ৰাগেশ্বৰী লুম্বা (ইংৰাজী ভাষা: Raageshwari Loomba) এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মাইণ্ডফুলনেছ স্পীকাৰ।
জীৱনী
ৰাগেশ্বৰীয়ে অক্সিলিয়াম কনভেণ্ট হাইস্কুলত পঢ়া-শুনা কৰিছিল।১
কিশোৰী অৱস্থাতে ৰাগেশ্বৰীয়ে ১৯৯৩ চনৰ ছবি আঁখেৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ মেইন খিলাড়ী তু অনাৰী (১৯৯৪), জিদ (১৯৯৪) আৰু দিল কিতনা নাদান হ্যায়ত অভিনয় কৰে।
ৰাগেশ্বৰীয়ে সমগ্ৰ ভাৰতত এলানি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ ক'কা-ক'লাৰ সৈতে এক চুক্তিবদ্ধ হৈছিল।২
২০০০ চনত ৰাগেশ্বৰী আৰু তেওঁৰ পিতৃয়ে একেলগে আন এটা এলবাম ‘ৱাই টু কে চিল দো হাজাৰ’ (Y2K Saal Do Hazaar) নিৰ্মাণ কৰে। "ইক্কি চিক্কি চিকিটা" শীৰ্ষক ভিডিঅ'টোৰ শ্বুটিং কৰি থকা সময়ত ৰাগেশ্বৰী মেলেৰিয়াত আক্ৰান্ত হৈ আছিল। ২০০০ চনৰ প্ৰাকক্ষণত এটা সংগীতানুষ্ঠানৰ জৰিয়তে এলবামটো মুকলি কৰা হৈছিল। সেই অনুষ্ঠানটোৰ ঠিক এসপ্তাহৰ পিছতে ৰাগেশ্বৰীৰ ‘বেলছ পালচি’ (Bell's palsy) ধৰা পৰে,৩ যাৰ ফলত তেওঁৰ মুখমণ্ডলৰ বাঁওফালৰ অংশ পক্ষাঘাতগ্ৰস্ত হয় আৰু কথা কোৱাতো অসুবিধাৰ সৃষ্টি হয়। পৰৱৰ্তী বছৰটোত তেওঁ ফিজিঅ’থেৰাপী, ইলেক্ট্ৰিকেল ষ্টিমুলেচন আৰু যোগাসনৰ সহায়ত নিজকে সুস্থ কৰি তোলে। তেওঁ এমটিভিৰ এক দো তিন আৰু বাৰ বাৰ দেখো, ছোনীত কুছ কেহতী হ্যায় য়ে ধুন, বিবিচিৰ বাবে কুৱেষ্ট আৰু টেন স্পৰ্টছত ৱান অন ৱান উইথ ৰাগেশ্বৰী আদি টেলিভিছন শ্ব’ কৰিছিল।
২০১৪ চনৰ ২৭ জানুৱাৰীত মুম্বাইত লণ্ডন নিবাসী মানৱ অধিকাৰ কৰ্মী তথা অধিবক্তা সুধাংশু স্বৰূপ কেচিৰ সৈতে ৰাগেশ্বৰী বিবাহপাশত আবদ্ধ হয়।৪ ২০১৬ চনৰ ১১ ফেব্ৰুৱাৰীত লণ্ডনত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (23 February 2007). 18 till i die with Raageshwari Loomba. DNA
- ↑ Surabhi Khosla. (31 March 2000). Life is a song. Indian Express
- ↑ Reema Gehi. (12 May 2007). A magical bond. LifeStyle. Hindustan Times, Mumbai
- ↑ Bhowmik, Arijita. (29 January 2014). Singer Raageshwari Marries London Barrister Sudhanshu Swaroop (PHOTOS). www.ibtimes.co.in
- ↑ (16 January 2017). Raageshwari blessed with a baby girl - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগেশ্বৰী লুম্বা” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৭৭ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।