ৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ৮ম লোকসভাৰ সদস্য আছিল।
আৰম্ভণি জীৱন
১৯৫৩ চনৰ ২ আগষ্টত ৰাজকোট জিলাৰ কথাৰোটা গাঁৱত হৰিলাল লালজীভাই পেটেলৰ পৰিয়ালত ৰমাবেনৰ জন্ম হৈছিল। বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ শ্ৰী কাঞ্জী ওধৱজী শ্বাহ পৌৰ কলা আৰু বাণিজ্য মহাবিদ্যালয়ত পঢ়া-শুনা কৰে, তাৰ পৰাই বি এ ডিগ্ৰী লাভ কৰে। জুনাগড়ৰ কমাৰ্চ এণ্ড ল কলেজৰ পৰা তেওঁ পাছলৈ আইনৰ ডিগ্ৰী লাভ কৰে।১
কৰ্মজীৱন
অধিবক্তা হিচাপে অনুশীলন কৰাৰ কৰাৰ লগতে পেটেল ৰাজনীতিৰ লগতো জড়িত হৈছিল। তেওঁ ৰাজকোট মহিলা কংগ্ৰেছৰ আহ্বায়ক আছিল আৰু ৰাজকোট (লোকসভা সমষ্টি)ৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি)ৰ টিকটত ১৯৮৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টী (বিজেপি) প্ৰাৰ্থীক ৫৭,৫৯০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।১২ কিন্তু ১৯৮৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ মাত্ৰ ২৩.৯৫% ভোট লাভ কৰি বিজেপিৰ শিৱলাল ভেকাৰিয়াৰ হাতত পৰাস্ত হয়।৩
পেটেল গুজৰাটৰ মহিলা অৰ্থনৈতিক উন্নয়ন নিগমৰ সদস্য আছিল।১ ২০১২ চনৰ আগষ্ট মাহত পেটেল আৰু তেওঁৰ স্বামীয়ে কেশুভাই পেটেলৰ গুজৰাট পৰিৱৰ্তন পাৰ্টিত যোগদান কৰে।.৪
ব্যক্তিগত জীৱন
১৯৭৩ চনৰ ১৩ মে'ত ৰাজনীতিবিদ ৰামজীভাই মাৱনীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।১
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Patel, Smt. Ramabhen Ramjibhai Mavani. লোকসভা
- ↑ Statistical Report on the General Elections, 1984 to the Eighth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 108
- ↑ Rajkot Partywise Comparison. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ (9 August 2012). MJP merges with GPP; ex-ministers, MPs join party. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমাবেন পেটেল” প্ৰবন্ধৰ সংশোধন ৪৭৭৬১৫ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।