অশোক মৌৰ্য্য১ (৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰালা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল। বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে তেওঁক প্ৰাচীন এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব দিয়া হয়।

তথ্যসূত্ৰ
- ↑ Bollard. (1998). Pronouncing dictionary of proper names: pronunciations for more than 28,000 proper names, selected for currency, frequency, or difficulty of pronunciation. Omnigraphics. পৃ. 87. ISBN 978-0-7808-0098-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্ৰাট অশোক” প্ৰবন্ধৰ সংশোধন ৬৩২৪৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।