মুছা (Moses) ইহুদি, খ্ৰীষ্টান, আৰু ইছলাম ধৰ্মত স্বীকৃত ৰাছুল বা ঈশ্বৰৰ বাৰ্তাবাহক। তেখেত মোজেছ নামেৰেও পৰিচিত আছিল। কোৰআনত মুছা (আলাইহিছ ছালাম)-ৰ নাম অন্য নবীসকলৰ তুলনাত বেছি উল্লেখ কৰা হৈছে। ধাৰণা কৰা হয় যে মুছা (আলাইহিছ ছালাম) ১২০ বছৰ জীয়াই আছিল। মুছা (আলাইহিছ ছালাম)-ৰ সম্প্ৰদায়ৰ নাম আছিল বনী-ইছৰাঈল। কোৱা হয়, তেখেতৰ অলৌকিকতাসমূহ বিগত অন্যান্য নবী-ৰাছুলসকলৰ তুলনাত সংখ্যাত বেছি, প্ৰকাশৰ বলিষ্ঠতাৰ দিশেও অধিক আছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৮৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।