াজ প্ৰদান কৰা ঘোষণা কৰা হয়।১২

হাৰিয়ানাত পানিপথত তেওঁৰ নামেৰে এটা সৰু যাদুঘৰ স্থাপন কৰা হৈছে।৯১৩

মৃত্যু

তেওঁ ৰাজ্যসভাৰ সাংসদ পদত থাকোঁতেই ২০০৮ চনৰ ১ মে' তাৰিখে ৭৯ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।৫ তেওঁ ভাৰত-পাকিস্তানৰ সম্প্ৰীতিৰ হকে কাম কৰা বাবে তেওঁৰ অস্থি পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সিন্ধু নদীতো উটুৱা হৈছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1 May 2008). Veteran Gandhian Nirmala Deshpande is no more. Indian Express
  2. ↑ (1 May 2008). Nirmala Deshpande - a gutsy Gandhian. DNA
  3. ↑ Padma Awards. Ministry of Communications and Information Technology
  4. ↑ Next Nirmala Deshpande award ceremony to be held in Pakistan - Times of India
  5. ↑ (1 May 2008). Veteran Gandhian Nirmala Deshpande dead. CNN-IBN
  6. ↑ (2 January 2005). The never-say-die crusader. The Tribune
  7. ↑ (3 May 2008). DAWN - Opinion; May 03, 2008
  8. ↑ Awards - NFCH. nfch.nic.in
  9. ↑ (6 May 2014). In memory of Nirmala Deshpande - Daily Times
  10. ↑ Rajya Sabha members. Rajya Sabha secretariat, New delhi
  11. ↑ (2 May 2008). A votary of peace and harmony. দ্য হিন্দু
  12. ↑ - News - Samay Live. www.samaylive.com
  13. ↑ Muniratnam dedicates his Padma to RASS workers

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় সাহিত্যিকপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৪০৩৪৯৮ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।