নিউৰালিংক কৰ্পোৰেছন (Neuralink Corporation) হৈছে এটা স্নায়ু'প্ৰযুক্তিবিদ্যা (neurotechnology) কোম্পানী, যিয়ে মগজুত সংৰোপন কৰিব পৰা মগজু-যন্ত্ৰ আন্তঃপৃষ্ঠ (brain–machine interface) নিৰ্মাণ কৰি আছে৷ ইয়াৰ প্ৰতিষ্ঠাতা হৈছে ইলন মাস্ক্ আৰু অন্যান্যসকল৷ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত পায়'নিয়েৰ বিল্ডিঙত৷ ১ ২০১৬ চনত নিউৰালিংকে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে আৰু ২০১৭ চনৰ মাৰ্চত ৰাজহুৱাভাৱে নিজৰ পৰিচয় দাঙি ধৰে৷
প্ৰতিষ্ঠাকালৰে পৰা এই কোম্পানীটোৱে বহুকেইখন বিশ্ববিদ্যালয়ৰ খ্যাতনামা আৰু উচ্চমানসম্পন্ন স্নায়ুবিজ্ঞানীক নিযুক্ত কৰিছে ৷ ২ ২০১৯ চনৰ জুলাই পৰ্যন্ত, এই কোম্পানীয়ে ১৫৮ মিলিয়ন ডলাৰৰ পুঁজি (ইয়াৰে ১০০ মিলিয়ন ডলাৰ মাস্কৰ) লাভ কৰিছে আৰু প্ৰায় নবৈগৰাকী কৰ্মকৰ্তাক নিয়োগ কৰিছে৷ ৩ সেইখিনি সময়ত নিউৰালিংকে ঘোষণা কৰিছিল যে, ৪-৬ মাইক্ৰ'মিটাৰ (μm) প্ৰস্থৰ তেনেই পাতল সূতাৰ দৰে আহিলা মগজুত সংৰোপন কৰিব পৰা এবিধ "চিলাই যন্ত্ৰ-সদৃশ"এটা সঁজুলি নিৰ্মাণত তেওঁলোক ব্যস্ত হৈ আছে৷ ৪) তেওঁলোকে ১,৫০০ ডাল ইলেকট্ৰডৰ দ্বাৰা গৱেষণাগাৰৰ নিগনিৰ তথ্য পঢ়িব পৰা এটা বিশেষ প্ৰণালী প্ৰদৰ্শন কৰে৷ ২০২০ চনত তেওঁলোকে মানুহৰ ওপৰতো পৰীক্ষা সম্পন্ন কৰাৰ আশা কৰিছিল যদিও৩ সেই সম্ভাৱনাক ২০২১ চনলৈ পিছুৱাই দিয়া হয়৷৫ ২০২২ চনৰ জানুৱাৰী মাহত নিউৰালিংকে এজন পৰীক্ষণ সঞ্চালক নিয়োগ কৰিছে ৷ তেওঁলোকে অচিৰেই মানুহৰ ওপৰত এই প্ৰযুক্তিৰ সম্পৰীক্ষা চলাব৷ ৬
এমআইটি টেকন'ল'জি ৰিভিউকে ধৰি বহুকেইগৰাকী স্নায়ুবিজ্ঞানী আৰু প্ৰকাশনে এই প্ৰযুক্তিৰ লগত জড়িত হৈ থকা ইলন মাস্কৰ দাবীসমূহক সমালোচনা কৰিছে৷
অৱলোকন

স্নায়ুবিজ্ঞান, জৈৱৰসায়ন আৰু ৰ'ব'টিকছত দক্ষতা থকা ইলন মাস্ক, মেক্স হোডাক, বেন ৰেপ'প'ৰ্ট, ডংজিন ছিঅ', প'ল মেৰোল্লা, ফিলিপ ছাবেছ, টিম গাৰ্ডেনাৰ, টিম হেনছন আৰু ভেনেছা ট'ল'ছাৰ দৰে এদল বিশেষজ্ঞৰ দ্বাৰা ২০১৬ চনত নিউৰালিংক প্ৰতিষ্ঠিত হয়৷ ১ নিউৰালিংকৰ ট্ৰেডমাৰ্কটো ইয়াৰ পূৰ্বৰ স্বত্বাধিকাৰীসকলৰ পৰা ২০১৭ চনৰ জানুৱাৰীত ক্ৰয় কৰা হৈছিল৷ ৭
২০১৭ চনৰ এপ্ৰিলত নিউৰালিংকে ঘোষণা কৰিলে যে, তেওঁলোকে হ্ৰস্বম্যাদী সময়ত আঘাতপ্ৰাপ্ত মানৱ-মগজুৰ নিৰ্মূল কৰাৰ উদ্দেশ্যে কাম কৰি আছিল আৰু পৰৱৰ্তী সময়ত মানুহ সংবৰ্ধনকৰণ (human enhancement) আছিল তেওঁলোকৰ অন্তিম লক্ষ্য৷ ইয়াক কেতিয়াবা কোৱা হয় ৰূপান্তৰবাদ(transhumanism)৮১৯ লেইন এম. বেংকছ লিখিত দ্য কালছাৰ শীৰ্ষক দহটা খণ্ডৰ এখন উপন্যাসত অন্তৰ্ভুক্ত কাল্পনিক ব্ৰহ্মাণ্ডখনত থকা নিউৰেল লেচ নামৰ কল্প-বিজ্ঞানধৰ্মী ধাৰণাটোৱে মাস্কৰ মনত এই দিশটোৰ প্ৰতি আংশিকভাৱে আগ্ৰহ জন্মালে বুলি জানিবলৈ দিছিল৷ ৯১০
