ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।১
প্ৰাৰম্ভিক জীৱন
চীনৰ গুৱাংছিৰ দক্ষিণ অঞ্চলৰ হেচিত ৱেইৰ জন্ম হৈছিল।২ ২০০৯ চনত ৱেইয়ে এলএলবি লাভ কৰে৷ তেওঁ য়ুহান বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১১ চনত ৱেইয়ে এল এল এম লাভ কৰে। য়ুহান বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
কলেজত পঢ়ি থকাৰ সময়তে ৱেই মহিলা আৰু এলজিবিটি অধিকাৰ আন্দোলনত সক্ৰিয় হৈ পৰে৷ ২০০৭ আৰু ২০০৯ চনত ৱেইয়ে দ্য ভেজিনা মনোলগছৰ প্ৰযোজনাৰ সমন্বয় আৰু মঞ্চায়নত সহায় কৰিছিল। তেওঁ য়ুহান ৰেইনবো নামৰ এলজিবিটি সংগঠনত যোগদান কৰে।২
ৱেইয়ে বেইজিঙৰ এলজিবিটিকিউ অধিকাৰ সংস্থা জি’আণ্ডেৰ পৰিচালক হিচাপেও কাম কৰিছিল।৩
ৱেই চীনত নেচনেল বাইচেক্সুৱেল নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাপক আছিল।
২০১১ চনৰ পৰা ২০১৬ চনলৈকে ৱেইয়ে যৌনতা আৰু যৌন স্বাস্থ্যক কেন্দ্ৰ কৰি চলি থকা বেইজিং জেণ্ডাৰ হেল্থ এডুকেচন ইনষ্টিটিউটত প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিছিল৷ তেওঁ লিংগ বৈষম্য আৰু যৌন বৈচিত্ৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিছিল।২ তেওঁৰ কৰ্মৰ ভিতৰত গ্ৰেট ৱালত বাৰ্ষিক এইডছ ৱাক, মূল চীনৰ প্ৰথম বৃহৎ পৰিসৰৰ এইচ আই ভি/এইডছ ৰাজহুৱা ধন সংগ্ৰহ প্ৰকল্প চীন এইডছ ৱাক, ভাল এলজিবিটি সম্প্ৰদায়ৰ প্ৰতিবেদনৰ বাবে মূলসুঁতিৰ মিডিয়া বঁটাৰ সমন্বয়, আৰু চীনত সংস্থাটোৰ ৰাইটছ এণ্ড এডভোকেচি প্ৰগ্ৰেম আৰু বাৰ্ষিক ৰাষ্ট্ৰীয় এলজিবিটি সন্মিলনৰ সমন্বয় কৰা আদি উল্লেখনীয়। ৱেইয়ে চীনৰ প্ৰথমটো অলাভজনক এলজিবিটি ৱেবকাষ্ট "কুইয়াৰ কমৰেডছ"ৰ সহ-আয়োজক আছিল৷ তেওঁ চীন, টাইৱান আৰু হংকং ভিত্তিক নেটৱৰ্ক কুইয়াৰ লালা টাইমছৰ সদস্য আছিল আৰু ভাৰত আৰু দক্ষিণ কোৰিয়াত মহিলা সন্মিলনত অংশগ্ৰহণ কৰিছিল।১২ ২০১২ চনত ৱেই টিংটিং আৰু লি টিংটিঙে বেইজিঙত ঘৰুৱা হিংসাৰ বিৰুদ্ধে ভেলেণ্টাইন ডে'ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।১ ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৱেই চাইনিজ লালা এলায়েন্সৰ প্ৰজেক্ট মেনেজাৰ আছিল।
তথ্যসূত্ৰ
- ↑ Jacobs, Andrew. (5 April 2015). Taking Feminist Battle to China's Streets, and Landing in Jail. The New York Times
- ↑ Tellis, Ashley. (2015). The Global Trajectories of Queerness: Re-Thinking Same-Sex Politics in the Global South. Brill Rodopi. পৃ. 137–144. ISBN 978-9-004-30933-3
- ↑ (13 March 2015). China: Arbitrary arrest and detention of nine women's and LGBT rights defenders. FIDH: International Federation for Human Rights
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেই টিংটিং” প্ৰবন্ধৰ সংশোধন ৪৯৫২৮৯ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।