অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীম কৰোলী বাবা

নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নীম কৰোলী বাবা (Neem Karoli Baba)১ বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।২

১৯০০ চনৰ আশে-পাশে ভাৰতৰ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ আকবৰপুৰ গাঁৱত এটা ধনী ব্ৰাহ্মণ পৰিয়ালত লক্ষ্মণ নাৰায়ণ শৰ্মা৩ ৰ জন্ম হৈছিল। ১১ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেখেত ঘৰৰপৰা ওলাই আহি বিচৰণকাৰী সাধু (ধৰ্মীয় সন্ন্যাসী) হিচাপে থাকে। পিছত তেখেত দেউতাকৰ অনুৰোধত ঘৰলৈ উভতি আহিল- বৈবাহিক জীৱন-যাপন কৰিবলৈ। তেখেতৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম হয়। ৪ সেই সময়ত বাবা লক্ষ্মণ দাস নামেৰে পৰিচিত নীম কৰোলী বাবাই, ১৯৫৮ চনত ঘৰ এৰি উত্তৰ ভাৰতত বিচৰণ কৰে।৫ তেখেতৰ জীৱনকালত কাশী আৰু বৃন্দাবনত দুখন মূল আশ্ৰম নিৰ্মাণ কৰা হয়। সময়ত তেখেতৰ নামত ১০০ টাতকৈও অধিক মন্দিৰ নিৰ্মাণ কৰা হয়।

জীৱনৰ শেষ দশকত তেখেত থকা কাশী ধাম ১৯৬৪ চনত হনুমান জী মন্দিৰ হিচাপে নিৰ্মাণ কৰা হৈছিল।৬৭৮ ১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১:১৫ বজাত ভাৰতৰ বৃন্দাবনৰ এখন চিকিৎসালয়ত৯১০ ডায়েবেটিছ ৰোগাক্ৰান্ত হৈ ক'মাত পিছলি পৰাৰ পাছত নীম কৰোলী বাবাৰ মৃত্যু হয়। আগ্ৰাৰপৰা নৈশ ৰেলযোগে নাইনীতালৰ ওচৰৰ কাশী১১ লৈ উভতি আহি থকা সময়ত তেখেত বুকুত বিষ অনুভৱ কৰে আৰু হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈছিল। তেখেত আৰু তেখেতৰ ভ্ৰমণকাৰীসকলে মথুৰা ৰেলৱে ষ্টেচনৰপৰা নামিছিল আৰু তাৰপৰাই তেখেতৰ অসহজ আৰম্ভ হৈছিল আৰু তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল৷ তাত তেখেতৰ মৃত্যু হৈছিল।১২১৩ কেইবাবাৰো আওৰোৱা তেখেতৰ শেষৰ কথাবোৰ আছিল "জয়া জগদীশ হৰে" ("ব্ৰহ্মাণ্ডৰ প্ৰভুৰ প্ৰশংসা")।১৪তেখেতৰ সমাধি (মন্দিৰ) বৃন্দাবন আশ্ৰমৰ চৌহদত নিৰ্মাণ কৰা হৈছিল।

আমেৰিকালৈ উভতি অহাৰ পাছত তেখেতৰ শিষ্য ৰাম দাস আৰু লেৰী ব্ৰিলিয়েণ্টে কেলিফৰ্ণিয়াৰ বাৰ্কলেত অৱস্থিত সেৱা ফাউণ্ডেশ্যন নামৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা প্ৰতিষ্ঠা কৰে।১৫২০০০ চনৰ শেষৰফালে নীম কৰোলী বাবাৰ শিক্ষাৰ প্ৰচাৰৰ বাবে 'লাভ চাৰ্ভ ৰিমেম্বাৰ ফাউণ্ডেশ্যন' স্থাপন কৰা হয়।১৬ ২০২৪ চনত তেখেতৰ অনুগামী ৰাহুল বাৰ্মাই এন কে বি ডিভাইন মেডিটেচন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যিয়ে নীম কৰোলী বাবাৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি বিনামূলীয়াকৈ গাইডেড মেডিটেচন শিৱিৰ আগবঢ়ায়।১৭১৮

