নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷১২৩ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা বেনাৰ্জীয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত দুই দশকৰো অধিক কাল জড়িত হৈ আছিল ৷ ওৰাঙত স্থাপিত হোৱা ওৰাং সংগীত মহাবিদ্যালয়ৰ তেখেত প্ৰথমতে উপাধ্যক্ষ আৰু পৰৱৰ্তী সময়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ গীতৰ স্বৰলিপি লিখন, বাদ্য সংগত কৰাৰ লগতে বেনাৰ্জীয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতো একালত জড়িত হৈছিল আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদ লাভ কৰিছিল ৷
প্ৰাৰম্ভিক জীৱন
১৯৫৬ চনৰ ১৪ নৱেম্বৰত নন্দ বেনাৰ্জীয়ে নগাঁও জিলাৰ ফৌজদাৰীপট্টীত এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ পিতৃ সুশীল বেনাৰ্জী শাস্ত্ৰীয় সংগীতৰ এগৰাকী সাধক ৷১
কৰ্মজীৱন
অসমীয়া চলচ্চিত্ৰত
নন্দ বেনাৰ্জীয়ে একাধিক অসমীয়া কথাছবিত সংগীত পৰিচালকৰ ভূমিকা পালন কৰিছিল৷ ২০০৫ চনত তেখেতে 'স্নেহবন্ধন' ছবিত সংগীত পৰিচালনা কৰে৷ উল্লেখ্য যে, ছবিখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটাত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটা লাভ কৰে ৷ তেখেতে সংগীত পৰিচালনা কৰা অন্তিমখন অসমীয়া কথাছবি আছিল 'জনকনন্দিনী' ৷১৪
ভ্ৰাম্যমাণত
কুৰি শতিকাৰ '৮০ৰ দশকৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুটা দশকৰো অধিক কাল নন্দ বেনাৰ্জীয়ে অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী কহিনুৰ থিয়েটাৰৰ সংগীত পৰিচালক হিচাপে জড়িত হৈ আছিল৷ কহিনুৰৰ মঞ্চত তেখেতে অভিনয়ো কৰিছিল৷ কহিনুৰৰ পাছত তেখেতে 'অপৰূপা' থিয়েটাৰৰ লগত জড়িত হৈ চাৰি বছৰ সংগীত পৰিচালনাৰ দায়িত্ব লয়৷১
ভ্ৰাম্যমাণ থিয়েটাৰ নন্দ বেনাৰ্জীয়ে আনন্দ নাৰায়ণ দেৱৰ সৈতে যুটি বান্ধি 'নন্দ-আনন্দ' যুটি হিচাপে খ্যাতি লভিছিল ৷ ৪
গীতৰ স্বৰলিপি
নন্দ বেনাৰ্জীয়ে ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গীতৰ স্বৰলিপি কৰিছিল ৷ ১
অন্যান্য
নন্দ বেনাৰ্জীৰ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতৰ জ্ঞান আছিল৷ পাশ্চাত্য আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষাৰ বাবে তেখেতে সংস্কৃতিকা নামৰ এখন প্ৰতিষ্ঠানো প্ৰতিষ্ঠা কৰিছিল৷ তেখেতে সদৌ অসম সংগীত শিক্ষক সংস্থাৰ এগৰাকী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ভাটখাণ্ডেৰ অধীনস্থ হিন্দুস্তানী সংগীতৰ অসমৰ ফালৰপৰা তেখেত এগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আছিল৷
১৯৯১ চনত ওৰাঙত স্থাপিত হোৱা ওৰাং সংগীত মহাবিদ্যালয়ত নন্দ দেৱ শৰ্মাক অধ্যক্ষ আৰু নন্দ বেনাৰ্জীক উপাধ্যক্ষ পদত দায়িত্ব দিয়া হৈছিল ৷ নন্দ দেৱ শৰ্মাৰ মৃত্যুৰ পাছত নন্দ বেনাৰ্জী ১৯৯৩ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ আসনত বহে ৷ ১
গণনাট্য সংঘৰ লগতো তেখেত জড়িত হৈছিল৷ ১
নন্দ বেনাৰ্জী এগৰাকী গজল গায়কো আছিল ৷ এগৰাকী বাদ্যযন্ত্ৰী হিচাপেও তেখেত সমাদৃত৷ বেনাৰ্জীয়ে অসমৰ একাধিক শিল্পী; ড০ ভূপেন হাজৰিকা, খগেন মহন্ত, ৰিদীপ দত্ত, নমিতা ভট্টাচাৰ্য আদিৰ লগত মঞ্চত একৰ্ডিয়ান আৰু পিয়ানো সংগত কৰিছিল৷ ১
সংগীতৰ লগতে তেখেত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনতো জড়িত হৈ পৰিছিল৷ প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ সময়ত তেখেত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য১ আৰু ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতিৰ আসনত বহিছিল ৷
ব্যক্তিগত জীৱন
জীৱনৰ অধিকাংশ সময় নন্দ বেনাৰ্জীয়ে নগাঁও চহৰত কটায় ৷ পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী চহৰত কটায় ৷ নন্দ বেনাৰ্জীৰ পত্নী হৈছে সান্ত্বনা বেনাৰ্জী৷ তেওঁলোকৰ সন্তান একমাত্ৰ পুত্ৰ শ্যামনন্দ বেনাৰ্জী৷১৪
মৃত্যু
নন্দ বেনাৰ্জীৰ ২০২৪ চনৰ ১১ মাৰ্চ তাৰিখে দেহাৱসান হয়৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮ বছৰ৷ মৃত্যুৰ দিনা পুৱা প্ৰায় ৪-৩০ বজাত তেখেত গুৱাহাটীৰ গীতানগৰৰ ছ'নিয়া এনক্লেভৰ বাসগৃহত ষ্ট্ৰোকজনিত কাৰণত গুৰুতৰ অসুস্থতাৰ সন্মুখীন হয়৷ স্থানীয় কে জি এম টি চিকিৎসালয়ত তেখেতক মুহূৰ্ততে ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে৷ বিগত দেওবাৰৰ দিনা তেখেত স্নানাগাৰত পৰি সংজ্ঞাহীন হৈ পৰিছিল আৰু স্বাস্থ্যৰ অৱনতি ঘটিছিল৷৪
উল্লেখ্য যে, নন্দ বেনাৰ্জীয়ে অসমৰ অ-লাভজনক সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নিজৰ চকুযুৰি শংকৰদেৱ নেত্ৰালয়ক দান দি থৈ যায় ৷
তথ্যসূত্ৰ
- ↑ (১২ মাৰ্চ, ২০২৪). বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ মৃত্যু. দৈনিক অসম. পৃ. ১ আৰু ৬
- ↑ (১২ মাৰ্চ, ২০২৪). Renowned assamese music composer Nanda Banerjee passes away at 68. India TodayNE
- ↑ (১২ মাৰ্চ, ২০২৪). Assam: AGP mourns death of noted music director Nanda Banerjee. Sentinal
- ↑ (১২ মাৰ্চ, ২০২৪). কোনোদিন ওভতি নহাৰ বাটেৰে গুচি গ'ল সংগীতৰ যাদুকৰ নন্দ বেনাৰ্জী. নিউজ ১৮ অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দ বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪১১২৫২ (১২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।