মাস্কে নিউৰেল লেচক "কৰ্টেক্সৰ ওপৰৰ ডিজিটেল স্তৰ" হিচাপে সংজ্ঞায়িত কৰিছিল যি বিস্তৃত ট্ৰেপেনেচন বা অস্ত্ৰোপচাৰ অন্তৰ্ভুক্তিক বুজাব নোৱাৰে কিন্তু যথাৰ্থভাৱে শিৰা বা ধমনীৰ মাজত এটা সংৰোপনক বুজাব।১১ মাস্কে ব্যাখ্যা কৰিলে যে ইয়াৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে "কৃত্ৰিম বুদ্ধিমত্তাৰ লগত একত্ৰিত হোৱা'',১২ইয়াক মাস্কে মানৱ জাতিৰ বাবে অস্তিত্বজনিত শংকা হিচাপে নিৰীক্ষণ কৰিছে, যদিহে ই আমাৰ অগোচৰে থাকি যায়৷ ১২১৩
২০২০ চন পৰ্যন্ত নিউৰালিংকৰ মুখ্য কাৰ্যালয় অৱস্থিত হৈ আছে ছান ফ্ৰান্সিকোৰ মিছন ডিস্ট্ৰিক্টত থকা পায়'নিয়ৰ বিল্ডিঙত, অপেন এইআৰ সৈতে৷ এইটো কোম্পানীও মাস্কেই প্ৰতিষ্ঠা কৰিছিল ৷ ১৪ জাৰেড বিৰখল হৈছে মাস্কৰ পাৰিবাৰিক কাৰ্যালয়ৰ মুৰব্বী৷ তেওঁক ২০১৮ চনত কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, মুখ্য কাৰিকৰী বিষয়া আৰু নিউৰালিংকৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ১৫১৪ ২০১৮ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত, মাস্ক নিউৰালিংকৰ গৰিষ্ঠ স্বত্বাধিকাৰী হৈ পৰে যদিও কোনোধৰণৰ কাৰ্যবাহী পদ অধিকাৰ নকৰে৷ ১৬
২০২০ চনৰ আগষ্ট পৰ্যন্ত, প্ৰতিষ্ঠাপক আঠগৰাকী ব্যক্তিৰ মাত্ৰ তিনিগৰাকীহে কোম্পানীত থাকে ৷ এই কথা সদৰী কৰিছিল 'ষ্টেট নিউজ' নামৰ ৱেবছাইটৰ এটা প্ৰতিবেদনে, য'ত কোৱা হৈছিল যে-নিউৰালিংকত কেতবোৰ অভ্যন্তৰীন সংঘাতৰ সূচনা হৈছে য'ত "খৰতকীয়া সময়সীমাৰ লগত বিজ্ঞানৰ মন্থৰ আৰু ক্ৰমবৰ্ধমান গতিৰ সংঘৰ্ষ হৈছে৷ "১৭
২০২১ চনৰ এপ্ৰিলত নিউৰালিংকে নিউৰালিংক সংৰোপনৰ সহায়ত পং নামৰ কম্পিউটাৰ খেল খেলা এটা বান্দৰ প্ৰদৰ্শন কৰে৷ ১৮২০০২ চনৰ পৰাই এই প্ৰযুক্তি আছিল যদিও বিজ্ঞানীসকলে সংৰোপনটোক তাঁৰবিহীন কৰাৰ বাবে আৰু সংৰোপিত ইলেকট্ৰডৰ সংখ্যা বঢ়োৱাৰ বাবে তাক স্বীকৃতি দিয়ে৷ ১৯২০২১
২০২১ চনৰ মে' মাহত সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ মেক্স হোডাকে ঘোষণা কৰিলে যে-তেওঁ এই কোম্পানীৰ লগত এতিয়া আৰু কাম নকৰে৷ ২২
তথ্যসূত্ৰ
- ↑ Masunaga, Samantha. (21 April 2017). A quick guide to Elon Musk's new brain-implant company, Neuralink. Los Angeles Times
- ↑ (2019-05-11). Elon Musk's Brain Tech Startup Is Raising More Cash
- ↑ Markoff, John. (2019-07-16). Elon Musk's Company Takes Baby Steps to Wiring Brains to the Internet. The New York Times
- ↑ Elon Musk unveils Neuralink’s plans for brain-reading ‘threads’ and a robot to insert them. Elizabeth Lopatto, The Verge. 16 July 2019
