ৱাছফিয়া নাজৰীন Wasfia Nazreen এগৰাকী বাংলাদেশী পৰ্বতাৰোহী আৰু পৰিৱেশ কৰ্মী। ১২
নাজৰীন বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কে২ (K2) আৰোহণকাৰী প্ৰথম গৰাকী বাংলাদেশী। ৩১৯৫৪ চনৰ পৰা ইতিহাসত সফলতাৰে কে২ আৰোহণ কৰা ৪০ গৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম হৈ পৰে। .৪ইয়াৰ পূৰ্বে নাজৰিন ২০১৫ চনৰ ১৮ নৱেম্বৰত ৰেইনহল্ড মেছনাৰ ( Reinhold Messner) সম্পূৰ্ণ কৰা প্ৰথম বাংলাদেশী ৰূপে পৰিগণিত হৈছিল। ৫৬৭৮৯ নাজৰিনে ২০১২ চনৰ মাউণ্ট এভাৰেষ্ট আৰোহণ বাংলাদেশৰ মহিলাসকলৰ বাবে উৎসৰ্গা কৰি কয় যে, “আমি ৪১ বছৰ পূৰ্বে স্বাধীনতা লাভ কৰিছো, কিন্তু আমাৰ মহিলাসকলে এতিয়াও স্বাধীনতা উপভোগ কৰিব পৰা নাই।”১০১১ নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি এ নাজৰিনক ২০১৪/২০১৫ চনৰ অন্যতম এডভেঞ্চাৰ হিচাপে স্বীকৃতি দিয়ে। ১২দুঃসাহসিক কৰ্মৰ জৰিয়তে মহিলা সবলীকৰণৰ প্ৰতি থকা সক্ৰিয়তা আৰু দায়বদ্ধতাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।২০১৬ চনত পুনৰ তেওঁলোকৰ অন্যতম এক্সপ্ল’ৰাৰ হিচাপে নিৰ্বাচিত হয়, তেওঁ নেচনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ আৰু এডভেঞ্চাৰৰ একেলগে উপাধি লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হয়। ১৩১৪ ১৫
নাজৰিনক বাংলাদেশ ইতিহাসত জাতিটোৰ প্ৰেৰণা আৰু ৯ অগ্ৰণী অৱদান আগবঢ়োৱা কিংবদন্তি মহিলাসকলৰ ভিতৰত এগৰাকী হিচাপে স্বীকৃতি দিয়া হয়।.১৬ নাজৰিন পশুৰ অধিকাৰ, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ মানৱ অধিকাৰৰ পৰিস্থিতি, পৰিৱেশৰ প্ৰভাৱ, বাংলাদেশী মহিলাৰ অধিকাৰ, যৌনকৰ্মী আৰু কাপোৰৰ কাৰখানাৰ শ্ৰমিক, অন্যান্য শ্ৰমিকৰ অধিকাৰ, আৰু খিলঞ্জীয়া গোটৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযানৰ বাবেও পৰিচিত।১৭২০১১ চনত নাজৰিনে আদিবাসী বা বাংলাদেশৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত নিজৰ জাতিগত লোকৰ দ্বাৰা অত্যাচাৰ আৰু ভূমি দখলৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া বিষয়ৰ স্থায়ী মঞ্চৰ দশম অধিৱেশন সাক্ষ্য দিছিল।১৮
২০২৩ চনত নাজৰিনক ফ্ৰান্স চৰকাৰ আৰু ২০২৪ চনৰ অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ বাবে পেৰিছ আয়োজক সমিতিয়ে ২০২৪ চনৰ পেৰিছৰ হল অৱ ফেমত সজোৱা প্ৰথম খেলুৱৈৰ দলসমূহৰ ভিতৰত অন্যতম হিচাপে আমন্ত্ৰণ জনায়। ১ ২০১৯ চনত নাজৰিনক ৰাষ্ট্ৰসংঘৰ মহিলাৰ "প্ৰজন্মৰ সমতা" অভিযানতো অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯ ২০১৬ আৰু ২০১৭ চনত নাজৰিনক Outside magazineত যোৱা ৪০ বছৰত নিজৰ নেতৃত্ব, উদ্ভাৱন, আৰু এথলেটিক কৃতিত্বৰ জৰিয়তে বাহিৰৰ জগতখনক আগবাঢ়ি যোৱা আৰু প্ৰত্যাহ্বান জনোৱা ৪০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। ২০
তথ্যসূত্ৰ
- ↑ (20 March 2021). UNESCO Forum on Biodiversity: On the road to Kunming. UNESCO
- ↑ আৰ্কাইভ কপি. Deutsche Welle
- ↑ Wasfia Nazreen becomes first Bangladeshi to summit K2. The Business Standard
- ↑ Wasfia Nazreen returns home after making history. Prothom Alo
- ↑ (21 September 2011). bn:এ সপ্তাহের সাক্ষাৎকার, Interview of the Week. BBC Bangla
- ↑ (25 November 2015). bn:ওয়াসফিয়ার 'সেভেন সামিট' জয়. BBC বাংলা
- ↑ আৰ্কাইভ কপি. BDEuroNews
- ↑ Women Reaching Heights. Indiegogo
- ↑ (27 November 2015). Bangladesh on Seven Summits. The Daily Star
- ↑ (2014-11-19). 'V' is for Women. The Daily Star
- ↑ (2012-05-27). Touching the Heavens. bdnews24.com
- ↑ The Activist: Wasfia Nazreen. National Geographic Adventure
- ↑ Wasfia's Everest. The Daily Star
- ↑ National Geographic Society unveils 2016 Class of Emerging Explorers. National Geographic
- ↑ Wasfia Makes History. Dhaka Tribune
- ↑ Legendary Women in Bangladesh with Pioneering Contribution in Diverse Fields. UNB
- ↑ (2012-11-13). Wasfia and two other women. bdnews24.com
- ↑ Who is 'Indigenous?'. FORUM
- ↑ (13 December 2019). I am Generation Equality: Wasfia Nazreen, mountaineer and activist. UN Women
- ↑ The 25 most Adventurous Women of the past 25 years. Men's Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাছফিয়া নাজৰিন” প্ৰবন্ধৰ সংশোধন ৬২৯২৫৯ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।