অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিলীপ কুমাৰ

দিলীপ কুমাৰ (Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দিলীপ কুমাৰ (Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ১ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’। নায়ক হিচাপে ছটা দশকত ৬০খনৰো ওপৰত ছবিত অভিনয় কৰা দিলীপ কুমাৰ পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪), পদ্মবিভূষণ (২০১৫) আদিৰে বিভূষিত হৈছে।২৩ ১৯৯৮ চনত দ্বৈত ভূমিকাত অভিনয় কৰা ‘কিলা’ ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি। এসময়ৰ মোহময়ী অভিনেত্ৰী চায়ৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দিলীপ কুমাৰে অভিনয় কৰা ছখন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দেই। সেইকেইখন হৈছে ইনসানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি।

মোগল-ই আজম ছবিখনৰে কিংবদন্তিলৈ পৰিণত হোৱা দিলীপ কুমাৰৰ ২০২১ চনৰ ৭জুলাই তাৰিখে পুৱা ৭ বাজি ৩০ মিনিটত মুম্বাইৰ হিন্দুজা হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (11 December 2010). Tragedy king Dilip Kumar turns 88. Indian Express
  2. ↑ ANALYSIS: Dilip Kumar turns 88. Daily Times. Retrieved 31 July 2011
  3. ↑ Padma Awards Directory (1954-2009). Ministry of Home Affairs
  4. ↑ (July 07, 2021). Film Legend Dilip Kumar Dies At 98. www.ndtv.com/

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৩৯৮ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।