ৱান ডাইৰেকশ্বন (One Direction) হৈছে ২০১০ চনত গঠিত হোৱা ল'ৰাৰ এটা ব্ৰিটিছ বেণ্ড। ইয়াৰ সদস্যসকল হৈছে: নিয়াল হ'ৰাণ, জাইন মালিক, লিয়াম পাইন, হেৰী ষ্টাইলছ আৰু লুইছ টমলিনছন। এই বেণ্ডটোৱে ব্ৰিটিছ সংস্কৰণৰ 'দা এক্স ফেক্টৰ'ৰ সপ্তমটো ছিৰিজত তৃতীয় স্থান দখল কৰিছিল। ইয়াৰ পিছতেই বেণ্ডটোৱে 'ছাইমন ক'ৱেল' ৰ ছাইক' মিউজিকৰ লগত চুক্তিবদ্ধ হয়। ইয়াৰ পিছতেই উত্তৰ আমেৰিকাৰ কলম্বিয়া ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়।
বেণ্ডটোৱে বৰ্তমানলৈকে এটা ব্ৰিট এৱাৰ্ড আৰু তিনিটাকৈ এম টি ভি ভিডিঅ' মিউজিক এৱাৰ্ডছ দখল কৰিছে। 'দা হাফিঙটন প'ষ্ট'-এ ২০১২ বৰ্ষটো "ৱান ডাইৰেকশ্বনৰ বৰ্ষ" বুলি উল্লেখ কৰিছে (The Year of One Direction)।১
ইতিহাস
দা এক্স ফেক্টৰ, বেণ্ড গঠন আৰু চুক্তি (২০১০-১১)
২০১০ চনত, নিয়াল হ'ৰাণ, জাইন মালিক, লিয়াম পাইন, হেৰী ষ্টাইলছ আৰু লুইছ টমলিনছনে ব্ৰিটিছ টেলিভিছন শ্ব' দা এক্স ফেক্টৰৰ সপ্তমটো ছিৰিজত একক গায়ক হিচাবে অৱতীৰ্ণ হৈছিল২। কিন্তু, ইয়াৰ ভিতৰত কোনো এজনেও ল'ৰাৰ শাখাৰ "জাজছ হাউচ" ( judges' houses)ত যোগ্যতা লাভ কৰিব নোৱাৰিলে। অতিথি বিচাৰক নিক'ল স্কাৰ্জিঞ্জাৰ ৰ২ পৰামৰ্শমতে পাঁচোজনক লৈ এটা দল গঠন কৰিলে। ২০১০ চনৰ জুলাইত ইংলেণ্ডৰ লণ্ডনৰ উইম্বলী এৰেণাত প্ৰতিযোগিতাৰ "বুটকেম্প" (bootcamp)ত,৩ এই দলটো গঠন কৰা হ'ল আৰু প্ৰতিযোগিতাৰ দলীয় শাখাৰ বাবে নিৰ্বাচন কৰা হয়। বেণ্ডটোৰ সদস্যসকলে নিজৰ মাজত চিনাকি তথা অনুশীলনৰ বাবে প্ৰায় দুসপ্তাহ সময় পাইছিল.৪৫। ষ্টাইলছে বেণ্ডটোৰ নাম ৱান ডাইৰেকশ্বন ৰখাৰ প্ৰস্তাৱ দিছিল আৰু পাছত বেণ্ডটোৰ নাম ৰখা হয়৪। "জাজছ হাউচ"ৰ প্ৰতিযোগী নিৰ্বাচনত বেণ্ডটোৱে "টৰ্ণ" গানটো পৰিবেশন কৰে৬। প্ৰতিযোগিতাৰ চাৰি সপ্তাহৰ ভিতৰত এফ ৱাই ডি, দিৱা ফিভাৰ আৰু বেল্লে এমী প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাত ৱান ডাইৰেকশ্বন ছাইমন ক'ৱেল ৰ একমাত্ৰ দল আছিল৭। তৎক্ষণাৎ এই বেণ্ডটোৱে ইংলেণ্ডত বিপুল জনপ্ৰিয়তা লাভ কৰে৮। অৱশেষত এই বেণ্ডটোৱে প্ৰতিযোগিতাৰ তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ প্ৰথন স্থান লাভ কৰে মেট কাৰ্ডল আৰু ৰেবেকা ফাৰ্গুছন Rebecca Ferguson-য়ে দ্বিতীয় স্থান দখল কৰে৯। ইয়াৰ পিছত, ছাইমন ক'ৱেলে ৱান ডাইৰেকশ্বনক ২ লাখ পাউণ্ডত ছাইক' ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ কৰে১০১১। ২০০১ চনৰ জানুৱাৰীত, বেণ্ডটোৰ প্ৰথম এলবামৰ ৰেকৰ্ডিঙ আৰম্ভ হয় আৰু ইয়াৰ বাবে লছ এঞ্জেলছলৈ যায়১২। ২০১১ চনৰ ফেব্ৰুৱাৰীত ৱান ডাইৰিকশ্বন আৰু নজন প্ৰতিযোগীৰ সৈতে 'এক্স ফেক্টৰ' লাইভ টু'ৰত অংশগ্ৰহণ কৰে১৩। ২০১১ চনৰ এপ্ৰিলত, টু'ৰ সমাপ্ত হোৱাৰ পিছত বেণ্ডটোৱে নিজৰ অভিষেক এলবামটোৰ কাম আৰম্ভ কৰে১২। ছুইডেন, ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এলবামটোৰ গান ৰেকৰ্ড কৰা হৈছিল১৪
'আপ অল নাইট' আৰু আন্তঃৰাষ্ট্ৰীয় সফলতা (২০১১-১২)
২০১১ চনৰ ছেপ্তেম্বৰত১৫ মুকলি হোৱা ৱান ডাইৰেকশ্বনৰ প্ৰথম একক গীত "হোৱাট মেকছ য়ু বিউটিফুল" শীৰ্ষক গীতটো ইউ কে ছিংগলছ চাৰ্টত শীৰ্ষস্থান দখল কৰে। এই গীতটো চ'নি মিউজিক এণ্টাৰটেইনমেণ্টৰ আটাইতকৈ বেছি প্ৰি-অৰ্ডাৰড (pre-ordered ) একক গীতৰ স্থান দখল কৰে১৬১৭। ইয়াৰ পিছৰ একক গীত "গ'টা বি ইউ" (Gotta Be You) আৰু "ৱান থিঙ" (One Thing) গীত দুটাই ইউ কে ছিংগলছ চাৰ্টত শীৰ্ষ দহটা স্থান লাভ কৰে.১৮১৯। ২০১১ চনৰ নৱেম্বৰত ৱান ডাইৰেকশ্বনে উত্তৰ আমেৰিকাৰ "কলম্বিয়া ৰেকৰ্ডছ"ৰ সৈতে এক চুক্তি কৰে২০। ২০১২ চনৰ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত "হোৱাট মেকছ য়ু বিউটিফুল" গীতটো মুক্তি দিয়া হয়২১। ই 'বিলব'ৰ্ড' হট ১০০ত ২৮তম স্থান লাভ কৰে২২। ২০১২ চনৰ জুলাই মতে এই গীতটোৱে চতুৰ্থ স্থান দখল কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ৩ মিলিয়নৰো অধিক কপি বিক্ৰী হৈছে২৩। ২০১২ চনৰ ১২ মাৰ্চত ৱান ডাইৰেকশ্বন সদস্যসকলে দূৰদৰ্শনৰ অনুষ্ঠানৰ কাৰণে প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকিফেলাৰ চেণ্টাৰত দা টুডে শ্ব'ত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰায় ১৫,০০০ জন অনুৰাগী উপস্থিত আছিল২৪। ইয়াৰ প্ৰায় সকলোবিলাকে কিশোৰ আছিল২৫২৬২৭। ২০১২ চনৰ প্ৰথম ভাগত বেণ্ডটোৰ প্ৰথমটো এলবাম 'আপ অল নাইট' সমগ্ৰ বিশ্বজুৰি মুক্তি পায়। ২০১১ বৰ্ষৰ ইংলেণ্ডৰ আটাইতকৈ ক্ষিপ্ৰ গতিৰে বিক্ৰী হোৱা এলবামৰ ভিতৰত শীৰ্ষস্থান লাভ কৰে২৮ আৰু ষোল্লখন দেশৰ একক গীতৰ শীৰ্ষ তালিকাত স্থান লাভ কৰে২৯। ২০১২ চনৰ জুলাই মতে, "আপ অল নাইট" এলবামটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বাছি বিক্ৰী হোৱা এলবামৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে২৩। ২০১২ চনৰ আগষ্ট মতে, এই এলবামটো সমগ্ৰ বিশ্বজুৰি ৩ মিলিয়নৰো অধিক কপি বিক্ৰী হৈছে৩০।
