নুচৰাত ইমৰোজ তিছা (Nusrat Imrose Tisha; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক যি মুখ্যতঃ বঙালী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিছা নামেৰে জনাজাত। দূৰদৰ্শন আৰু ৰূপালী পৰ্দা দুয়োটা মাধ্যমতে তেওঁ প্ৰশংসা আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম
বাংলাদেশৰ ৰাজশাহীত জন্মগ্ৰহণ কৰা তিছাৰ বাংলাদেশৰ নতুন কুৰী শীৰ্ষক টেলিভিছন ৰিয়েলিটি প্ৰতিযোগিতাৰ যোগেদি উত্থান হৈছিল। ১৭ বছৰ বয়সত, ১৯৯৮ চনত তেওঁ বঙালী টেলিভিছন নাটক সাত প্ৰহৰেৰ কাব্যত প্ৰথম অভিনয় কৰে। ২০২০ চনলৈ তেওঁ এশতকৈও অধিক টেলিভিছন নাটকত অভিনয় কৰিছে। ২০০৯ চনত থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ নামৰ বাংলাদেশী ছবিৰ যোগেদি তেওঁ প্ৰথম চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ছবিখনত কৰা অভিনয় বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মেৰিল-প্ৰথম আলো বঁটাৰ বাবে মনোনীত হয় আৰু সমালোচকৰ বাচনি বঁটা লাভ কৰে। এই ছবিখন বাংলাদেশৰ ফালৰ পৰা শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শিতানত ৮৩তম অস্কাৰ বঁটাৰ বাবে দাখিল কৰা হয়।
তেওঁ মোস্তাফা চাৰৱাৰ ফাৰুকীয়ে পৰিচালনা কৰা কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰে; যাৰ ভিতৰত আছে টেলিভিছন (২০১২),ডুব: নো বেড অফ ৰোজেছ (২০১৭)। ২০২০ চনলৈকে তেওঁ দুটাকৈ বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তিছাই নৱাজুদ্দিন ছিদ্দিকী অভিনীত আৰু মোস্তাফা চাৰৱাৰ ফাৰুকী পৰিচালিত আহিবলগীয়া মাৰ্কিন-ভাৰতীয়-বাংলাদেশী চলচ্চিত্ৰ নো লেণ্ডছ মেনত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
২০ ফেব্ৰুৱাৰী ২০২১-ত ৰাজশাহীত তিছাৰ জন্ম হয়। তেওঁৰ মাক-দেউতাক ক্ৰমে শাহিন মাহফুজা হক আৰু ইনামূল হক।পাঁচবছৰ বয়সতে তেওঁ সংগীত শিকিবলৈ লয়। ১৯৯৩-ত বাংলাদেশ টেলিভিছনৰ টেলেণ্ট হাণ্ট অনুষ্ঠান নতুন কুড়িত তেওঁ দ্বিতীয় স্থান লাভ কৰে।১ তাৰ দুবছৰ পিছত একে অনুষ্ঠানতে তেওঁ গোল্ডকাপ জিকিবলৈ সক্ষম হয়।২ তেওঁ ঢাকাস্থিত নৰ্থ-চাউথ বিশ্ববিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰে, যিখন বাংলাদেশৰ আটাইতকৈ শীৰ্ষৰ ব্যক্তিগত বিশ্ববিদ্যালয়।
তিছাই ১৬ জুলাই ২০১০-ত চলচ্চিত্ৰ নিৰ্মাতা মোস্তাফা চাৰৱাৰ ফাৰুকীক বিবাহ কৰায়।৩৪ ২০২২ চনত তেওঁলোকৰ কন্যা সন্তান এজনীৰ জন্ম হয়।৫
কৰ্মজীৱন
১৯৯৮ চনত সাত প্ৰহৰেৰ কাব্য শীৰ্ষক নাটকৰ দ্বাৰা তিছাৰ টেলিভিছন পৰ্দাত অভিষেক ঘটে। নাটকথনৰ ৰচয়িতা আছিল অনন্ত হীৰা আৰু পৰিচালনা কৰিছিল আহচান হাবিবে।
তিছাই প্ৰথম মেৰিল লিপজেলৰ বাবে মডেলিং কৰে। তেওঁ কোকাকলা, চিটি-চেল, পেৰাচুট, বোম্বে চুইটচ্ আৰু কেয়া কচমেটিকচৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰে। ২০০৩ আৰু ২০০৪ চনত তেওঁ মডেলিঙৰ বাবে মেৰিল-প্ৰথম আলো বঁটাৰে সন্মানিত হয়। ছয় বছৰৰ বিৰতিত তিছাই ২০১৪ চনত স্কোৱেৰৰ এটা বিজ্ঞাপনত অংশগ্ৰহণেৰে পুনৰ দূৰদৰ্শনৰ বিজ্ঞাপন জগতলৈ ঘূৰি আহে। তেওঁক ৰবি, ৰূপচন্দা, ডাৱৰ-আমলা আদিৰ বিজ্ঞাপনত দেখা যায়।৬
চলচ্চিত্ৰপঞ্জী
- থাৰ্ড পাৰচন চিংগুলাৰ নাম্বাৰ (২০০৯)
- ৰাণৱে (২০১০)
- টেলিভিছন (২০১২)
- অস্তিত্ব (২০১৬)
- ৰাণা পাগলা: দ্য মেণ্টাল (২০১৬)
- ডুব (২০১৭)
- হালদা (২০১৭)
- ইতি, তোমাৰি ঢাকা (২০১৮)
- ফাগুন হাৱাই (২০১৯)
- দ্য ওল্ডমেন এণ্ড দ্য গাৰ্ল (২০১৯)
- শনিবাৰ বিকেল (২০১৯)
- মায়াৱতী (২০১৯)
- বহ্নি (২০১৯)
- হলুদবনি (২০১৯)
- ট্ৰেপ (২০২০)
- নো মেনচ্ লেণ্ড (BIFF প্ৰিমিয়াৰ, অক্টোবৰ ২০২১)
তথ্যসূত্ৰ
- ↑ Farooki and Tisha tying the knot. The Daily Star
- ↑ Correspondent, Entertainment. Tisha and Farooki blessed with a baby girl. Prothomalo
- ↑ (2 July 2010). Tisha in football fiction Tiebreaker. Priyo News
- ↑ (7 July 2010). Tisha's new comedy on Football giants- Brazentina. Priyo News
- ↑ (19 July 2010). Tisha's first play after marriage. Priyo News
- ↑ (24 September 2020). 'Bhalobasha Pritilata' will present history of glory before new generation: Hasan. Bangladesh Sangbad Sangstha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুচৰাত ইমৰোজ তিছা” প্ৰবন্ধৰ সংশোধন ৫২৫৮৩১ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।