অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলিমকান্ত বৰুৱা

ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।১

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনত গোলাঘাটত জন্মগ্ৰহণ কৰে৷ তেওঁ স্কুলীয়া শিক্ষা গোলাঘাট, তিতাবৰ মহকুমা আৰু যোৰহাটত গ্ৰহণ কৰি ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৪৮ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা এই এছ চি আৰু ১৯৫০ চনত বি এছ চি পাছ কৰে৷ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ 'এ ছেঞ্চুৰি অৱ প্ৰাইমেৰী এডুকেশ্যন ইন আছাম' শীৰ্ষক বিষয়ত গৱেষণা কৰি ১৯৮২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

১৯৫৪ চনত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত পৰিসংখ্যা বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পিছত কটন কলেজত প্ৰবক্তা হিচাপে যোগ দিয়ে৷ ১৯৫৫ চনত শ্বিলঙত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰে৷ ১৯৮১ চনত তেওঁ মুখ্যমন্ত্ৰী সচিবালয়ৰ বিশেষ নিৰ্দেশনা কোষৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰূপে নিযুক্তি লাভ কৰে৷ ১৯৮৬ চনত বৰুৱা ভাৰতীয় প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হয়৷

১৯৮৯ চনত তেওঁ চৰাকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৯১ চনলৈকে অধ্যাপনা কৰে৷ অৱসৰৰ পিছত তেওঁ লিখা-মেলাত মনোনিবেশ কৰে আৰু যথেষ্ট সংখ্যক উৎকৃষ্ট গ্ৰন্থ ৰচনা কৰে।২

মৃত্যু

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থাকি ২০১৪ চনৰ ১ জানুৱাৰী তাৰিখে নীলিমকান্ত বৰুৱাৰ দিছপুৰৰ ঊষানগৰৰ নিজ বাসগৃহত মৃত্যু হয়।১

অৱদান

ইংৰাজী ভাষাৰ গ্ৰন্থ

  • ইভালুৱেশ্বন অৱ মনিটৰিং
  • প্লেনিং ইন আছাম
  • ডিচেন্ট্ৰেলাইজড প্লেনিং
  • প্লেনিং ইন ইণ্ডিয়া
  • ইম্পেক্ট অৱ প্লেন ইমপ্লিমেন্টেশ্বন ইন আছাম
  • ডেভেলপমেন্ট অৱ প্ৰেইমেৰী এডুকেশ্বন ইন আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া

অসমীয়া ভাষাৰ গ্ৰন্থ

  • বিশ্ববিজয়ী ভাৰতীয়
  • এজন অখ্যাত ব্যক্তিৰ জীৱন টোকা
  • হংকং আৰু চীন ভ্ৰমণৰ অভিজ্ঞতা-প্ৰগতিৰ এক অবিশ্বাস্য বিস্ময়কৰ কাহিনী
  • ওঠৰজন ওপৰৱালা

তথ্যসূত্ৰ

  1. ↑ (২ জানুৱাৰী, ২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি. G L Publications. পৃ. ১
  2. ↑ (২ জানুৱাৰী, ২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি. G L Publications. পৃ. ৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলিমকান্ত বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩০১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।