২০১২ চনৰ ২১ ফেব্ৰুৱাৰীত ৱান ডাইৰেকশ্বন বেণ্ডৰ গীত "হোৱাট মেকছ য়ু বিউটিফুল" শীৰ্ষক গীতটোৱে ২০১২ বৰ্ষৰ ব্ৰিট এৱাৰ্ডছ অনুষ্ঠানত শ্ৰেষ্ঠ ব্ৰিটিছ একক গীতৰ খিতাপ দখল কৰে৩১। ২০১২ চনৰ এপ্ৰিলত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্ণিয়াৰ একে নামৰে অন্য এটা বেণ্ডে পণ্যচিহ্ন উলঙ্ঘন ৰ বাবে গোচৰ তৰে।৩২ অৱশেষত, ২০১২ চনৰ ছেপ্তেম্বৰত বিবিচি -এ ঘোষণা কৰে যে ইংলেণ্ডৰ বেণ্ডটোৱে এই নাম ব্যৱহাৰ কৰাৰ স্বত্ব লাভ কৰিছে৩৩। ইয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেণ্ডটোৰ নাম "আনচাৰটেড শ্ব'ৰছ" (Uncharted Shores) ৰখা হয়৩৩। প্ৰথমতে, "আনচাৰটেড শ্ব'ৰছ" বেণ্ডটোৱে অভিযোগ আনে যে ইংলেণ্ডৰ বেণ্ডটোৰ অনুৰাগীৰ পৰা উপহাস, ঘৃণা বিষয়ক মেইল আৰু বিভিন্ন মৃত্যুৰ ভাবুকি পাইছে৩৩। সেয়ে ৱান ডাইৰেকশ্বন বেণ্ডটোক ক্ষতিপূৰণ হিচাবে ১ মিলিয়ন ডলাৰ আৰু বেণ্ডটোৰ ৰাজমৰ্যাদাৰ অংশীদাৰ হিচাবে গ্ৰহণ কৰিবলৈ দাবী কৰে। ছাইক' মিউজিকে ওলোটাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেণ্ডটোৰ ওপৰত অভিযোগ তোলে যে, সেই বেণ্ডটোৱে ৱান ডাইৰেকশ্বনৰ সাফল্যৰ সুবিধা লৈ পইচা উপাৰ্জন কৰিব বিচাৰিছে৩৩। অৱশেষত এই গোচৰ নিষ্পত্তি হোৱাত দুয়োটা বেণ্ডে ঘোষণা কৰে যে বৰ্তমান দুয়োটা নিজৰ নিজৰ নামক সুখী৩৩।
২০১১ চনৰ ডিচেম্বৰত ৱান ডাৱৰেকশ্বন বেণ্ডটোৱে ইংলেণ্ডত আপ অল নাইট ট'ৰ শুভাৰম্ভ কৰে]]৩৪। ২০১২ চনৰ এপ্ৰিলৰ পৰা জুলাই লৈকে অষ্ট্ৰেলিয়া আৰু উত্তৰ আমেৰিকাতো ইয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি বেণ্ডটোৱে ২০১২ চনৰ আৰম্ভণিতে বেণ্ডটোৱে ঘোষণা কৰে৩৫৩৬। ৬২টা শ্ব'ৰ সৈতে এই কনচাৰ্ট টু'ৰটোৱে বাণিজ্যক সফলতা পোৱাৰ লগতে সমালোচকৰ পৰা ভাল মন্তব্য লাভ কৰে৩৭৩৮। ২০১২ চনৰ মে' মাহত এই কনচাৰ্ট টু'ৰটোৰ ৰেকৰ্ডিং 'আপ অল নাইট: দা লাইভ টু'ৰ' মুকলি কৰা হয়৩৯। ২৫খন দেশত এই মিউজিক ডিভিডি খনে মুউজিক তালিকাত স্থান লাভ কৰাৰ লগতে ২০১২ চনৰ আগষ্ট মাহলৈকে ১ মিলিয়নতকৈও অধিক ইয়াৰ কপি বিক্ৰী হৈ গৈছে৩০৪০। ২০১২ চনৰ জুনত, 'চ'নি মিউজিক এণ্টাৰটেইনমেণ্ট ইউ কে'ৰ চেয়াৰমেন তথা মুখ্য কাৰ্যনিৰ্বাহক বিষয়া নিক গেটফিল্ড-এ আশা কৰিছে যে ২০১৩ চনলৈকে ৱান ডাইৰেকশ্বন বেণ্ডটোৱে ১০০ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিব৪১। বেণ্ডটোৱে বৰ্তমানলৈকে ৫০ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছে আৰু পিছৰ বছৰ তেওঁ ইয়াৰ দুগুণ ব্যৱসায় কৰিব বুলি আশা কৰিছে৪২। ২০১২ চনৰ ১ আগষ্টলৈকে ৱান ডাইৰেকশ্বনৰ প্ৰায় ৮ মিলিয়ন একক গীত, ৩ মিলিয়ন এলবাম আৰু ১ মিলিয়ন ডিভিডি বিক্ৰী হৈছে৪৩। ২০১২ চনৰ ১২ আগষ্টত, ২০১২ গ্ৰীষ্মকালীন অলিম্পিকৰ সামৰণি অনুষ্ঠানত "হোৱাট মেকছ য়ু বিউটিফুল" শীৰ্ষক গীতটি পৰিৱেশন কৰে৪৪। ইয়াৰ উপৰিও ২০১২ চনৰ ৬ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা এমটিভি ভিডিঅ' মিউজিক এৱাৰ্ডছ অনুষ্ঠানত "ৱান থিঙ" শীৰ্ষক গীতটো পৰিৱেশন কৰে। "হোৱাট মেকছ য়ু বিউটিফুল" শীৰ্ষক গীতটোৰ বাবে ৱান ডাইৰেকশ্বন বেণ্ডটোৱে শ্ৰেষ্ঠ নৱাগত শিল্পী, শ্ৰেষ্ঠ পপ ভিডিঅ' আৰু "ম'ষ্ট চেয়াৰ-ৱৰ্থী ভিডিঅ'" (Most Share-Worthy Video)ৰ বঁটা লাভ কৰে৪৫।
'টেক মি হ'ম' আৰু ৱৰ্ল্ড টু'ৰ (২০১২)
২০১২ চনৰ মে'ত, ছুইডেনৰ ষ্টকহ'মত ৱান ডেইৰিকশ্বন বেণ্ডটোৱে দ্বিতীয়টো এলবাম 'টেক মি হ'ম' (Take Me Home)ৰ ৰেকৰ্ডিঙ আৰম্ভ হয়৪৬। ২০১২ চনৰ ১২ নৱেম্বৰত, 'টেক মি হ'ম' মুকলি কৰিবলৈ ঠিক কৰা হৈছে। ইয়াৰ আগতে ২০১২ চনৰ ৩০ ছেপ্তেম্বৰত এই এলবামৰ "লিভ হোৱাইল ৱি আৰ য়াঙ" শীৰ্ষক গীতটো মুকলি কৰা হয়৪৭। ২০১৩ চনৰ ফেব্ৰুৱাৰীত ৱান ডাৱৰেকশ্বনে দ্বিতীয়টো কনচাৰ্ট টু'ৰ "২০১৩ ৱৰ্ল্ড টু'ৰ" আৰম্ভ কৰাৰ কথা৪৮।
এই টু'ৰত ইংলেণ্ড, আয়াৰলেণ্ড, উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ মুঠ ১০১টা শ্ব' অনুষ্ঠিত হ'ব। টিকট মুকলি কৰাৰ এদিনৰ ভিতৰতে ইংলেণ্ড আৰু আয়াৰলেণ্ডত এই টু'ৰৰ প্ৰায় ৩,০০,০০০টা টিকট বিক্ৰী হয়। ইয়াৰ ভিতৰত লণ্ডনৰ "দা O2 এৰেণা"ৰ (The O2 Arena)ৰ ছদিনৰ টিকট একেদিনাই বিক্ৰী হৈ যায়৪৯। উত্তৰ আমেৰিকাত টিকটৰ অভিভূতকাৰী চাহিদাৰ বাবে শ্ব'ৰ সংখ্যা বঢ়াবলগীয়া হয়৫০অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত হ'বলগীয়া ১৮টা শ্ব'ৰ বাবে ১৯০,০০০টা টিকট ইতিমধ্যে বিক্ৰী হৈ যায়। ইয়াৰ সহায়ত প্ৰায় ১৫.৭ মিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন হয়৫১
