নিম্ৰত কৌৰ (Nimrat Kaur; জন্ম: ১৩ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। তেখেতে সাধাৰণতে হিন্দী চিনেমা আৰু আমেৰিকান টেলিভিচনৰ অনুষ্ঠানত কাম কৰিছে। ছপা মাধ্যমৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিম্ৰত কৌৰে পৰৱৰ্তী সময়ত থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। দুখনমান ছবিত কাম কৰাৰ পাছত নিম্ৰতে অনুৰাগ কাশ্যপৰ প্ৰযোজনাত নিৰ্মিত হোৱা 'পেডলাৰছ'ত অভিনয় কৰে। এইখন ছবি ২০১২ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। ইয়াৰ পিছত নিম্ৰতে তেখেতৰ এখন সৰ্বজনসমাদৃত ছবি 'লান্সবক্স'ত ইৰফান খানৰ সৈতে অভিনয় কৰে। এই ছবিখনো ২০১৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
২০১৫ চনত নিম্ৰত কৌৰে টাছনিম কুৰেশ্বীয়ে নিৰ্মাণ কৰা 'হোমলেণ্ড'ৰ চতুৰ্থটো ছিজনত এগৰাকী আইএছআই এজেণ্টৰ চৰিত্ৰ ৰূপায়ণ কৰে। এইটো আছিল এটা আমেৰিকান ছিৰিজ। ২০১৬ চনত নিম্ৰতে অক্ষয় কুমাৰৰ লগত যুদ্ধকেন্দ্ৰিক থ্ৰিলাৰ 'এয়াৰলিফ্ট'ত অভিনয় কৰে। একেটা বৰ্ষতে তেখেতে আমেৰিকান টেলিভিছন ছিৰিজ 'ৱেইৱাৰ্ড পাইনছ'ত ৰেবেকা য়েডলিনৰ চৰিত্ৰটো ৰূপায়ণ কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত 'হোমলেণ্ড'ৰ অষ্টম আৰু সৰ্বশেষ ছিজনটোত নিম্ৰত কৌৰক পুনৰ একেটা চৰিত্ৰতে দেখা যায়।
প্ৰাৰম্ভিক জীৱন আৰু নেপথ্য
ৰাজস্থানৰ পিলানীৰ এটি শিখ পৰিয়ালত নিম্ৰত কৌৰে জন্মলাভ কৰে।১২৩ তেখেতৰ পিতৃ আছিল ভাৰতীয় সেনাৰ এগৰাকী বিষয়া। ৰুবিনা আছিল নিম্ৰতৰ ভগ্নী। তেখেত বাংগালোৰত থকা এগৰাকী মনোবিজ্ঞানী।৪ তেখেতৰ পৰিয়ালটোৱে পাটিয়ালাৰ বাস কৰিছিল আৰু নিম্ৰত কৌৰে পাটিয়ালাৰ য়াদাভিন্দ্ৰ ৰাজহুৱা বিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৯৪ চনত তেখেতৰ পিতৃক অপহৰণ কৰা হয় কাশ্মীৰি সন্ত্ৰাসবাদীৰ হাতত তেখেতৰ মৃত্যু হয়।৫ ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো দিল্লীৰ উপনগৰ নয়দালৈ স্থানান্তৰিত হয়। নয়দাৰে দিল্লী পাব্লিক স্কুলত নিম্ৰতে পঢ়া-শুনা কৰে আৰু নয়দাৰ অঞ্চলতে তেখেত ডাঙৰ-দীঘল হয়। পাছলৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ শ্ৰী ৰাম কলেজ অৱ কমাৰ্ছত পঢ়া-শুনা কৰে আৰু বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২৬
কৰ্মজীৱন

পঢ়া-শুনা সমাপ্ত কৰি নিম্ৰত মুম্বাইলৈ গমন কৰে আৰু ছপা মাধ্যমৰ মডেল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ পিছত তেখেতে থিয়েটাৰত এগৰাকী অভিনেত্ৰী হিচাপে যোগদান কৰে আৰু 'বাগদাদ ৱেডিং', 'অল এবাউট ৱমেন'ৰ দৰে নাটকত অভিনয় কৰে। এইখন ক্ষেত্ৰত কাম কৰি তেখেত সুনীল শ্বানবাগ আৰু মানৱ কৌলৰ দৰে পৰিচালকৰ সান্নিধ্যলৈ আহে।৭
২০০৪ চনত নিম্ৰত কৌৰে কুমাৰ চানু আৰু শ্ৰেয়া ঘোষালে কণ্ঠদান কৰা যথাক্ৰমে 'তেৰা মেৰা প্যাৰ' আৰু 'য়ে ক্যা হোৱা' নামৰ গীত দুটাৰ দুইমিনিটীয়া ভিডিঅ'ত পোনপ্ৰথমবাৰৰ বাবে ভূমুকি মাৰে। ভিডিঅ'কেইটা পৰিচালনা কৰিছিল লেখক-পৰিচালক অপূৰ্বা আছৰানিয়ে।২ তেখেতে দূৰদৰ্শনৰ বাবে কিছুমান বিজ্ঞাপনত অভিনয় কৰে।৮
