অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱালুছা ডি চুজা

ৱালুছা ডি চুজা (ইংৰাজী: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৱালুছা ডি চুজা (ইংৰাজী ভাষা: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।২৩৪ তেওঁ ২০১৬ চনৰ হিন্দী ভাষা ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।৫৬৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৱালুছা ডি চুজা গোৱাৰ বাসিন্দা আৰু তেওঁ পিতৃৰফালৰপৰা পৰ্তুগীজ তথা মাতৃৰফালৰপৰা জাৰ্মান বংশোদ্ভৱ।৯ ১৬ বছৰ বয়সতে ফেশ্বন ডিজাইনাৰ ৱেণ্ডেল ৰড্ৰিকছে তেওঁক আৱিষ্কাৰ কৰিছিল।১০১১

ৱালুছা সাগৰৰ পাৰত বাস কৰিছিল আৰু ডাঙৰ-দীঘল হোৱাৰ সময়ছোৱাত এগৰাকী এথলীট আছিল। তেওঁ আউটড’ৰ এডভেন্সাৰ ভাল পায়। তেওঁ পাঞ্জিমৰ ডোনা পউলাৰ 'আৱাৰ লেডী অৱ দ্য ৰোজাৰী' স্কুলত পঢ়িছিল আৰু পিছলৈ মাপুছাৰ চেইণ্ট জেভিয়াৰ্ছ কলেজত শিক্ষা সমাপ্ত কৰিছিল।

কেৰিয়াৰ

ৱালুছাই দেশৰ অগ্ৰণী ডিজাইনাৰসকলৰ বাবে মডেলিং কৰিছিল আৰু পৰৱৰ্তী সময়ত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ লৈ "মিছ বডী বিউটিফুল" খিতাপ অৰ্জন কৰিছিল।১২ ১৭ বছৰ বয়সতে তেওঁ শ্বাহৰুখ খানৰ সৈতে পেপচিৰ বাবে প্ৰথমটো টিভি বিজ্ঞাপন কৰিছিল। বছৰ বছৰ পাছত তেওঁ পুনৰ অভিনেতাজনৰ সৈতে এটা হুণ্ডাইৰ বিজ্ঞাপনত অভিনয় কৰে।১৩১৪ ইয়াৰ উপৰি তেওঁ জয়পুৰ জুৱেলছ, লৰিয়েল,১৫ এভন হেয়াৰকেয়াৰ নেচাৰেলছ১৬ আৰু ফাল্গুনী এণ্ড শ্বেনৰ নতুন পিকক কালেকচন ২০১৬-ৰ দৰে ব্ৰেণ্ডৰ মুখ হৈ পৰিছে।১৭

২০১৬ চনত ৱালুছাই শ্বাহৰুখ খানৰ ছবি ফেনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।

ব্যক্তিগত জীৱন

তেওঁ গোৱাত মাৰ্ক ৰবিনছনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীটোৰ তিনিটি সন্তান আছে— শ্বেনেল ৰবিনছন, ব্ৰুকলিন ৰবিনছন আৰু চিয়েনা ৰবিনছন। ২০১৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।১৮১৯২০

মেগাজিনৰ বেটুপাত

  • এফ এইচ এম (ভাৰত)২১
  • ভাৰ্ভ২২
  • হাৰ্পাৰছ বজাৰ২৩
  • বলীউড ফিল্মফেম ক’ভাৰ
  • ট্ৰেভেল + লেজাৰ মেগাজিন (ভাৰত)২৪
  • ভাইভা গোৱা২৫
  • ফেমিনা চেলুন এণ্ড স্পা
  • স্মাৰ্টলাইফ
  • এল বিউটি২৬
  • জিকিউ ইণ্ডিয়া২৭২৮
  • ভৌগ বিউটি এডিটৰিয়েল২৯
  • চিনে ব্লিটজ
  • মেনছ ৱৰ্ল্ড৩০

চলচ্চিত্ৰপঞ্জী

বছৰছবিচৰিত্ৰভাষাটোকা
২০১৬ফেনবেলা খান্নাহিন্দীপ্ৰথম ছবি
২০১৯লুচিফাৰনৃত্যশিল্পীমালয়ালম"ৰফতাৰা" গীতত বিশেষ উপস্থিতি
২০২০ক্ৰেকডাউন৮৩১গৰিমা কালৰা/মৌচম মাছৌদহিন্দীভুট (Voot)-ত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক
২০২১টাইম টু ডান্সমেহৰ
অণ্টিম: দ্য ফাইনেল ট্ৰুথচিংগাৰী
২০২২এচকেপ লাইভজিয়া বসুডিজনী+ হটষ্টাৰত সম্প্ৰসাৰিত ৱেব ধাৰাবাহিক
তनाव (Tanaav)৩২জৈনব ৰিয়াজছনী লিভ (SonyLIV)
২০২৪কৰ্ম কলিংডলী ভাটিয়াডিজনী+ হটষ্টাৰত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক
ক্ৰেকডাউন ২৩৩গৰিমা কালৰাঅ’টিটিত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক

টেলিভিছন

বছৰঅনুষ্ঠানটোকা
২০১৯নাচ বলিয়ে ৯আঁতধৰোঁতা
২০২১ইণ্ডিয়ান প্ৰ' মিউজিক লীগ
বিগ বছ ১৫অতিথি

তথ্যসূত্ৰ

  1. ↑ Anand. पति को पहले ही तलाक दे चुकी हैं ये 5 अभिनेत्रियां, दिखने में ऐसे जैसे शादी हुई ही नहीं. Amar Ujala
  2. ↑ Waluscha D'Souza showcases a creation by Wendell Rodricks during the Day 6 of the Lakme Fashion Week. The Times of India
  3. ↑ Waluscha D'Souza walks the ramp during the 5th edition of charity fashion show Ramp for Champs organised by Smile Foundation. The Times of India
  4. ↑ Waluscha D'souza arrives for Grazia Young Fashion Awards. The Times of India
  5. ↑ Meet Waluscha De Sousa, Shah Rukh Khan's new leading lady. Hindustan Times
  6. ↑ (3 December 2016). Tinder is not my thing: Waluscha De Sousa
  7. ↑ Shah Rukh made me feel comfortable on 'Fan' set: Waluscha De Sousa. The Indian Express
  8. ↑ (29 June 2023). Waluscha De Sousa recalls working with SRK in Fan: He is so charismatic · Exclusive. India Today
  9. ↑ Waluscha De Sousa talks about Fan, SRK and being a mother of three. Filmfare
  10. ↑ (10 April 2015). Waluscha De Souza: Coming from Goa, dance and music is my veins. The Times of India
  11. ↑ (11 March 2016). Meet 'Fan' Girl Waluscha De Sousa, Who's Fabulous At Breaking Stereotypes. HuffPost
  12. ↑ (24 August 2016). Waluscha De Sousa to join Lara Dutta for 'Miss India Universe 2016 hunt. The Indian Express
  13. ↑ (20 April 2016). SRK is more at ease while shooting an ad: Waluscha De Sousa. Daily News and Analysis
  14. ↑ (17 February 2016). Meet Shah Rukh Khan's Smoking Hot 'Fan' Co-star Waluscha De Sousa. ABP News
  15. ↑ (21 August 2015). Jaipur Jewels unveils its new collection in Mumbai. The Times of India
  16. ↑ (6 September 2016). Waluscha De Sousa becomes face of Avon hair care. Business Standard
  17. ↑ (5 August 2016). Work of art: Waluscha De Sousa's photoshoot is getting painted on canvas. Hindustan Times
  18. ↑ Reddy, Sujata. (30 September 2015). Waluscha De Sousa on her separation from fashion choreographer Marc Robinson. The Times of India
  19. ↑ (30 January 2002). Marc robinson and waluscha sousa are getting married in goa.. The Times of India
  20. ↑ MY MARRIAGE MAY HAVE ENDED BUT I'M NOT A CYNIC. Mumbai Mirror
  21. ↑ Shahrukh's Fan co-star on the cover of FHM!. Pinkvilla
  22. ↑ Waluscha De Sousa on Verve Magazine Cover July 2015 Issue. sabfilmyhai.com
  23. ↑ Waluscha De Sousa stuns us with her beauty in Harper's Bazaar Cover. blogtobollywood.com
  24. ↑ Waluscha De Sousa on Travel + Leisure Magazine Cover. boxofficecapsule.com
  25. ↑ Waluscha De Sousa on Viva Goa Cover. Vivagoa Magazine
  26. ↑ Waluscha De Sousa on what to expect from her big, fat Bollywood debut. Elle India
  27. ↑ Meet Shah Rukh Khan's new lady love, Waluscha De Sousa. GQ India
  28. ↑ Stunning! Waluscha De Sousa graces the latest issue of GQ India. Pinkvilla.com
  29. ↑ Waluscha de Sousa during Vogue Beauty Awards on July 27, 2016 in Mumbai. The Times of India
  30. ↑ Guess Who's Back. Man's World
  31. ↑ (2023-05-20). Waluscha De Sousa on 'Crackdown 2': Season 2 is much bigger, better, fiery, and fierce. The Times of India
  32. ↑ (October 18, 2022). 'Tanaav,' Indian adaptation of 'Fauda' to stream on Sony LIV from November 11. The Hindu
  33. ↑ Waluscha De Sousa on 'Crackdown 2': Season 2 is much bigger, better, fiery, and fierce

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেলমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱালুছা ডি চুজা” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৬০ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।