সাক্ষাৎ

দেশ-বিদেশৰ বিভিন্ন ক্ষেত্ৰত বহু খ্যাতনামা ব্যক্তিয়ে নীম কৰোলী বাবাক দৰ্শন কৰিছে৷

  • ১৯৭৪ চনত ভাৰত ভ্ৰমণৰ সময়ত এপলৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছে নীম কৰোলী বাবাৰ আধ্যাত্মিকতাৰ সৈতে পৰিচিত হৈছিল। যদিও বাবাৰ ১৯৭৩ চনতে মৃত্যু হৈছিল, জবছে আশ্ৰমত থকা তেখেতৰ শিষ্যসকলৰ সৈতে বাৰ্তালাপ কৰিছিল৷ সেই আধ্যাত্মিক অভিজ্ঞতাই জবছৰ জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল।পৰৱৰ্তী সময়ত এপলৰ ডিজাইনৰ দৰ্শনত১৯ সৰলতা প্ৰোথিত কৰাত সহায়ক হৈছিল৷ ২০
  • ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে মাত্ৰ এদিনহে কাশী ধাম আশ্ৰমত থাকিব বিচাৰিছিল যদিও শেষত তেওঁ আধ্যাত্মিক টান অনুভৱ কৰে আৰু অধিক সময় অতিবাহিত কৰে।২১ ২০১৫ চনত জুকাৰবাৰ্গে উন্মোচন কৰে যে-তেওঁ ষ্টিভ জবচৰ পৰামৰ্শ অনুযায়ী বাবাৰ আশ্ৰম দৰ্শন কৰিছিল৷১৯
  • জুলিয়া ৰবাৰ্টছ নীম কৰোলী বাবাৰ সৈতে আধ্যাত্মিক সম্পৰ্ক শক্তিশালী হোৱাৰ পিছত এগৰাকী অনুশীলনকাৰী হিন্দু হৈ পৰিছিল। ধামৰ ভ্ৰমণে তাক আধ্যাত্মিক পথৰ প্ৰতি অধিক উৎসৰ্গিত কৰি তুলিছিল। কেৱল টেক আৰু মনোৰঞ্জনৰ তাৰকাসকলেই নহয় বৃন্দাবনত শ্ৰী নীম কাৰোলি বাবাৰ আশ্ৰমলৈ গৈ প্ৰাৰ্থনা কৰে। ২২
  • ক্ৰিকেট খেলুৱৈ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাই নীম কৰোলী বাবাৰ আশ্ৰমত দান-বৰঙণি আগবঢ়াইছিল৷ তেওঁলোকে নিম কৰোলী বাবাৰ দুয়োখন আশ্ৰম ভ্ৰমণ কৰি আধ্যাত্মিকভাৱে তেওঁলোকৰ ঘনিষ্ঠতা প্ৰকাশ কৰিছে। বিৰাট আৰু অনুষ্কা বাবাৰ পৰিচিত অনুগামী। তেওঁলোকে ২০২২ চনৰ নৱেম্বৰ মাহত উত্তৰাখণ্ডৰ আশ্ৰমলৈ গৈছিল। ২৩
  • আমেৰিকীয় মনোবিজ্ঞানী আৰু Emotional Intelligenceৰ লেখক ডেনিয়েল গ'লমেনে দুবাৰ ভাৰত ভ্ৰমণ কৰিছিল৷ আশীৰ দশকৰ আগভাগত হোৱা এই ভ্ৰমণত তেওঁ নীম কৰোলী বাবাৰ পোনপটীয়া সাক্ষাৎ লাভ কৰে আৰু তাৰেই আধাৰত ভাৰতীয় মনোবিজ্ঞান, চেতনা, আধ্যাত্মিকতা আদিৰ গৱেষণা কৰি The Meditative Mind নামৰ কিতাপখন লিখি উলিয়ায়৷ কিতাপখন তেওঁ নীম কৰোলী বাবা আৰু হনুমানলৈ উছৰ্গা কৰিছিল৷ ২৪২৫ ২৬