২০০৬ চনত মুক্তিপ্ৰাপ্ত ইংৰাজী ভাষাৰ ছবি 'One Night with the King' আছিল নিম্ৰত কৌৰৰ প্ৰথমখন ছবি। এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰা এই ছবিখনৰ কিছু দৃশ্যগ্ৰহণ ৰাজস্থানত সম্পন্ন হৈছিল। আনহাতে হিন্দী ভাষাত অভিনয় কৰা তেখেতৰ প্ৰথমখন ছবি হৈছে অনুৰাগ কাশ্যপৰ প্ৰযোজনাত নিৰ্মিত 'পেডলাৰছ'। ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে কাঁ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।৯
কেডবেৰী ছিল্কৰ এটা বিজ্ঞাপনত অভিনয় কৰি কৌৰে ৰাজহুৱা দৃষ্টি আকৰ্ষণ কৰিছিল।১০
২০১৩ চনত মুক্তিলাভ কৰা 'লাঞ্চবক্স' নামৰ ছবিখনৰ জৰিয়তে নিম্ৰত কৌৰে দ্বিতীয়বাৰৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱত পদাৰ্পণ কৰে।১১১১২১৩ বাণিজ্যিকভাৱে সফল হোৱা ছবিখনে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰে।১৪১৫১৬ ২০১৬ চনত নিম্ৰত কৌৰে অক্ষয় কুমাৰৰ লগত 'এয়াৰলিফ্ট' নামৰ ছবিখনত অভিনয় কৰে।১
তথ্যসূত্ৰ
- ↑ Gupta, Priya. (9 December 2015). Nimrat Kaur:She spent years of her childhood in Khajuwala,a town in Bikaner district of Rajasthan. My father was killed by the Hizb-ul-Mujahideen for not conceding to their demands in Kashmir. The Times of India
- ↑ (20 September 2013). Personal Agenda: Nimrat Kaur. Hindustan Times
- ↑ (14 August 2013). Trailer out: Irrfan and Nimrat Kaur in Cannes-winning film Lunch Box. India Today
- ↑ Kandpal, Kathika. (9 December 2013). 'I wanted to sex up Ila from The Lunchbox' – Nimrat. Filmfare
- ↑ Gupta, Priya. (9 December 2015). Nimrat Kaur: My father was killed by the Hizb-ul-Mujahideen for not conceding to their demands in Kashmir. The Times of India
- ↑ (27 September 2013). Nimrat Kaur: I am living my dream. Hindustan Times
- ↑ (29 March 2012). Stage of reason. The Hindu
- ↑ (16 September 2013). 'The Lunchbox' new stills: Why Nimrat Kaur is a talent to watch out for. IBN Live
- ↑ Young, Deborah. (21 May 2012). Peddlers-Cannes-Review. Hollywoodreporter.com
- ↑ (19 July 2013). New Cadbury girl Nimrat Kaur is making waves in Bollywood. Indian Express
- ↑ (22 May 2013). Nimrat Kaur on her second appearance at Cannes. Mid-day.com
- ↑ (19 May 2013). 'The Lunchbox' at Cannes, actress Nimrat Kaur not surprised. The Times of India
- ↑ (24 July 2013). You don't always get the right films, says 'Lunchbox' star Nimrat Kaur. CNN-IBN
- ↑ (30 September 2013). Box Office: Veena Malik's Super Model is a disaster. Rediff.com
- ↑ The Lunchbox (2013). Rotten Tomatoes
- ↑ (20 September 2013). 'The Lunchbox' Critics Review Roundup: A Must Watch Film!. International Business Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিম্ৰত কৌৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯২১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।