সংগীত শৈলী
ৱান ডাইৰেকশ্বনৰ প্ৰথমটো ষ্টুডিঅ' এলবাম 'আপ অল নাইট' (২০১১)ত মূলতঃ এখন পপ মিউজিক ৰেকৰ্ড। ইয়াত টিন পপ, ডান্স পপ, পপ ৰক আৰু পাৱাৰ পপ, মিউজিকৰ সমাহাৰ ঘটিছে আৰু ইলেকট্ৰ'পপ আৰু ৰক মিউজিকৰ প্ৰভাৱ পৰিছে৫২২৭৫৩। 'ৱান থিঙ' আৰু 'হোৱাট মেকছ য়ু বিউটিফুল' গীত দুটাত পাৱাৰ পপ আৰু পপ ৰক মিউজিক ব্যৱহাৰ কৰা হৈছে। ইয়াত ব্যৱহাৰ হোৱা শক্তিশালী কোৰাছ আৰু "powerhouse"guitar riffs উল্লেখনীয় দিশ৫৪৫৫।
অন্যান্য নতুন প্ৰচেষ্টা
বৰ্তমানলৈকে ৱান ডাইৰেকশ্বন বেণ্ডৰ তিনিখন কিতাপ প্ৰকাশ পাইছে। প্ৰকাশক হৈছে হাৰ্পাৰ কলিন্স। এই কিতাপ কেইখনত ব্যক্তিগত আলোকচিত্ৰ আৰু প্ৰত্যেক সদস্যৰে বিষয়ে আছে৫৬। ২০১১ চনৰ ১৭ ফেব্ৰুৱাৰীত ৱান ডাইৰেকশ্বনৰ প্ৰথমখন স্বত্ব থকা কিতাপ 'ৱান ডাইৰেকশ্বন: ফৰেভাৰ য়াঙ (দা অফিচিয়েল এক্স ফেক্টৰ ষ্ট'ৰী)' ( One Direction: Forever Young (Our Official X Factor Story)) প্ৰকাশ পায়৫৭। 'দা চানডে টাইমছ বেষ্ট চেলাৰ লিষ্ট' ('The Sunday Times' Best Seller list)ত এই কিতাপখনে শীৰ্ষস্থান দখল কৰে৫৮। ২০১১ চনৰ ১ ছেপ্তেম্বৰত দ্বিতীয়খন কিতাপ 'ৱান ডাইৰেকশ্বন: দা অফিচিয়েল এনুৱেল ২০১২' ( One Direction: The Official Annual 2012) প্ৰকাশ পায়৫৯। ২০১১ চনৰ ১৫ ছেপ্তেম্বৰত ৱান ডাইৰেকশ্বনৰ তৃতীয়খন কিতাপ 'ডেয়াৰ টু ড্ৰীম: লাইফ এজ ৱান ডাইৰেকশ্বন' ('Dare to Dream: Life as One Direction)৬০ প্ৰকাশ পায়। এই কিতাপখনেও 'দা চানডে টাইমছ নন ফিকচন হাৰ্ডবেক বেষ্টচেলাৰ তালিকা'ত শীৰ্ষস্থান দখল কৰে৬১। ২০১২ চনৰ ২২ মে'ত 'ডেয়াৰ টু ড্ৰীম: লাইফ এজ ৱান ডাইৰেকশ্বন' কিতাপখন আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ কৰা হয়,৬২। এই কিতাপখনেও 'দা নিউয়ৰ্ক টাইমছ বেষ্ট চেলাৰ লিষ্ট' ('The New York Times' Best Seller list)ত শীৰ্ষস্থান দখল কৰে৬৩।
২০১১ চনত 'ৱান ডাইৰেকশ্বন ২০১২ কেলেণ্ডাৰ' প্ৰকাশ পায়৬৪। 'আমাজান ডট কম'ৰ মতে, ৱান ডাইৰেকশ্বনৰ কেলেণ্ডাৰ হৈছে ইংলেণ্ডৰ প্ৰসিদ্ধ ব্যক্তি সকলৰ ভিতৰত আটাইতকৈ বেছি বিক্ৰী হোৱা কেলেণ্ডাৰ৬৪। ২০১১ চনৰ এপ্ৰিলৰ পৰা 'প'কেমন ব্লেক এণ্ড হোৱাইট' ('Pokémon Black' and 'White')ৰ ব্ৰেণ্ড এম্বেছাদৰ হৈছে ৱান ডাইৰেকশ্বন৬৫। বেণ্ডটোৱে বহুতো বিজ্ঞাপন অভিনয় কৰাৰ লগতে অনুৰাগী সকলৰ বাবে বহুতো অনুষ্ঠানত ভাগ লৈছে৬৫। ২০১২ চনৰ এপ্ৰিলত, হাছব্ৰ'-য়ে বেণ্ডটোৰ ওপৰত পুতলা আৰু গেম নিৰ্মাণৰ বাবে ৱান ডাইৰেকশ্বনৰ সৈতে চুক্তি কৰে৬৬। এইসমূহ ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ বাহিৰে গোটেই বিশ্বজুৰি ২০১২ চনৰ শাৰদীয় বতৰত মুকলি দিয়াৰ কথা৬৬।
বিশ্বপ্ৰেম
২০১০ চনত যেতিয়া ৱান ডাইৰেকশ্বন দা এক্স ফেক্টৰৰ প্ৰতিযোগী আছিল, তেতিয়া আন সাতজন প্ৰতিযোগী ৰ সৈতে লগ হৈ 'হেল্প ফ'ৰ হিৰ'ছ'ৰ সাহায্যাৰ্থে 'ডেভিড ব'ৱে'ৰ হিৰ'ছৰ এটা কভাৰ মুকলি কৰিছিল৬৭। এই গীতটো 'হেল্প ফ'ৰ হিৰ'ছ'ৰ সাহায্যাৰ্থে জনহিতকৰ বাবে মুকলি কৰা হয়। এই জনহিতকৰ অনুষ্ঠানটোৱে আঘাতপ্ৰাপ্ত পুৰুষ আৰু মহিলা কৰ্মচাৰীসকলক সহায় আগবঢ়ায়৬৭। ২০১০ চনৰ ২০ নৱেম্বৰত, 'দা এক্স ফেক্টৰ' প্ৰতিযোগিতাৰ ফাইনেলত এই গীতটো ১৬ জন ফাইনেলৰ প্ৰতিযোগীয়ে একেলগে পৰিৱেশন কৰিছিল৬৮। এই গীতটোৱে ২০১০ চনৰ ২৫ নৱেম্বৰত আইৰিছ ছিংগলছ চাৰ্ট আৰু ২০১০ চনৰ ২৮ নৱেম্বৰত ইউকে ছিংগলছ চাৰ্টৰ শীৰ্ষস্থান দখল কৰে৬৯৭০। ২০১২ চনত, ৱান ডাইৰেকশ্বনে "ডিছ ফ'ৰ এ ৱিছ" (Dish For A Wish)ক বৰঙনি আগবঢ়ায়৭১। ই ইংলেণ্ডৰ অসুখীয়া ল'ৰা ছোৱালী সহায় আগবঢ়োৱা 'ৰেইজ অফ চানচাইন ছিলড্ৰেনছ চ্যাৰেটি' (Rays Of Sunshine Children Charity) নামৰ অনুষ্ঠানটোক সহায় কৰে৭১। ২০১২ চনৰ ৯ মাৰ্চত এই জনহিতকৰ অনুষ্ঠানটো ৱান ডাইৰেকশ্বন দলটোৱে ভ্ৰমণ কৰে৭২৭৩। ২০১২ চনৰ এপ্ৰিলত 'গ্ৰেট অ'ৰম'ণ্ড ষ্ট্ৰীট হস্পিটেল ছিলড্ৰেনছ চ্যাৰেটি'ৰ সহায়ৰ বাবে চ্যাৰেটিবাজ (Charitybuzz)ৰ সৈতে লগ লাগে৭৪। আপ অল নাইট টু'ৰত ভিআইপি টিকটৰ যোগেদি সংগৃহীত হোৱা পইচা ছিলড্ৰেনছ চ্যাৰেটি (Children Charity)ৰ সাহায্যাৰ্থে আগবঢ়োৱা হয়৭৪৭৫। ২০১২ চনৰ এপ্ৰিলত, নিলামীৰ জৰিয়তে 'কেলিফ'ৰ্ণিয়া আৰ্থকুৱেক অ'থৰিটী' (California Earthquake Authority (CEA)ক সহায় কৰে৭৬। ২০১২ চনৰ জুলাইত ৱান ডাইৰেকশ্বনে ব্ৰিটিছ এয়াৰৱেজৰ লগ হৈ "টেক্সট টু ৱিন" প্ৰতিযোগিতাৰ আয়োজন কৰে,৭৭ আৰু ছ'ছিয়েল নেটৱৰ্কিঙ ছাইটসমূহত ইয়াক মুকলি কৰা হয়৭৭। প্ৰতিযোগিতাৰ ভাগ্যৱান আঠজন অনুৰাগীক বেণ্ডটোৰ সৈতে এক ঘণ্টাৰ এক বিমান যাত্ৰাৰ সুবিধা দিয়া হয়৭৭। এই প্ৰতিযোগিতাত উপাৰ্জন হোৱা সকলো পইচা ব্ৰিটিছ এয়াৰৱেজৰ জনহিতকৰ কামৰ সহযোগী 'কমিক ৰিলিফ'ক দিয়া হয়। এই পইচাসমূহৰ দ্বাৰা ইংলেণ্ড আৰু পৃথিৱীৰ অন্যান্য আৰ্থিকভাৱে দুৰ্বল দেশসমূহৰ ল'ৰা-ছোৱালীক সহায় আগবঢ়োৱা হয়৭৭৭৮।
