অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাকেশ বণিক

ৰাকেশ বণিক (Rakesh Banik) এগৰাকী অসমীয়া পেৰা-চাইক্লিষ্ট। সৰ্বভাৰতীয় পৰ্যায়ত পেৰা- চাইক্লিষ্ট ৰূপে তেওঁ নেতৃস্থানীয়। ২০১২ চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ-ভৰিটো হেৰুৱায় যদিও নিজৰ যত্ন, একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী চাইক্লিষ্ট ৰূপে জনমানসত ধৰা দিয়ে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৪ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰাকেশ বণিক (Rakesh Banik) এগৰাকী অসমীয়া পেৰা-চাইক্লিষ্ট।১ সৰ্বভাৰতীয় পৰ্যায়ত পেৰা- চাইক্লিষ্ট ৰূপে তেওঁ নেতৃস্থানীয়। ২০১২ চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ-ভৰিটো হেৰুৱায় যদিও নিজৰ যত্ন, একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী চাইক্লিষ্ট ৰূপে জনমানসত ধৰা দিয়ে। বিভিন্ন দিশত সামাজিক-সচেতনতা বৃদ্ধিৰ বাবে তেওঁ চাইকেল চলাইছে। তাৰ ভিতৰত এশিঙীয়া গঁড় নিধনৰ বিৰোধিতাৰে জনসচেনতা বৃদ্ধিৰ বাবে বেংককৰপৰা অসমলৈ কৰা তেওঁৰ তিনি হাজাৰ পাঁচশ কিলোমিটাৰৰ যাত্ৰাটোৱে প্ৰমুখ্য। এই যাত্ৰাটোত তেওঁ চাইকেলেৰে পৃথিৱীৰ বত্ৰিশখন মহানগৰ অতিক্ৰম কৰিছিল।১২০১৬ চনত অসমৰ বান পীড়িত সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰপৰা অৰ্থ সাহায্যৰ দাবীৰে বণিকে দিল্লীৰ ইণ্ডিয়া গেটলৈকে চাইকেল যাত্ৰা কৰিছিল।

জন্ম

নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগানত ৰাকেশ বণিকৰ জন্ম হৈছিল।

কৰ্মজীৱন

২০১২ চনৰ ১১ জুনত ঘৰলৈ আহি থকা অৱস্থাত বণিক দুৰ্ঘটনাত পতিত হয় আৰু নিজৰ সোঁ ভৰিটো হেৰুৱায়। আৰ্থিক অৱস্থা টনকিয়ালনোহোৱা বাবে কৃত্ৰিম ভৰি এখন সংস্থাপন কৰাটো ৰাকেশৰ পৰিয়ালৰ বাবে সম্ভৱ নাছিল। কিন্তু আমিনগাঁৱৰ এটা অনুষ্ঠানে বিনামূলীয়াকৈ তেওঁক এটি কৃত্ৰিম ভৰি প্ৰদান কৰে। ভৰিখন সংস্থাপন কৰাৰ পাছতে তেওঁ থিৰ কৰিলে যে তেওঁ চাইকেল চলাব। ব্যৰ্থতাক নেওচি অশেষ কষ্ট আৰু আঘাতৰ পাছত ৰাকেশে কৃত্ৰিম ভৰিৰে ধুনীয়াকৈ চাইকেলখন চলাব পৰা হ'লগৈ। তেনে সময়তে তেওঁ ঘৰ এৰি গুছি গ'ল চাইক্লিং ক্ষেত্ৰখনৰ সন্ধানত।

