ৱেনানিতা আংগাং (ইংৰাজী: Wenanita Angang) এগৰাকী মালয়েছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ হোৱাৰ পূৰ্বে তেওঁ ২০১৬ চনত মিছ প্লেনেট মালয়েছিয়া খিতাপ জয় কৰিছিল। ২০১৮ চনত তেওঁ নিজৰ গৃহ চহৰ চাবাহত 'উন্দুক ঙাদাউ কুৱালা পেনিও' খিতাপ অৰ্জন কৰে। তেওঁ মিছ টুৰিজম এণ্ড কালচাৰ ইউনিভাৰ্ছ ২০১৯ ত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ্ছ-আপ হয়। মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ ৰ বিজয়ী হিচাপে আংগাঙে মিছ ৱৰ্ল্ড ২০২৩ ত অংশগ্ৰহণ কৰি শীৰ্ষ ৪০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে।
সৌন্দৰ্য প্ৰতিযোগিতা
বুচাক মোচংগন ২০১৬
আংগাঙৰ প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতা আছিল ‘বুচাক মোচংগন ২০১৬’। বুচাক মোচংগন (যাৰ অৰ্থ হৈছে ‘ধুনীয়া ফুল’) হৈছে চাবাহৰ টাটানা সম্প্ৰদায়ৰ মাজত উদযাপিত ওডৌ বা কাঞ্জাৰ উৎসৱৰ সময়ত অনুষ্ঠিত এক সৌন্দৰ্য প্ৰতিযোগিতা। ইয়াত অংশগ্ৰহণকাৰীসকলক টাটানাৰ প্ৰাচীন আৰু বিলুপ্তপ্ৰায় ৰীতি-নীতি তথা আচাৰ-ব্যৱহাৰৰ উপস্থাপনৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয়। নিজৰ এই প্ৰথম প্ৰতিযোগিতাতে তেওঁ প্ৰথম ৰানাৰ্ছ-আপৰ স্থান লাভ কৰিছিল।
মিছ চাবাহ মডেল অফ দ্য ইয়াৰ ২০১৬
আংগাঙে ১৩ গৰাকী প্ৰতিযোগীক অতিক্ৰমি ‘মিছ চাবাহ মডেল অফ দ্য ইয়াৰ ২০১৬’ খিতাপ অৰ্জন কৰে। ২০১৬ চনৰ ৪ জুনত শ্বাংগ্ৰী-লা টানজুং আৰো ৰিজৰ্ট এণ্ড স্পাত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।১ চাবাহৰ মহিলাসকলৰ মডেলিং আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে ২০১১ চনত এই প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছিল।২
মিছ প্লেনেট ইণ্টাৰনেশ্যনেল ২০১৬
২০ বছৰ বয়সত তেওঁ জৰ্জিয়াৰ বাটুমি চহৰত অনুষ্ঠিত ‘মিছ প্লেনেট ইণ্টাৰনেশ্যনেল ২০১৬’ প্ৰতিযোগিতাত ‘মিছ প্লেনেট মালয়েছিয়া’ হিচাপে অংশ লয়। তেওঁ ইয়াত দ্বিতীয় স্থান (প্ৰথম ৰানাৰ্ছ-আপ) লাভ কৰে আৰু ‘শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পোছাক’ৰ বঁটা অৰ্জন কৰে।৩
উন্দুক ঙাদাউ ২০১৮
২০১৮ চনৰ মে' মাহত চাবাহ ৰাজ্যত বাৰ্ষিকভাবে অনুষ্ঠিত হোৱা শস্য চপোৱাৰ উৎসৱ ‘কাস্মাটান’ত তেওঁ কুৱালা পেনিও জিলাৰ বাবে ‘উন্দুক ঙাদাউ’ নিৰ্বাচিত হয়। এই একেটা বৰ্ষতে ইনানামৰ প্ৰতিনিধি হোচিয়ানি জেমছ জেইমিছে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।৪৫
মিছ টুৰিজম এণ্ড কালচাৰ ইউনিভাৰ্ছ ২০১৯
২০১৯ চনৰ ৩১ আগষ্টত ম্যানমাৰত অনুষ্ঠিত ‘মিছ টুৰিজম এণ্ড কালচাৰ ইউনিভাৰ্ছ ২০১৯’ প্ৰতিযোগিতাত তেওঁ মালয়েছিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰে।
মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২
২০২২ চনৰ ২৭ আগষ্টত আংগাঙে ১৪ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি ‘মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২’ খিতাপ জয় কৰে। তেওঁ চেলংগৰৰ ড° লাৱণ্য চিৱাজীৰ উত্তৰাধিকাৰী হয়।৬ তেওঁ সাত বছৰৰ ভিতৰত চাবাহ ৰাজ্যৰপৰা এই খিতাপ জয় কৰা পঞ্চমগৰাকী বিজয়ী হিচাপে পৰিগণিত হয়।
প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰশ্নোত্তৰ শিতানত জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল:
যেতিয়া আমি এছ.আই.চি.চি. (SICC)-ৰপৰা বাহিৰলৈ ওলাই আহোঁ, বিশেষকৈ চাবাহৰ লোকসকলে সেই গৰমৰ ঢৌটো অনুভৱ কৰিব পাৰে যিটো কেইবছৰমান আগতে আমি অনুভৱ কৰা নাছিলোঁ। গতিকে মই সকলোকে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কেৱল সজাগতা সৃষ্টি কৰাই নহয়, প্ৰকৃততে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ।৭
প্ৰতিযোগিতাখনত তেওঁ ‘বিউটি উইথ এ পাৰপাজ’ বঁটাৰ বাবে শীৰ্ষ ৮ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।৮ তেওঁ মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।৯
মিছ ৱৰ্ল্ড ২০২৩
আংগাঙে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ৪০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ (10 June 2016). Kuala Penyu's Wenanita is Miss Sabah Model. Borneo Post Online
- ↑ (2016-06-09). Kuala Penyu lass wins Model of the Year. www.dailyexpress.com.my
- ↑ Miss Planet 2016 Marina Voykova: Kindness shall save the world. bnr.bg
- ↑ Geraldine, Avila. (31 May 2018). Actress Hosiani is the new unduk ngadau. New Straits Times
- ↑ (21 May 2018). Unduk Ngadau Kuala Penyu 2018 Wenanita Angang. www.facebook.com
- ↑ (2022-08-27). Kuala Penyu lass Wenanita Angang is Miss World Malaysia 2022 - Sabah Baru News Kuala Penyu lass Wenanita Angang is Miss World Malaysia 2022. Sabah Baru News
- ↑ Eazzycom. Sabahan Wenanita Angang is the new Miss World Malaysia. www.missnews.com.br
- ↑ Mu, Paul. (28 August 2022). Sabahan wins Miss Malaysia World 2022, Sarawakian is runner-up. New Straits Times
- ↑ (2022-08-28). Sabahan Wenanita Angang wins Miss World Malaysia 2022. Hipz Malaysia
- ↑ (2022-08-27). Sabahan Wenanita Angang is the new Miss World Malaysia - Citizens Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেনানিতা আংগাং” প্ৰবন্ধৰ সংশোধন ৫৯৫৯৪৮ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।