সদস্য
বেণ্ডটোৰ পাঁচোজনেই একক প্ৰতিযোগী হিচাবে অৱতীৰ্ণ হৈ ল'ৰাৰ শাখাত যোগ্যতা লাভ কৰিব নোৱাৰিলে। পাছত অতিথি বিচাৰক 'নিক'ল স্কাৰ্জিঞ্জাৰ' ৰ পৰামৰ্শ মতে, পাঁচোজনক লৈ এটা দল গঠন কৰা হ'ল আৰু দলীয় শাখাৰ যোগ্যতা অৰ্জন কৰে।
নিয়াল হ'ৰাণ

নিয়াল জেমছ হ'ৰাণ (Niall James Horan, জন্ম: ১৩ ছেপ্তেম্বৰ, ১৯৯৩)ৰ জন্ম হৈছিল আয়াৰলেণ্ডৰ, মুলিঙগাৰ, কাউণ্টী ৱেষ্টমেইথ)ত৭৯। মাতৃৰ নাম মাউৰা গাল্লাঘাৰ (Maura Gallagher), পিতৃৰ নাম ববী হ'ৰাণ৭৯ আৰু জেষ্ঠ্য ভাতৃৰ নাম গ্ৰেগ৮০। পাঁচ বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদ হয়৭৯। পূৰ্বতে ভাতৃৰ সৈতে দুয়ো পিতৃ-মাতৃৰ ঘৰত আছিল। বৰ্তমান দুয়ো মুলিঙগাৰত পিতৃৰ লগত বাস কৰে। হ'ৰাণ ক'লাইষ্টে মুহুইৰে, মুলিঙগাৰৰ খ্ৰীষ্টীন ব্ৰাদাৰ্ছ স্কুল বিদ্যালয়ৰ ছাত্ৰ আছিল৮১৮২। হ'ৰাণ স্কুলৰ কোৰাছ দলৰ সদস্য আছিল আৰু বৰদিনৰ সময়ত গান গাইছিল৪৫।
'দা এক্স ফেক্টৰ'ত অংশ লোৱাৰ পূৰ্বে নিয়াল হ'ৰাণে ডাবলিনৰ লয়ড ডেনিয়েলছৰ দৰে সাহায্যত অংশগ্ৰহণ কৰিছিল৮৩। সৰুকালৰে পৰা হ'ৰাণে গীটাৰ বজাই আহিছে৮৪। হৰাণ চুইঙ মিউজিকৰ অনুৰাগী আৰু প্ৰিয় গায়ক হৈছে ফ্ৰাংক ছিনাত্ৰা, ডিন মাৰ্টিন আৰু মাইকেল বাবুল৮৫। ইয়াৰ উপৰিও হৰাণে ৰক মিউজিক ভাল পায় আৰু 'দা ইগলছ', 'বন জ'ভি' আৰু 'দা স্ক্ৰীপ্ত'ৰ অনুৰাগী৮৬৮৫।
জাইন মালিক

জৈন জাভেদ জাইন মালিক (Zain Javadd "Zayn" Malik, জন্ম:১২ জানুৱাৰী, ১৯৯৩)৮৭৮৮ৰ ইংলেণ্ডৰ ব্ৰেডফ'ৰ্ড, ৱেষ্ট য়ৰ্কশ্বিয়াৰত জন্ম হৈছিল৮৯। পিতৃ য়াছেৰ হৈছে ব্ৰিটিছ পাকিস্তানী আৰু মাতৃ ট্ৰিছিয়া মালিক হৈছে ইংলিছ। জাইনৰ জ্যেষ্ঠ ভগ্নীৰ নাম 'ড'নিয়া' আৰু কনিষ্ঠ ভগ্নীৰ নাম হৈছে: 'ৱালিয়া' আৰু 'ছাফা'৮২৯০। জাইন ইষ্ট ব'লিঙত, ডাঙৰ-দীঘল হৈছিল৮৯ আৰু টং হাইস্কুলৰ ছাত্ৰ আছিল৯১। দা এক্স ফেক্টৰত অ'ডিছনৰ সময়ত কৈছিল "মই অভিজ্ঞতাৰ বাবে ইয়ালৈ আহিছোঁ"৯২। জাইনৰ মূল সংগীত শৈলীত আৰ্বান মিউজিকৰ প্ৰভাৱ আছে আৰু আৰ এণ্ড বি আৰু ৰেপ মিউজিকৰ মাজত ডাঙৰ-দীঘল হৈছে৮৩৯২। এক্স ফেক্টৰৰ অ'ডিছনৰ সময়ত জাইনে মাৰিঅ' আৰ এণ্ড বি গান, "লেট মি লভ য়ু" গাইছিল৮৩। জাইন মালিক ধুমপানত আসক্ত আৰু ২০১১ চনৰ শেষভাগত এই বদ অভ্যাস এৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৯৩। টুইটাৰত এবাৰ জাইনে লিখিছিল, "'লা ইলা হা ইল লাল্লা মহম্মদ দূৰ ৰাসাউল্লাহ'"। এই বাৰ্তাটো মুছলমান সকলৰ মাজত বিশ্বাসৰ ভেটি বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে: "পৃথিৱীৰ ক'তো ভগৱান নাই কিন্তু আল্লা আৰু মহম্মদ হৈছে আল্লাৰ দূত"৯৪৯৫।
লিয়াম পাইন

লিয়াম জেমছ পাইন (Liam James Payne, জন্ম: ২৯ আগষ্ট, ১৯৯৩)৯৬ হৈছে ইংলেণ্ডৰ ৱলভাৰ্ম্পটন, ৱেষ্ট মিডলেণ্ডছৰ৭৯। পিতৃৰ নাম জিয়ফ,৭৯৯৭, মাতৃৰ নাম কৰেণ আৰু ভগ্নীৰ নাম: ৰুথ আৰু নিক'লা.৮২। চিকিৎসকে পাইনৰ এটা কিডনীত ক্ষত দেখা পাইছিল৯৭। সেয়ে চাৰি বছৰ বয়সলৈকে, পাইনে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণে, সৰু হৈ থাকোঁতে পাইনে বাহুত ৰাতিপুৱা আৰু গধূলি ৩২টা বেজী ল'বলগীয়া হৈছিল৯৭। বাল্যকালত খেলা-ধূলাৰ লগতো জড়িত আছিল৮৩। ছেকেণ্ডেৰী স্কুলত থাকোঁতে পাইন অত্যাচাৰৰ সন্মুখীন হৈছিল। সেয়ে ১২ বছৰ বয়সত বক্সিঙ শিকিবলৈ আৰম্ভ কৰে.৮৩। পাইন চিটি অফ ৱলভাৰ্ম্পটন কলেজৰ মিউজিক টেকন'লজীৰ ছাত্ৰ আছিল৯৮। পাইনে এবাৰ ৱলভাৰ্ম্পটন ৱাণ্ডাৰৰ্ছৰ এখন ফুটবল খেলত ২৬,০০০ দৰ্শকৰ সন্মুখত গান গাইছিল৪৫।
পাইনে ২০০৮ চনত চৈধ্য বছৰ বয়সতে৯৮ 'দা এক্স ফেক্টৰ'ৰ পঞ্চম ছিৰিজত প্ৰথমবাৰৰ বাবে অ'ডিছন দিছিল। তেতিয়া "জাজেছ হাউচ"-লৈও নিৰ্বাচিত হৈছিল। কিন্তু বিচাৰক ক'ৱেলৰ মতে, পাইন প্ৰতিযোগিতাৰ বাবে তেতিয়া উপযোগী হোৱা নাছিল। সেয়ে ক'ৱেলে পাইনক দুবছৰৰ পাছত পুনৰ 'দা এক্স ফেক্টৰ'লৈ আহিবলৈ কয়.৯৮। পাইনৰ প্ৰভাৱিত লোকসকলৰ মাজত 'জাষ্টিন টিম্বাৰলেক' অন্যতম। ইয়াৰ উপৰিও, 'টেক ডেট'ৰ সদস্য গেৰী বাৰল' ৰ পৰা ষ্টেজত প্ৰদৰ্শন কৰিবলৈ পাইন প্ৰভাৱিত হৈছে৯৯।
হেৰী ষ্টাইলছ

