য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী ভাষা: Rambha) নামেৰে পৰিচিত এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯০ৰ দশক আৰু ২০০০ৰ দশকৰ আৰম্ভণিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান অভিনেত্ৰী আছিল।১২৩ প্ৰায় দুটা দশক জুৰি বিস্তৃত অভিনয় জীৱনত ৰম্ভাই আঠটা ভাষাৰ ১০০তকৈও অধিক ছবিত অভিনয় কৰিছিল। মূলতঃ তেলুগু ভাষা আৰু তামিল ভাষা ভাষাৰ উপৰি তেওঁ হিন্দী ভাষা, মালয়ালম ভাষা আৰু কন্নড় ভাষা ছবিৰ লগতে কেইখনমান বঙালী ভাষা, ভোজপুৰী ভাষা আৰু ইংৰাজী ভাষা ছবিত অভিনয় কৰিছে।১২৩ ৰম্ভাই মালয়ালম ছবি সৰগমৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
ৰম্ভাৰ জন্ম হৈছিল ১৯৭৬ চনৰ ৫ জুনত বিজয়ৱাদাৰ এটা তেলেগু পৰিয়ালত।৪৫৬ তেওঁৰ জন্মৰ নাম আছিল য়েদী বিজয়লক্ষ্মী। তেওঁ বিজয়ৱাদাৰ এটকিনছন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া শিক্ষা লাভ কৰিছিল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁ স্কুলৰ বাৰ্ষিক দিৱসৰ প্ৰতিযোগিতাত আম্মাভাৰু (মাতৃ দেৱী) হিচাপে অভিনয় কৰিছিল।৭ সেই অনুষ্ঠানত পৰিচালক হৰিহৰণ উপস্থিত আছিল আৰু তেওঁৰ সৈতে যোগাযোগ ৰাখি পাছলৈ মালয়ালম ছবি সৰগমত তেওঁক মুখ্য অভিনেত্ৰী হিচাপে চিনাকি কৰি দিছিল।৭ তেওঁৰ প্ৰথম পৰ্দাৰ নাম আছিল অমৃতা, যিটো তেওঁ পাছলৈ তেওঁৰ প্ৰথম তেলেগু ছবি আ অক্কতি অদাক্কুৰ চৰিত্ৰৰ নাম অনুসৰি ৰম্ভালৈ সলনি কৰিছিল।
কেৰিয়াৰ
ৰম্ভাই ১৫ বছৰ বয়সতে শিক্ষা ত্যাগ কৰি পৰিচালক হৰিহৰণৰ মালয়ালম ছবি সৰগম (১৯৯২)-ত বিনীতৰ বিপৰীতে অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল আৰু পৰিচালক ই. ভি. ভি. সত্যনাৰায়ণৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ ৰম্ভাক তেলেগু ছবি আ অক্কতি অদাক্কু (১৯৯২)-ত ৰাজেন্দ্ৰ প্ৰসাদৰ বিপৰীতে অভিনয়ৰ সুযোগ দিয়ে।৮ ছবিখনে সফলতা লাভ কৰাৰ লগে লগে ভাৰতৰ বিভিন্ন চলচ্চিত্ৰ উদ্যোগৰ পৰা তেওঁলৈ বহুতো অফাৰ আহিবলৈ ধৰে। ১৯৯০ৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়ত ৰম্ভাই অধিক চলচ্চিত্ৰৰ অফাৰ লাভ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে গ্লেমাৰাছ চৰিত্ৰ নিৰ্বাচন কৰি গৈছিল। চিৰঞ্জীৱী অভিনীত হিটলাৰ (১৯৯৭)ৰ দৰে সফল ছবিসমূহত ৰম্ভাই এনে কিছুমান চৰিত্ৰত অভিনয় কৰিছিল যিবোৰ কাহিনীৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নাছিল আৰু কেৱল নায়কৰ প্ৰেমিকা হিচাপেই চিত্ৰিত কৰা হৈছিল।৮
তেওঁ নিজৰ ভাতৃৰ সহায়ত থ্ৰী ৰোজেছ (২০০৩) ছবিখনৰ জৰিয়তে এগৰাকী প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে, য’ত জ্যোতিষ্মতী, লাইলা আৰু ৰম্ভাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
ৰম্ভাই কেইবাটাও ভাষাত অভিনয় কৰিছে আৰু মালয়ালম, তেলেগু, তামিল, হিন্দী, কন্নড়, ভোজপুৰী আৰু বাংলা চলচ্চিত্ৰৰ মাজত এক সফল ভাৰসাম্য বজাই ৰাখিছিল। ২০১০ চনত ৰম্ভাই প্ৰকাশ ৰাজৰ সৈতে ভিদিয়ুম ভাৰাই কাথিৰু নামৰ এখন থ্ৰিলাৰ ছবিৰ বাবে শ্বুটিং কৰিছিল। ছবিখন তামিল, তেলেগু আৰু মালয়ালম— এই তিনিটা ভাষাত নিৰ্মাণ কৰা হৈছিল যদিও ছবিখনে ছবিগৃহত মুক্তি লাভ নকৰিলে।৯
