মহাৰাজ নৰনাৰায়ণ অবিভক্ত কমতা ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্ব সিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী১ নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল। শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মলৈ তেৱেঁই প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। তেওঁ সাহিত্য -সংস্কৃতিৰো এজন উল্লেখযোগ্য পৃষ্ঠপোষক আছিল। তেওঁৰ শাসনকালতে পুৰুষোত্তম বিদ্যাবাগীশে প্ৰয়োগ ৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ লিখি উলিয়াইছিল।
১৫৮১ চনত ভতিজাক ৰঘুদেৱে (চিলাৰায়ৰ পুত্ৰ) নৰনাৰায়ণৰ অধীনতে ৰাজ্যৰ পূৱ প্ৰান্ত কোচ হাজোত শাসন কৰিবলৈ লয়। কিন্তু নৰনাৰায়ণৰ মৃত্যুৰ পাছত তেওঁ নিজৰ স্বাধীনতা ঘোষণা কৰে আৰু নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ৰাজ্যৰ পশ্চিম প্ৰান্ত কোচ বিহাৰ ৰাজ্যত শাসন কৰিবলৈ লয়।
নৰনাৰায়ণৰ সোঁৱৰণত ব্ৰহ্মপুত্ৰ নদৰ ওপৰেদি যোৱা যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী দলংখনৰ নাম নৰনাৰায়ণ সেতু ৰখা হৈছে।
তথ্যসূত্ৰ
- Rai Barma, Hemant Kumar. (1988). Narayani Currency
তথ্যসূত্ৰ
- ↑ Rai Barma 1988
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰনাৰায়ণ” প্ৰবন্ধৰ সংশোধন ২৩০৫২৫ (২৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।