হেৰী এডৱাৰ্ড ষ্টাইলছ (Harry Edward Styles, জন্ম:১৯৯৪১০০১০১) হৈছে ইংলেণ্ডৰ হ'মছ ছেপেল, ছেশ্বিয়াৰৰ এখন গাঁৱৰ১০২। হেৰী হ'মছ ছেপেল কম্প্ৰহেনছিভ স্কুলৰ ছাত্ৰ আছিল১০২। মাতৃৰ নাম এন কক্স, পিতৃৰ নাম দেশ ষ্টাইলছ৭৯ আৰু জ্যেষ্ঠ ভগ্নীৰ নাম গেমা৮২। হেৰীৰ সাত বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদ হয় আৰু মাতৃয়ে পুনৰ দ্বিতীয় বিবাহ কৰায়১০৩। বিবাহ-বিচ্ছেদৰ পিছত হেৰী আৰু গেমাক লৈ মাতৃয়ে ছেশ্বিয়াৰৰ গাঁৱলৈ গুছি যায়৮৩। বাৰ বছৰ বয়সত হেৰী পুনৰ হ'মছ ছেপেললৈ উভতি আহে৮৩। হেৰী 'হোৱাইট এস্কিম'' নামৰ বেণ্ড এটাৰ মুখ্য গায়ক আছিল। বেণ্ডটোৰ লিড গীটাৰিষ্ট আছিল 'হেইডিন ম'ৰিছ', বেছ গীটাৰিষ্ট 'নিক ক্লফ' আৰু ড্ৰামাৰ আছিল 'ৱিল স্বেনী'১০২। এই বেণ্ডটোৱে এবাৰ এটা বেণ্ড প্ৰতিযোগিতাত ভাগ লৈ বিজয়ী হৈছিল৮৩। 'দা এক্স ফেক্টৰ'ত ভাগ লোৱাৰ আগতে, ষোল্ল বছৰীয়া হেৰীয়ে হ'মছ ছেপেলৰ এখন বেকাৰীত মাজে সময়ে কাম (Part-time Job) কৰিছিল১০৪।
বাল্যকালৰ পৰাই হেৰীয়ে গান গাই ভাল পাইছিল। এলভিছ প্ৰিছলীৰ পৰা অনুপ্ৰাণিত হৈ হেৰীয়ে সংগীতৰ শিক্ষা আৰম্ভ কৰিছিল৮৩। হেৰীয়ে 'ফষ্টাৰ দা পিপল', 'ক'ল্ডপ্লে' আৰু 'কিঙছ অফ লিয়ন'ৰ পৰাও অনুপ্ৰাণিত হৈছে৮৬। হেৰীয়ে কৈছে যে, 'দা এক্স ফেক্টৰ'-এ গায়ক হিচাপে বহুতো দৃঢ় বিশ্বাস দিছে৮৩। ষ্টেজত গান গাবলৈ হেৰীয়ে 'ক'ল্ডপ্লে'ৰ সদস্য ক্ৰিছ মাৰ্টিনৰ পৰা অনুপ্ৰণিত হৈছে৯৯। ইয়াৰ উপৰিও হেৰী 'দা বীটলছ'ৰ পৰাও অনুপ্ৰাণিত হৈছে। সৰু হৈ থাকোঁতে হেৰীৰ পিতৃয়ে 'দা বীটলছ'ৰ গান বজাই শুনাইছিল১০৫।
লুইছ টমলিনছন

লুইছ ৱিলিয়াম টমলিনছন (Louis William Tomlinson) বা লুইছ ট্ৰয় অষ্টিন (Louis Troy Austin১০৬১০৭, জন্ম: ২৪ ডিচেম্বৰ, ১৯৯১১০৮) হৈছে ইংলেণ্ডৰ ডনকাষ্টেৰ, চাউথ য়ৰ্কশ্বিয়াৰৰ৭৯। মাতৃৰ নাম জ'হানাহ প'লষ্টন আৰু পিতৃৰ নাম ট্ৰয় অষ্টিন৭৯। লুইছ সৰু হৈ থাকোঁতেই পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদ হয় আৰু সতীয়া পিতৃৰ(stepfather)ৰ উপাধি গ্ৰহণ কৰে৭৯। লুইছে বাৰ্ন্সলেৰ এখন স্কুলত অভিনয় শিক্ষা গ্ৰহণ কৰিছিল। আই টি ভি ৱানৰ চলচ্চিত্ৰ 'ইফ আই হেড য়ু' আৰু বিবিচিৰ 'ৱাটাৰলু ৰ'ডত'ত সৰু সৰু চৰিত্ৰ কৰিছিল৮৩। লুইছ 'দা হেইফিল্ড স্কুল' আৰু 'হল ক্ৰছ স্কুল'ৰ ছাত্ৰ আছিল। হল ক্ৰছ স্কুলৰ ছাত্ৰ হৈ থাকোঁতে লুইছে কেইবাটাও মিউজিকেল প্ৰডাকচনত কাম কৰিছিল.৫১০৯।
লুইছে কৈছে যে, গ্ৰীজৰ হাইস্কুল প্ৰডাকছনৰ মূল চৰিত্ৰ 'ডেনী জুক''ই 'দা এক্স ফেক্টৰ'ত অ'ডিছন দিবলৈ অনুপ্ৰাণিত কৰিছিল৫১১০। লুইছক প্ৰভাৱিত কৰা আৰু আদৰ্শ ব্যক্তি হৈছে ৰবি ৱিলিয়ামছ১১১।
এলবাম
মূল প্ৰবন্ধ: En:One Direction discography
| বৰ্ষ | নাম |
|---|---|
| ২০১১ | 'আপ অল নাইট' (Up All Night) |
| ২০১২ | 'টক মাই হ'ম' (Take Me Home) |
কনচাৰ্ট ভ্ৰমণ
| বৰ্ষ | নাম |
|---|---|
| ২০১১-১২ | আপ অল নাইট ট'ৰ |
| ২০১৩ | ২০১৩ ৱৰ্ল্ড ট'ৰ (2013 World Tour) |
চলচ্চিত্ৰপঞ্জী
| দূৰদৰ্শন | |||
|---|---|---|---|
| বৰ্ষ | নাম | চৰিত্ৰ | তথ্য |
| ২০১০ | 'দা এক্স ফেক্টৰ' ২ | প্ৰতিযোগী | One Direction were formed and finished in third place in the seventh series |
| ২০১১ | আই টি ভি টু বিশেষ, 'ৱান ডাইৰেকশ্বন: এ ইয়েৰ ইন দা মেকিং' (One Direction: A Year in the Making)১১২ | নিজৰ | ২০১০ চনত ৱান ডাইৰেকশ্বন 'দা এক্স ফেক্টৰ'ত তৃতীয় স্থান দখল কৰাৰ পিছৰ জীৱনী |
| ২০১২ | 'ডান্সিঙ অন আইচ' ১১৩ | মিউজিকেল অতিথি | "পপ সপ্তাহ" (সপ্তম খণ্ড, পঞ্চম সপ্তাহ) |
| 'চেটাৰডে নাইট লাইভ' ১১৪ | "ছ'ফিয়া ভাৰ্গাৰা/ৱান ডাইৰেকশ্বন' (Sofia Vergara/One Direction) (৩৭তম ছিজন, ৭২০ খণ্ড) | ||
| 'আই কাৰ্লি' ১১৫ | অতিথি শিল্পী | "আই গ' ৱান ডাইৰেকশ্বন' (ষষ্ঠ ছিজন, ৯৬ খণ্ড) | |
| 'দা এক্স ফেক্টৰ' (অষ্ট্ৰেলিয়া) ('The X Factor' (Australia))১১৬ | অতিথি পৰামৰ্শদাতা (Guest Mentors) | One Direction were guest mentors during the "home visits" stage of the fourth season | |
| চলচ্চিত্ৰ | |||
| বৰ্ষ | নাম | চৰিত্ৰ | তথ্য |
| ২০১২ | 'আপ অল নাইট:দা লাইভ ট'ৰ' ৩৯ | নিজৰ | The video concert DVD was recorded as a part of One Direction's Up All Night Tour at the International Centre in Bournemouth |
পাব্লিকেশ্বনছ
| নাম | প্ৰকাশক | প্ৰকাশৰ তাৰিখ | ISBN |
|---|---|---|---|
| 'ৱান ডাইৰেকশ্বন: ফৰেভাৰ য়াঙ' (One Direction: Forever Young) | হাৰ্পাৰ কলিন্স (HarperCollins) | ১৭ ফেব্ৰুআৰী, ২০১১ | ISBN 978-0-00-743230-1 |
| 'ৱান ডাইৰেকশ্বন: দা অফিচিয়েল এনুৱেল ২০১২' (One Direction: The Official Annual 2012) | হাৰ্পাৰ কলিন্স | ১ ছেপ্তেম্বৰ, ২০১১ | ISBN 978-0-00-743625-5 |
| 'ডেয়াৰ টু ড্ৰীম: লাইফ এজ ৱান ডাইৰেকশ্বন' (Dare to Dream: Life as One Direction) | হাৰ্পাৰ কলিন্স | ১৫ ছেপ্তেম্বৰ, ২০১১ | ISBN 978-0-00-744439-7 |
