অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলেন্দু গুণ

নিৰ্মলেন্দু গুণ (Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন) এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত। তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়। ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নিৰ্মলেন্দু গুণ (Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন)১ এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত।২ তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়।৩৪ ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

গুণৰ জন্ম হৈছিল নেত্ৰকোণা জিলাৰ বৰহট্টা উপজিলাৰ অন্তৰ্গত কাশবন গাঁৱৰ এক বাঙালী কায়স্থ পৰিয়ালৰ সুখেন্দু প্ৰকাশ গুণ চৌধুৰী আৰু বীণাপাণিৰ ঘৰত।১ তেওঁ ১৯৬২ চনত মেট্ৰিক পৰীক্ষা আৰু ১৯৬৪ চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৬৯ চনত তেওঁ কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। উত্তৰ আকাশ আলোচনীখনত তেওঁৰ প্ৰথম কবিতা ‘নতুন কাণ্ডাৰী’ প্ৰকাশ হৈছিল। ১৯৬৫ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁ সাপ্তাহিক জনতা আলোচনীখনত কোনো এক সংগ্ৰামিৰ দৃষ্টিতে‍ কবিতাটো প্ৰকাশ কৰিছিল।১

কবিতা

১৯৭০ চনত গুণৰ প্ৰথমখন কবিতা সংকলন প্ৰেমাংশুৰ ৰক্ত চাই প্ৰকাশিত হৈছিল।৫ তেতিয়াৰ পৰা তেওঁ পঁইত্ৰিছখন কবিতা সংকলন আৰু বিছখন গদ্য সংকলন প্ৰকাশিত হৈছে‍। ১৯৬০-ৰ দশকৰ কবি প্ৰজন্মৰ কবি‍ গুণৰ কবিতাত অত্যাধুনিক দৃষ্টান্তবাদিতা, তীব্ৰ সমালোচনা আৰু জনসাধাৰণৰ বিপৰীত ভাগ্যৰ এক স্পৰ্শকাতৰ বৰ্ণনা আছে। স্বাধীনতাৰ প্ৰেম আৰু মানৱীয় মনোভাৱৰ প্ৰতি বিশ্বাস তেওঁৰ বহু কবিতাত ব্যাপ্ত। এজন স্বীকৃতিপ্ৰাপ্ত মাৰ্ক্সবাদী গুণই ধনীসকলৰ বিৰুদ্ধে দুখীয়াৰ উত্থানৰ আহ্বান জনাই কবিতাও লিখিছে। তেওঁ ৰবীন্দ্ৰনাথ, শ্বেখ মুজিবুৰ ৰহমান (হুলিয়া), লেনিন, শক্তি চট্টোপাধ্যায় আৰু অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ বিষয়ে‍ বহুকেইটা কবিতা ৰচনা কৰিছে‍।

গুণই তিনিখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰ হ'ল আমাৰ ছেলেবেলা, আমাৰ কণ্ঠস্বৰ আৰু আত্মকথা ১৯৭১।৫ লাইব্ৰেৰী অৱ কংগ্ৰেছত গুণৰ সাতত্ৰিশখন সংকলন সংগৃহীত হৈ‍ আছে।২ ছুইডেনৰ গোথেনবাৰ্গ গ্ৰন্থ মেলা '১৩-ত তেওঁলোকৰ প্ৰকাশনৰ সৈতে অংশগ্ৰহণ কৰা পাঁচজন বাংলাদেশী কবিৰ ভিতৰত গুণও আছিল এজন।৬

চিত্ৰকলা

২০০৯ চনৰ জুলাই মাহত ঢাকাৰ শ্বাহবাগত গুণৰ এখন একক চিত্ৰকলা প্ৰদৰ্শনী মুকলি কৰা হৈছিল।৭

ব্যক্তিগত জীৱন

গুণৰ এগৰাকী কন্যা আছে। তেওঁৰ নাম মৰ্তিকা গুণ।১

তথ্যসূত্ৰ

  1. ↑ (21 June 2014). আৰ্কাইভ কপি. banglanews24.com
  2. ↑ Nirmalendu Goon, 1945. Library of Congress
  3. ↑ একুশে পদকপ্ৰাপ্ত সুধীবৃন্দ. Ministry of Cultural Affairs (in Bengali)
  4. ↑ (21 March 2016). Goon named for Swadhinata Padak. The Daily Star
  5. ↑ (29 February 2012). http://www.thedailystar.net/news-detail-224283
  6. ↑ (31 October 2013). http://www.thedailystar.net/news/five-bangladeshi-poets-shine-in-sweden
  7. ↑ (25 July 2009). http://www.thedailystar.net/news-detail-98712

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকবঙালী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলেন্দু গুণ” প্ৰবন্ধৰ সংশোধন ৬৩৫৪২৮ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।