বিবাহৰ পিছত তেওঁ অনুভৱ কৰিছিল যে চলচ্চিত্ৰত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আৰু আগৰ দৰে গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰা নাই, যাৰ বাবে তেওঁ অভিনয় জগত ত্যাগ কৰে। পৰৱৰ্তী সময়ত তেওঁ অতি জনপ্ৰিয় তামিল টেলিভিছন শ্ব’ মানাদা ময়িলাদা আৰু তেলেগু নৃত্য অনুষ্ঠান ধী-ত বিচাৰক হিচাপে অংশ লয়।১ দীৰ্ঘ বিৰতিৰ অন্তত টৰন্টোৰ পৰা উভতি আহি তেওঁ জি তেলেগুৰ ডান্স শ্ব’ 'এবিচিডি-এনিবডি কেন ডান্স' আৰু বিজয় টিভিৰ 'কিংছ অফ কমেডী জুনিয়ৰ্ছ'ত বিচাৰক হিচাপে উপস্থিত হয়।
তেওঁ চেন্নাইৰ কালৰ্ছ হেল্থ কেয়াৰৰ ব্ৰেণ্ড এম্বেছেডৰ।১০
ব্যক্তিগত জীৱন
ৰম্ভাই ২০১০ চনৰ ৮ এপ্ৰিলত তিৰুমালাৰ কৰ্ণাটক কল্যাণ মণ্ডপমত কানাডা নিবাসী শ্ৰীলংকান তামিল ব্যৱসায়ী ইন্দ্ৰকুমাৰ পদ্মনাথনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১১ তেওঁলোক টৰন্টোত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে।১২১৩
তথ্যসূত্ৰ
- ↑ (8 June 2010). In Fiji they planted a tree called Rambha Tree. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (12 August 2009). Rambha's dumb blonde act. India Today
- ↑ (6 June 2022). Judwaa Actress Rambha Shares Photos From Her Birthday Bash. News18
- ↑ (2 November 2022). Rambha and her children injured in car accident in Canada, actor asks fans to pray for daughter Sasha: 'Bad days bad time'. The Indian Express
- ↑ (5 June 2017). 20 साल में इतनी बदल गई 'जुड़वा' गर्ल, फिल्में छोड़ कर रही बेटियों की परवरिश. Dainik Bhaskar
- ↑ References for the subject's ethnicity: (4 June 2021). రంజు భలే 'రంభ' చిలకా!. NTV (8 June 2021). నటి రంభ. వెండితెరకు దూరమై 13ఏళ్లు, ఇప్పుడు ఏం చేస్తున్నారంటే!. Sakshi
- ↑ Watch Back to School episode 2 Online on hotstar.com. Hotstar
- ↑ I crave for attention. Rediff.com
- ↑ Udasi, Harshikaa. (27 August 2009). Rambha ho!. The Hindu
- ↑ (14 July 2017). Kolors Weight Loss Treatment Reviews-Actress Ramba. Kolors Health Care
- ↑ Salman Khan's 'Judwaa' co-star Rambha’s journey from films to motherhood. The Times of India
- ↑ Sangeetha, P. (18 January 2011). Actress Rambha delivered a baby girl in Mount Sinai Hospital, Toronto, Canada. Both baby and mother are fine.. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (25 September 2018). Rambha welcomes her third child and it is a boy. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰম্ভা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৪০৩৫৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।