বঁটা আৰু মনোনয়ন
মূল প্ৰবন্ধ: En:List of awards and nominations received by One Direction
ৱান ডাইৰেকশ্বন বেণ্ডটোৱে "হোৱাট মেকছ য়ু বিউটিফুল" শীৰ্ষক গীতটোৰ বাবে ব্ৰিট এৱাৰ্ডছ অনুষ্ঠানত শ্ৰেষ্ঠ ব্ৰিটিছ একক গীতৰ খিতাপ দখল কৰে৩১। ইয়াৰ উপৰিও এটা এন এম ই এৱাৰ্ড১১৭, দুটা কিডচ চয়চ এৱাৰ্ডছ১১৮, তিনিটা এম টি ভি ভিডিঅ' মিউজিক এৱাৰ্ডছ৪৫ আৰু অন্যান্য বঁটা লাভ কৰিছে। ২০১২ টিন চয়চ এৱাৰ্ডছৰ বাবে ৱান ডাইৰেকশ্বন বেণ্ডটোক মনোনীত কৰা হৈছে১১৯।
বাহ্যিক সংযোগ
- One Direction at Modest! Management
তথ্যসূত্ৰ
- ↑ Maureen Elinzano. (24 August 2012). 2012: The Year of One Direction. The Huffington Post. TheHuffingtonPost, Inc
- ↑ Kristy Kelly. (26 July 2011). Nicole Scherzinger: 'I did Simon Cowell a favour with One Direction'. Digital Spy. Hearst Magazines UK
- ↑ Kate McMahon. (12 July 2010). Cheryl Tweedy cancels X Factor Boot Camp and V Festival appearances. Daily Mirror. Trinity Mirror
- ↑ Stan Walker, Short Stack, Michael Paynter, Amy Meredith. One Direction Biography. The Hot Hits Live from LA. MCM Media
- ↑ South Wales Echo. (13 January 2012). One Direction prepare for Cardiff sell-out shows. WalesOnline. Media Wales
- ↑ (3 October 2010). The X Factor 2010: the 12 acts who made it to the Live Shows. STV. STV Group
- ↑ Bull, Sarah. (31 October 2010). X Factor 2010: Flaky Katie Waissel survives by the skin of her teeth as Simon Cowell is down to one act after Belle Amie are voted off. Daily Mail. Associated Newspapers
- ↑ Andy Greene. (9 April 2012). Exclusive Q&A: Simon Cowell on One Direction's Rise to Stardom. Rolling Stone. Jann Wenner
- ↑ Heritage, Stuart. (12 December 2012). The X Factor 2010 final results show. The Guardian. Guardian Media Group
- ↑ Lee Cara. (15 December 2010). Father Xmas Si's three special gifts. The Sun. News International
- ↑ Mayer Nissim. (28 January 2011). One Direction 'get £2m Syco investment'. Digital Spy. Hearst Magazines UK
- ↑ Ed Miller. (16 August 2011). Sony excited about One Direction potential. Music Week. Intent Media
- ↑ Sophie Freeman. (19 November 2010). Now Treyc Cohen snubbed by X Factor for £100,000 tour.. but reject Aiden Grimshaw IS invited. Daily Mail. Associated Newspapers
- ↑ (21 November 2011). Up All Night – One Direction. AllMusic. Rovi Corporation
- ↑ Lewis Corner. (5 August 2011). One Direction announce new single 'What Makes You Beautiful'. Digital Spy. Hearst Magazines UK
- ↑ Lewis Corner. (19 August 2011). One Direction's 'What Makes You Beautiful' breaks pre-order sales record. Digital Spy. Hearst Magazines UK
- ↑ Alan Jones. (19 September 2011). What Makes You Beautiful becomes fastest seller of the year. Music Week. Intent Media
- ↑ Alan Jones. (21 November 2011). UK Singles Chart Analysis: Rihanna equals Adele record. Music Week. Intent Media
- ↑ Alan Jones. (20 February 2012). Official Chart Analysis: Emeli Sande album sells 113k, DJ Fresh single shifts 128k. Music Week. Intent Media
- ↑ Lewis Corner. (22 November 2011). One Direction sign US record deal with Adele label Columbia. Digital Spy. Hearst Magazines UK
- ↑ Amanda Hasaka. (14 February 2012). One Direction's Debut Single 'What Makes You Beautiful' Now Available On iTunes!. Celebuzz. Buzz Media
- ↑ (22 February 2012). One Direction Has Highest Hot 100 Debut For New UK Act Since 1998. Billboard. Prometheus Global Media
- ↑ Keith Caufield. (20 July 2012). One Direction's 'Up All Night' Overtakes Lionel Richie's 'Tuskegee' as 2012's Second-Biggest Selling Album. Billboard.biz. Prometheus Global Media
- ↑ Steven J. Horowitz. (27 March 2012). One Direction & The Wanted: The Billboard Cover Story. Billboard. Prometheus Global Media
- ↑ Adam Markovitz. (20 March 2012). MUSIC REVIEW Up All Night (2012) One Direction. Entertainment Weekly. Time Inc.
