নিশাদ কুমাৰ (Nishad Kumar) এগৰাকী ভাৰতীয় পেৰা হাই জাম্প এথলীট।১ তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰলৈ পেৰালিম্পিক প্ৰতিদ্বন্দ্বিতা কৰি ২.০৬ মিটাৰ জঁপিয়াই নতুন এছিয়ান অভিলেখৰ সৈতে পুৰুষৰ হাই জাম্প টি৪৭ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।২৩৪
জীৱনী
নিশাদ হিমাচল প্ৰদেশৰ উনাৰ বাসিন্দা। তেওঁ আঠ বছৰ বয়সত এক শোকাৱহ দুৰ্ঘটনাত তেওঁৰ সোঁ হাত হেৰুৱাইছিল।৫ ২০২১ চনৰ আৰম্ভণিতে বিশ্বমাৰীৰ সময়ত তেওঁ কৰ'নাভাইৰাছ ৰোগ ২০১৯-ত আক্ৰান্ত হৈছিল আৰু ৰোগটোৰ পৰা আৰোগ্য লাভ কৰিছিল।৬
কেৰিয়াৰ
তেওঁ ২০০৯ চনত পেৰা-এথলেটিকছ খেলা আৰম্ভ কৰে। ২০১৯ চনৰ নৱেম্বৰত তেওঁ ২০১৯ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ টি৪৭ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ইয়াৰ ফলস্বৰূপে তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে।৭ ডুবাইত অনুষ্ঠিত হোৱা ২০২১ চনৰ বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত তেওঁ টি৪৬ শাখাত সোণৰ পদক লাভ কৰে।৬
২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ টি৪৭ শ্ৰেণীৰ হাই জাম্প ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি ভাৱিনা পেটেলৰ পাছত পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।৬৮ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডালাছ ৱাইজৰ সৈতে যুটিয়াভাৱে ৰূপৰ পদক লাভ কৰে কিয়নো দুয়োজনে ২.০৬ মিটাৰৰ একে উচ্চতা অতিক্ৰম কৰিছিল।৫৯ নিশাদৰ ইয়াৰ ফলত এছিয়ান অভিলেখ গঢ়িছিল।১০
তথ্যসূত্ৰ
- ↑ Nishad Kumar - Athletics · Paralympic Athlete Profile. International Paralympic Committee
- ↑ Sportstar, Team. Tokyo Paralympics 2020 Day 5: Nishad Kumar wins silver in high jump; Bhavinaben Patel wins table tennis silver, Vinod Kumar wins bronze in discus throw. Sportstar
- ↑ TokyoAugust 29, India Today Web Desk; August 29, 2021UPDATED:; Ist, 2021 18:36. Tokyo Paralympics 2020: Nishad Kumar bags high jump silver to add 2nd medal in India's tally. India Today
- ↑ (2021-08-29). Tokyo Paralympics: Nishad Kumar wins silver medal in T47 high jump event, creates Asian Record. Hindustan Times
- ↑ (2021-08-29). Lost right hand in fodder-cutting machine, Nishad Kumar wins silver at Paralympics. The Indian Express
- ↑ (2021-08-29). Paralympics 2020 · Nishad Kumar wins silver in men’s high jump. The Hindu
- ↑ Dubai 2019 Results · Event Overview - Men's High Jump T47. paralympic.org
- ↑ Tokyo Paralympics: Nishad Kumar soars to silver in high jump, Vinod Kumar wins bronze in discus. Olympics.com
- ↑ (2021-08-29). Tokyo Paralympics 2021: Nishad Kumar wins silver in high jump. ESPN.com
- ↑ Aug 29, PTI / Updated:; 2021; Ist, 18:24. Nishad Kumar wins silver in men's high jump in Paralympics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিশাদ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৪৩২৩২৩ (১৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।