অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ (July 6, 1924 – December 23, 2007) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। মগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ (July 6, 1924১ – December 23, 2007২) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। মস্তিষ্কৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ দেউতাক আছিল বিখ্যাত উদ্ভিদ বিজ্ঞানী আৰু স্মিথ কলেজৰ অধ্যাপক ৱিলিয়াম ফ্ৰান্সিছ গেনং জ্যেষ্ঠ।

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা শিক্ষা লাভ কৰি তেখেতে দ্বিতীয় বিশ্বযুদ্ধ আৰু কোৰিয়ান যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিভাগত কাম কৰিছিল।

নিউৰ'এণ্ড'ক্ৰাইন'ল'জিষ্ট বিচাপে প্ৰতিষ্ঠিত হৈ তেখেতে কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্বৰ লেঞ্জ আসনৰ অধ্যাপক আছিল।৩ তেখেতে ১৯৭৭-৭৮ চনত আমেৰিকান ফিজিঅ'ল'জিকেল চ'ছাইটীৰ ৫০তম সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৪ গৱেষণাকলত তেখেতে আৱিষ্কাৰ কৰে যে ৰক্তচাপ আৰু ফ্লুইডৰ ভাৰসাম্যতা বা শৰীৰৰ লৱণ আৰু পানীৰ স্তৰ এড্ৰিনেল গ্ৰন্থি আৰু বৃক্কই নিয়ন্ত্ৰণ কৰে। এই আৱিষ্কাৰে উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বিকাশত প্ৰভুত সহায় কৰে। হৃদয়ৰ তালত প্ৰভাৱ পেলোৱা "ল'ন-গেনং-লেভাইন ছীন্দ্ৰ'ম" আৱিষ্কাৰতো তেখেতে ভূমিকা পালন কৰিছিল।

তেখেতে লিখা শৰীৰতত্ত্বৰ কিতাপ Review of Medical Physiology ছাত্ৰ-শিক্ষকসকলৰ মাজত বহুলভাৱে জনপ্ৰিয়। ১৯৬৩ চনত প্ৰথম প্ৰকাশিত এই কিতাপৰ বৰ্তমান ২৫তম সংস্কৰণ প্ৰকাশ পাইছে আৰু ১৮টা ভাষালৈ অনূদিত হৈছে।

২০০৭ চনৰ ২৩ ডিচেম্বৰত কলিফ'ৰ্নিয়াৰ আলবাণী তেখেতে মৃত্যুবৰণ কৰে।

তথ্য উৎস

তথ্যসূত্ৰ

  1. ↑ 2002 bio
  2. ↑ Leading UCSF neuroendocrinologist and medical leader dies
  3. ↑ 2003 citation
  4. ↑ APS presidents

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানীচিকিৎসাবিদআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ” প্ৰবন্ধৰ সংশোধন ৩৮৩৬৩৬ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।