- ↑ (13 March 2012). Listen Up: Stay 'Up All Night' with One Direction. USA Today. Gannett Company
- ↑ Matthew Chisling. (21 November 2011). Up All Night – One Direction. AllMusic. Rovi Corporation
- ↑ (28 November 2011). One Direction Thank Fans For 'Up All Night' Chart Success. Capital FM. Global Radio
- ↑ (30 May 2012). One Direction to hold global Twitter viewing party for new concert DVD. Music Week. Intent Media
- ↑ Dan Lane. (2 August 2012). One Direction sell 12 million singles, albums and DVD and Blu-rays worldwide. Official Charts Company
- ↑ (21 February 2011). One Direction Win Best British Single At BRIT Awards 2012. Capital FM. Global Radio
- ↑ Rhian Jones. (11 April 2012). One Direction sued for trademark infringement. Music Week. Intent Media
- ↑ (7 September 2012). One Direction win fight against US band to keep name. Newsbeat. BBC
- ↑ (19 December 2011). One Direction Prepare For 'Up All Night' Tour With Watford Concert. Capital FM. Global Radio
- ↑ Lisa McGarry. (24 February 2012). One Direction announce 2012 tour dates for Australia and New Zealand. Unreality TV. Unrealitytv Limited
- ↑ (21 March 2012). One Direction Reveal North American Tour Dates. Idolator. Buzz Media
- ↑ *James Robertson. (11 January 2012). One Direction's Hammersmith Apollo gig. Daily Mirror. Trinity Mirror *Ryan, Alexandra. (25 January 2012). One Direction show has fans up all night. Evening Herald. Independent News & Media *Brandle, Lars. (19 April 2012). One Direction Live: Shriek Show in Australia. Billboard. Prometheus Global Media
- ↑ *Cameron Adams, Siobhan Duck. (2 March 2012). One Direction's Melbourne concert sells out in three minutes. Herald Sun. The Herald and Weekly Times *Bridget Jones. (2 March 2012). One Direction's NZ tour sold out. Stuff.co.nz. Fairfax Media *Emily Hewett. (1 October 2011). One Direction tickets: Fans bombard Ticketmaster as eBay touts capitalise. Metro. Associated Newspapers *(3 April 2012). [http://www.kait8.com/story/17325179/one-direction-to-headline-madison-square-garden-december-3-2012 One Dir
- ↑ Lewis Corner. (12 April 2012). One Direction perform 'Moments' on tour – video. Digital Spy. Hearst Magazines UK
- ↑ Rhian Jones. (8 June 2012). One Direction live DVD hits No.1 in 25 countries. Music Week. Intent Media
- ↑ Jocelyn Vena. (15 June 2012). One Direction Set To Become Booming $100 Million Business. MTV News. MTV Networks
- ↑ Jocelyn Vena. (15 June 2012). One Direction Set To Become Booming $100 Million Business. MTV News. MTV Networks
- ↑ Gordon Smart. (2 August 2012). Won Direction! Boyband sell more than Arctic Monkeys, Mumford & Sons, Kasabian and Noel Gallagher together. The Sun. News International
- ↑ Kia Makarechi. (12 August 2012). One Direction & Closing Ceremony: Olympics Get A Dose Of 'What Makes You Beautiful'. The Huffington Post. TheHuffingtonPost, Inc
- ↑ Amelia Butterfly. (7 September 2012). One Direction win three MTV Video Music Awards in LA. Newsbeat. BBC
- ↑ (11 May 2012). One Direction Enjoy "Amazing Day" In The Studio Recording New Album. Capital FM. Global Radio
- ↑ Jocelyn Vena. (29 August 2012). One Direction Announce Album Title: Take Me Home. MTV News. MTV Networks
- ↑ Jocelyn Vena. (12 April 2012). One Direction Announce US Dates On 2013 World Tour. MTV News. MTV Networks
- ↑ (26 February 2012). One Direction Fans in Ticket-Buying Frenzy. MTV News. MTV Networks
- ↑ Sources for expansion dates in North America: *Billboard Staff. (12 April 2012). One Direction Plot Summer Tour.. in 2013. Billboard. Prometheus Global Media *Tara Hall. (12 April 2012). One Direction delivers 2013 dates after quick 2012 sellouts. SoundSpike. SoundSpike Media, LLC
- ↑ Brittany Stack. (29 April 2012). How One Direction cashed in on their hugely successful Australian tour. The Daily Telegraph Australia. News Limited
- ↑ Jon O'Brien. One Direction. Allmusic. Rovi Corporation
- ↑ Jason Lipshutz. (7 March 2012). One Direction, 'Up All Night': Track-By-Track Review. Billboard. Prometheus Global Media
- ↑ Lewis Corner. (2 February 2012). One Direction: 'One Thing' - Single review. Digital Spy. Hearst Magazines UK
- ↑ Zachary Houle. (16 March 2012). One Direction: Up All Night. PopMatters. Buzz Media
- ↑ (17 February 2011). One Direction: Forever Young: One Direction. Harper Collins. News Corporation
- ↑ Alex Fletcher. (17 February 2011). One Direction release autobiography. Digital Spy. Hearst Magazines UK
- ↑ (5 April 2011). ONE DIRECTION BOOK NUMBER ONE ON SUNDAY TIMES BESTSELLER LIST!. Sugar Magazine. Hachette Filipacchi Médias
- ↑ (1 September 2011). One Direction: The Official Annual 2012. Harper Collins. News Corporation
- ↑ Graeme Neill. (1 July 2011). Two more from One Direction for HC. The Bookseller. Bookseller Media Ltd
- ↑ Pip Ellwood. (23 September 2011). One Direction Score Another Number 1. Entertainment Focus. Pip
- ↑ Sarah Maloy. (31 March 2012). One Direction to Publish Biographical Book. Billboard. Prometheus Global Media
- ↑ (10 June 2012). Best Sellers. The New York Times. The New York Times Company
- ↑ (15 December 2011). One Direction Beat Cheryl Cole And JLS To Score Best Selling Calendar Of All Time. Capital FM. Global Radio
- ↑ X Factor star's One Direction revealed as ambassadors for Pokémon Black Version and Pokémon White Version. Nintendo (Nintendo of Europe GmbH)
- ↑ (8 May 2012). One Direction partners with Hasbro for global toy line. Music Week. Intent Media
- ↑ (15 October 2010). X Factor: finalists cover David Bowie for charity. Newsbeat. BBC
- ↑ (3 November 2010). Katie 'could be asked to leave X Factor'. Digital Spy. Hearst Magazines UK
- ↑ Top 50 singles, week ending 25 November 2010. Chart-Track. GFK
- ↑ (28 November 2010). Top 40 Official UK Singles archive – 4th December 2010. Official Charts Company