- ↑ Español, Entrepreneur en. (2021-02-04). Neuralink Could Begin Testing Human Brain Implants This Year, Says Elon Musk. Entrepreneur
- ↑ (20 January, 2022). Elon Musk’s Brain Implant Company Is Inching Toward Human Trials. Bloomberg
- ↑ Meet the Guys Who Sold "Neuralink" to Elon Musk without Even Realizing It, April 4, 2017, MIT Technology Review
- ↑ Urban, Tim. (20 April 2017). Neuralink and the Brain's Magical Future. Wait But Why
- ↑ Newitz, Annalee. (March 27, 2017). Elon Musk is setting up a company that will link brains and computers. Ars Technica
- ↑ Cross, Tim. (31 March 2017). The novelist who inspired Elon Musk. 1843 Magazine
- ↑ Elon Musk thinks we will have to use AI this way to avoid a catastrophic future . Robert Ferris, CNBC News. 31 January 2017
- ↑ Elon Musk believes AI could turn humans into an endangered species like the mountain gorilla . Isobel Asher Hamilton, Business Insider. 26 November 2018
- ↑ Everything you need to know about Neuralink: Elon Musk’s brainy new venture . Tyler Lacoma, Digital Trends. 7 November 2017
- ↑ Conger, Kate. Elon Musk's Neuralink Sought to Open an Animal Testing Facility in San Francisco. Gizmodo
- ↑ Oremus, April Glaser, Aaron Mak, Will. (2018-08-17). Why Elon Musk's Companies Aren't Melting Down, Even If He Is. Slate Magazine
- ↑ No-Action Letter: Neuralink Corp . U.S. Securities and Exchange Commission (SEC), October 16, 2018
- ↑ (2020-08-25). Ahead of Neuralink event, ex-employees detail research timeline clashes. STAT
- ↑ Jack Guy. Elon Musk's Neuralink claims monkeys can play Pong using just their minds. CNN
- ↑ (2021-04-13). Neuralink’s Monkey Experiment Raises Questions From Scientists and Tech Ethicist. Observer
- ↑ Andrew Paul. Elon Musk really wants to impress you with his Neuralink monkey. Input
- ↑ (2021-04-14). Private money will really push the field forward. The Psychologist
- ↑ Kolodny, Lora. (2021-05-02). Neuralink co-founder Max Hodak leaves Elon Musk's brain implant company. CNBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউৰালিংক” প্ৰবন্ধৰ সংশোধন ৫৪৪১৯০ (১৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।