  1. ২০১৫ চনত আদিত্য মেহতা ফাউণ্ডেশ্যনৰ উদ্যোগত পুনেৰ পৰা মুম্বাইলৈ ১৮০ কিলোমিটাৰ দূৰত্ব ২৪ ঘন্টাত আনুষ্ঠানিকভাৱে অতিক্ৰম কৰে।
  2. ২০১৫ চনতে আদিত্য মেহতা ফাউণ্ডেশ্যন, বিএছএফ আৰু এনটিআৰে অনুষ্ঠিত কৰা ৰেলীত বাংগালুৰুৰ পৰা হায়দৰাবাদলৈ ৩০ ঘণ্টাত ৬৩০ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰি সুনাম অৰ্জন কৰে। এই সুদীৰ্ঘ ৰেলীটো ৰাকেশ বণিকে বিশ্বৰ পেৰা-চাইক্লিষ্ট সকলৰ নামত উৎসৰ্গা কৰিছিল।
  3. উক্ত কাৰ্যক্ৰমৰ পিছতেই বলিউডৰ তাৰকাসকলৰ লগত হাইদৰাবাদৰ পৰা ভিগনানলৈ ৭৫ কিলোমিটাৰ অতিক্ৰম কৰে।
  4. পুনৰ কলিয়াবৰৰ পৰা শ্বিলঙলৈ ২৭০ কিলোমিটাৰ, কলিয়াবৰৰ পৰা লখিমপুৰলৈ ৫২০ কিলোমিটাৰ আৰু নুমলীগড়ত এক মাৰাথনত অংশগ্ৰহণ কৰাৰ লগতে বহুতো সৰু সুৰা ৰেলীত যোগদান কৰে।
  5. মানালীৰ পৰা খাৰডুংগলালৈ ৫২০ কিলোমিটাৰৰ এক ব্যতিক্ৰমী ৰেলীত ৰাকেশে যোগদান কৰে। এই পথছোৱা হৈছে বিশ্বৰ আটাইতকৈ উচ্চতম পথ, য'ত বছৰৰ সকলো সময়তে উত্তাপ শূন্য ডিগ্ৰী চেলছিয়াছতকৈও নিম্ন। এই আৰোহণ জয় কৰি তেওঁ খাৰডুংগলাৰ সেই পথৰ শেষ পাহাৰৰ শৃংগত অসমীয়া অসমৰ গামোচা এখন উৰুৱাই থৈ আহে। এই উচ্চতম পথ আৰোহণ কৰা উত্তৰ-পূৱৰ তেৱেঁই প্ৰথম চাইকেল আৰোহী।২

শেহতীয়াকৈ তেওঁ অসম চৰকাৰৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত গ্ৰামোন্নয়ন আঁচনিৰ অন্তৰ্গত চাইকেল যাত্ৰাৰে সজাগতা সৃষ্টি কৰে।

স্বীকৃতি

  1. ২০১৭ চনত অসম ক্ৰীড়া বঁটা লাভ।
  2. ২০১৯-২০ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ আৰু ৰূপৰ পদক লাভ।
  3. ২৬ ডিচেম্বৰ,২০২০ চনত আৰোহন ফাউণ্ডেচনৰ তৰফৰপৰা আৰোহণ অসম গৌৰৱ বঁটা প্ৰদান।
  4. ২০১৯ চনত অসম চৰকাৰৰ দ্বাৰা আয়োজিত পেৰা অলিম্পিকৰ দিব্যাংগ মেলাত যোগদান আৰু পদক লাভ।

বাহ্যিক সংযোগ

(Rakesh para-cyclist - A boy gets back on his feet after leg amputation, Dorbar with Pranay Bordoloi) প্ৰণয় বৰদলৈৰ সৈতে সাক্ষাৎকাৰ

তথ্যসূত্ৰ

  1. ↑ NE Now News. (২৫ ডিচেম্বৰ, ২০১৭). Meet para-cyclist Rakesh: The man with a mission to save rhinos in Assam. NorthEast Now
  2. ↑ কোকিল শইকীয়া. (১৩ জুন, ২০১৭). জীৱন যুঁজৰ অক্লান্ত সৈনিক ৰাকেশ বনিক. বৌদ্ধিক বিচাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাকেশ বণিক” প্ৰবন্ধৰ সংশোধন ৪১৪৯৬৫ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।