- ↑ Stan Walker, Short Stack, Michael Paynter, Amy Meredith. (5 June 2012). One Direction And JLS Give Their Best Recipes To New Cookbook. The Hot Hits Live from LA. MCM Media
- ↑ Sarah Lynn. (11 May 2012). One Direction 2012: 1D boys bring Rays Of Sunshine to seriously ill kids. Unreality TV. Unrealitytv Limited
- ↑ (9 May 2012). One Direction boys visit Rays Of Sunshine Children's Charity and grant lots of wishes. Now Magazine. IPC Media Limited
- ↑ (25 April 2012). 2012 VIP Tickets Available Now on CharityBuzz. Onedirectionmusic.com. Sony Music Entertainment Ltd
- ↑ Be a VIP When You Meet One Direction. Charitybuzz. Charitybuzz Inc
- ↑ (6 April 2012). Get Prepared California: Red Cross Launches Massive Celebrity Charity Auction. looktothestars.org. Look To The Stars
- ↑ (2 July 2012). British Airways and One Direction to Host High Flying Dinner Date. MarketWatch. Dow Jones & Company
- ↑ (6 July 2012). Why the only way is up for a date with One Direction. Daily Mail. Associated Newspapers
- ↑ (16 April 2012). Mums of One Direction stars reveal how the boys have grown into music sensations. Daily Record. Trinity Mirror
- ↑ Lisa McGarry. (6 November 2010). X Factor 2010: Niall Horan's brother says One Direction get along well. Unreality TV. Unrealitytv Limited
- ↑ (7 July 2010). Mullingar teen has got the X Factor. Westmeath Examiner. Celtic Media Group
- ↑ Liz Thomas. Beatlemania takes a whole new Direction! Thousands gather in Montreal to catch a glimpse of the band. Daily Mail. Associated Newspapers
- ↑ One Direction members. (2011). Dare to Dream: Life as One Direction. Harper Collins. ISBN 978-0-00-744439-7
- ↑ (21 December 2011). One Direction, Jessie J and Wretch 32 Unveil Their Best Christmas Presents Ever. Capital FM. Global Radio
- ↑ (16 March 2012). Niall Interview (VEVO LIFT): Brought to you by McDonald's. ইউটিউব
- ↑ Leah Collins. (12 March 2012). One Direction: X Factor boy band on what sets them apart. National Post. Postmedia Network Inc
- ↑ Zain Javadd Malik – Ancestry.co.uk. Ancestry.com
- ↑ (19 December 2010). Diva Fever's Craig Saggers: One Direction's Zain 'Zayn' Malik wears the dog-tag I gave him. Teen Now Magazine. IPC Media Limited
- ↑ Emma Clayton. (5 October 2010). East Bowling teenager Zain Malik makes it to finals, but Bradford girl band Husstle bow out. Bradford Telegraph & Argus. Newsquest Media Group
- ↑ (22 April 2012). Zayn Malik's mum: When my boy leaves home, I cry at the gate. Now Magazine. IPC Media Limited
- ↑ Ben Barnett. (26 November 2010). Classmates seek support for East Bowling One Direction star Zayn Malik. Bradford Telegraph & Argus. Newsquest Media Group
- ↑ (30 March 2012). Zayn Interview (VEVO LIFT): Brought to you by McDonald's. ইউটিউব
- ↑ Emily Hewett. (29 December 2011). One Direction's Zayn Malik vows to quit smoking for New Year resolution. Metro. Associated Newspapers Ltd
- ↑ Kalima
- ↑ Kari Huus. (18 June 2012). One Direction singer Zayn Malik: Global pop star, and Muslim. Msnbc.com. NBCUniversal
- ↑ Liam James Payne – Ancestry.co.uk. Ancestry.com
- ↑ Rebecca Davies. (18 September 2011). One Direction's Liam Payne: 'I effectively died as a baby'. Digital Spy. Hearst Magazines UK
- ↑ Victoria Nash. (11 September 2010). Liam Payne now sprinting to 'X Factor' success. Express & Star. Midland News Association
- ↑ (23 December 2011). One Direction: "We Take Inspiration From Take That". Capital FM. Global Radio
- ↑ Harry Edward Styles – Ancestry.co.uk. Ancestry.com
- ↑ (12 March 2012). Harry Styles. Capital FM. Global Radio
- ↑ Belinda Ryan. (29 September 2010). Holmes Chapel X Factor star Harry Styles can win show say school bandmates. Crewe Chronicle. Trinity Mirror
- ↑ Lewis Panther. (24 June 2012). One Direction star Harry Styles' dad on bond between him and his boy. Daily Record. Trinity Mirror
- ↑ Kate Simms. (17 November 2010). Harry Styles has got the X Factor in Holmes Chapel. BBC News. BBC
- ↑ Andrei Harmsworth. (20 April 2012). Harry Styles: Ronnie Wood wanted to play guitar with One Direction. Metro. Associated Newspapers Ltd
- ↑ Louis Troy Austin – Ancestry.co.uk. Ancestry.com
- ↑ GRO Index Doncaster Jan 1992. Ancestry.com
- ↑ (24 December 2011). Louis turns 20!. Onedirectionmusic.com. Sony Music Entertainment (UK) Ltd
- ↑ (19 October 2010). Family album reveals my boy really has got the X Factor. The Star. Johnston Publishing Ltd
- ↑ (23 March 2011). Louis Interview (VEVO LIFT): Brought to you by McDonald's. ইউটিউব
- ↑ (18 August 2011). One Direction's Louis Tomlinson is a fan of Robbie Williams. STV. STV Group
- ↑ (23 November 2011). One Direction: A Year In The Making – BBC2, 9pm. Daily Mirror. Trinity Mirror
- ↑ (6 February 2012). WATCH AGAIN: ONE DIRECTION'S DANCING ON ICE PERFORMANCES & INTERVIEW. Sugar Magazine. Hachette Filipacchi Médias
- ↑ Iona Kirby. (6 April 2012). Hello boys! One Direction's American dream continues as they join buxom Sofia Vergara on Saturday Night Live. Daily Mail. Associated Newspapers
- ↑ Jocelyn Vena. (27 January 2012). One Direction To Appear On 'iCarly'. MTV News. MTV Networks
- ↑ (11 September 2012). Sparks Fly as One Direction join The X Factor. The X Factor (Australia). Yahoo!7
- ↑ (30 January 2012). Arctic Monkeys, Noel Gallagher, The Vaccines, Lana Del Rey nominated for NME Awards 2012. NME. IPC Media
- ↑ Hewett, Emily. (20 April 2012). One Direction steal the show at Nickelodeon Kids' Choice Awards. Metro. Associated Newspapers
- ↑ Tina Hart. (23 July 2012). Swift and Bieber big winners at Teen Choice Awards. Music Week. Intent Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱান ডাইৰেকশ্বন” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৯৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।