অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱিনু উদানী চিৰিৱৰ্ধনা

ৱিনু উদানী চিৰিৱৰ্ধনা (জন্ম: ১০ মাৰ্চ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু টেলিভিছন উপস্থাপিকা। ২০১২ চনত তেওঁ "দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সুমুদু প্ৰসাদিনীৰ সৈতে যুটীয়াভাৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰিবলৈ সক্ষম…

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৱিনু উদানী চিৰিৱৰ্ধনা (জন্ম: ১০ মাৰ্চ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু টেলিভিছন উপস্থাপিকা। ২০১২ চনত তেওঁ "দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সুমুদু প্ৰসাদিনীৰ সৈতে যুটীয়াভাৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল (প্ৰসাদিনীয়ে মিছ ৱৰ্ল্ড ২০১২ সুন্দৰী প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল)। তেওঁ ২০১৯ চনৰ নেলছন মেণ্ডেলা যুৱ শান্তি দূত আছিল।১২

ব্যক্তিগত জীৱন

ৱিনু তেওঁৰ পৰিয়ালৰ দ্বিতীয় সন্তান। তেওঁৰ এজন ককায়েক চানু আৰু এগৰাকী ভনীয়েক ৰুভি আছে। তেওঁ অনুলা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।৩ বৰ্তমান তেওঁ কলম্বোত বাস কৰে। ২০২০ চনত তেওঁ অৰ্থনীতিৰ প্ৰবক্তা কাচুন লিয়ানাগেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

শেহতীয়াকৈ তেওঁক ২০১৯ চনৰ নেলছন মেণ্ডেলা শান্তি বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ শুকুৰবাৰৰ অনুষ্ঠান হাদা ৰেডী পেয়াৰ আঁত ধৰে। তেওঁ এখন কিতাপ লিখাৰো পৰিকল্পনা কৰিছে।৪

তেওঁৰ মৃত্যুৰ সম্পৰ্কীয় ভুৱা বাতৰিৰ বিপৰীতে তেওঁ কুশলে জীৱিত আছে।৫৬

মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২

২০১২ চনৰ ৩১ মাৰ্চত ৱাডডুৱাৰ ব্লু ৱাটাৰত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত ৱিনুৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰে।৩ সেইদিনা সুমুদু প্ৰসাদিনীক এই সুন্দৰী প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ্ছ আপ হিচাপে নিৰ্বাচিত কৰা হৈছিল। অৱশ্যে পিছলৈ জানিব পৰা গৈছিল যে গণনাৰ এক ভুল হৈছিল আৰু ২০১২ চনৰ ৪ এপ্ৰিলত কলম্বোৰ গলে ফেচ হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত সুমুদু প্ৰসাদিনীক বিজয়ীৰ মুকুট পিন্ধোৱা হয়। সিদ্ধান্ত লোৱা হৈছিল যে ৱিনু আৰু সুমুদু দুয়োৱে মূল খিতাপটো ভগাই ল’ব আৰু সুমুদুৱে ১৮ আগষ্ট ২০১২ত চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিব।

মূল খিতাপটোৰ উপৰিও ৱিনুৱে এই অনুষ্ঠানত অনুষ্ঠিত হোৱা অন্যতম ক্ষুদ্ৰ প্ৰতিযোগিতাত 'মিছ টেলেণ্ট' খিতাপ আৰু চাণ্ডে অবজাৰ্ভাৰ বাতৰি কাকতৰ জৰিয়তে সৰ্বাধিক ৰাজহুৱা ভোট লাভ কৰি 'চাণ্ডে অবজাৰ্ভাৰ মোষ্ট পপুলাৰ কনটেষ্টেণ্ট' খিতাপো জয় কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nelson Mandela Youth Peace Ambassador 2019. Instagram
  2. ↑ Nelson Mandela Youth Peace Ambassador 2019. Facebook
  3. ↑ (1 June 2012). Beauty with a purpose. Daily News (Sri Lanka)
  4. ↑ Ready to write a book
  5. ↑ Siyatha Tharu Piri Re. Siyatha TV
  6. ↑ අනුලාවට සදා ජය. Instagram

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিনু উদানী চিৰিৱৰ্ধনা” প্ৰবন্ধৰ সংশোধন ৫৯৯৬০৫ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।