তথ্যসূত্ৰ

  1. ↑ (1 October 2015). सुर्खियों में आया बाबा नीब करौरी का आश्रम. Dainik Bhaskar
  2. ↑ Swami Chidananda. Baba Neem Karoli: A Wonder Mystic of Northern India. Divine Life Society
  3. ↑ (2004). The Encyclopedic Sourcebook of New Age Religions. Prometheus. পৃ. 142
  4. ↑ (1 October 2015). 10 facts to know about Neem Karoli Baba
  5. ↑ Ram Dass (1995). Miracle of Love: Stories about Neem Karoli Baba. Hanuman Foundation
  6. ↑ (15 June 2015). Devotees throng Kainchi Dham fair. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (1 October 2015). 10 facts to know about Neem Karoli Baba. India TV News
  8. ↑ (30 September 2015). One 'Mark' who stayed two nights. The Telegraph
  9. ↑ My mystical experience at Neem Karoli Baba's Kainchai Dham ashram!. www.speakingtree.in
  10. ↑ Aymard, Orianne. (2014). When a Goddess Dies: Worshipping Ma Anandamayi after Her Death. Oxford University Press. পৃ. 257. ISBN 9780199368617
  11. ↑ Jones, Constance; Ryan, James D. (2006). Encyclopedia of Hinduism. পৃ. 310. ISBN 0816075646
  12. ↑ The Divine Reality - Sri Baba Neeb Karori Ji Maharaj (Neem Karoli Baba) 9788190310505. dokumen.pub
  13. ↑ Geraghty, Anne. (2014-11-28). Death, the Last God: A Modern Book of the Dead. John Hunt Publishing. ISBN 978-1-78279-708-1
  14. ↑ Ram Dass (1995). Miracle of Love: Stories about Neem Karoli Baba. Hanuman Foundation
  15. ↑ Anthony Imbimbo. (2009). Steve Jobs: The Brilliant Mind Behind Apple. Gareth Stevens. পৃ. 43. ISBN 978-1-4339-0060-0
  16. ↑ Love Serve Remember Foundation - Ram Dass
  17. ↑ An ode to Neem Karoli Baba: Delhi gets a new meditation centre in Greater Kailash. হিন্দুস্তান টাইমছ
  18. ↑ NKB Divine Meditation Foundation
  19. ↑ (3 December 2024). how-neem-karoli-baba-inspired-tech-giants-like-mark-zuckerberg-steve-jobs-and-jack-dorsey. Times Of India
  20. ↑ (Dec 13, 2023, 13:01 IST). Virat Kohli, Anushka Sharma, Julia Roberts: Celebrities from the world who have visited Neem Karoli Baba
  21. ↑ Pandey, Saurav. (19th Nov 2024). 5 Famous celebrities who visited Neem Karoli Baba. Money Control
  22. ↑ Rai, Kashish. (Wed, 04 Dec 2024 11:53 AM (IST)). 7 Famous Personalities Who Visited Neem Karoli Baba Ashram To Find Spiritual Solace. Jagaran
  23. ↑ Entertainment Desk. (10 july 2024). When Virat Kohli, Anushka Sharma, along with Vamika, visited .. TOI. Times of India
  24. ↑ Rajiv Malhotra, Vijaya Viswanathan. Who is raising your children. BluOne Ink Pvt. Ltd. পৃ. 33-38. ISBN 978-9365470673
  25. ↑ Daniel Goleman. Key Step Media
  26. ↑ Mindrolling with Raghu Markus – Ep. 392 – We’re All Still Here with Krishna Das, Daniel Goleman, & Rameshwar Das. Be Here Now

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মগুৰুদাৰ্শনিকভাৰতীয় ব্যক্তিহিন্দু সন্তহিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীম কৰোলী বাবা” প্ৰবন্ধৰ সংশোধন ৬৩১৩০২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।