ৰমা পায়লট (Rama Pilot; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৮) ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। তেওঁ দৌছাক প্ৰতিনিধিত্ব কৰি ত্ৰয়োদশ লোকসভাত অংশগ্ৰহণ কৰিছিল। ৰাজস্থান বিধানসভাতো তেওঁ হিন্দোলীক প্ৰতিনিধিত্ব কৰি আহিছে।১
প্ৰাথমিক জীৱন
১৯৪৮ চনৰ ১২ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ শকালপুৰাত চৌধুৰী নৈন সিং আৰু তেওঁৰ পত্নী হৰচণ্ডী দেৱীৰ ঘৰত ৰাম পায়লটৰ জন্ম হয়।২ নতুন দিল্লীৰ শ্যাম লাল কলেজৰ পৰা তেওঁ এম এ ডিগ্ৰী লাভ কৰে য'ত তেওঁ ছাত্ৰ সংঘৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু মীৰাট বিশ্ববিদ্যালয়ৰ পৰা এলএলবি অৰ্জন কৰে।৩
কৰ্মজীৱন
ৰমা পাইলট যুৱ কংগ্ৰেছৰ সদস্য আছিল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰিছিল।৪
১৯৯৮ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনত হিন্দোলীৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ পোখৰ লাল ছাইনীৰ বিৰুদ্ধে তেওঁ ১৫,৫৩০ ব্যৱধানত জয়ী হৈছিল।৫ তেওঁৰ স্বামী ৰাজেশ পাইলট লোকসভাৰ সদস্য আছিল। ২০০০ চনত গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয় আৰু কংগ্ৰেছে ৰমাকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। মুঠ ৬,৬৯,৯৮৪টা বৈধ ভোটৰ ভিতৰত পায়লটে ৩,৪৯,৪৩৯টা (৫২.১৬%) লাভ কৰে। বিজেপিৰ প্ৰাৰ্থী আৰ কে শৰ্মাই ২,৮৪,১৭৫ (৪২.৪১%) লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।৬ সাংসদ হিচাপে তেওঁ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কৃষি আৰু পৰামৰ্শদাতা সমিতি সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল।৩
ঝলৰাপাটনৰ হৈ বসুন্ধৰা ৰাজেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।৭৮ ২০০৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ ৪৫,৩৮৫ টা (৩৬.৯২%) ভোট লাভ কৰাৰ বিপৰীতে ৰাজেয়ে ৭২,৭৬০ টা (৫৯.২০%) ভোট লাভ কৰে।৯ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত আইএনচিয়ে তেওঁৰ পুত্ৰ শচীন পায়লটক চতুৰ্দশ লোকসভাৰ বাবে প্ৰক্ষেপ কৰে।১০
ব্যক্তিগত জীৱন
১৯৭৪ চনৰ ১২ মাৰ্চত ৰামে ৰাজেশ পাইলটৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়। ২০০০ চনৰ ১১ জুনত ভাণ্ডানাত ৰাজেশৰ গাড়ী দুৰ্ঘটনা হৈছিল। ততাতৈয়াকৈ তেওঁক ওচৰৰ ছাৱাই মান সিং হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয়।১১১২ তেওঁ স্বামীৰ হিন্দী ভাষাৰ জীৱনী লিখিছিল, যাৰ শীৰ্ষক আছিল ৰাজেশ পাইলট: এ বায়'গ্ৰাফী।১৩
তথ্যসূত্ৰ
- ↑ Bora, Kamla. (4 September 2000). Rama Pilot may be Congress nominee in Dausa. Rediff.com
- ↑ (12 June 2012). Ashok Gehlot unveils Rajesh Pilot's statue near Dausa. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Members Bioprofile: Pilot, Smt. Rama. লোকসভা
- ↑ Roli. Roli
- ↑ Statistical Report on General Election, 1998 to the Legislative Assembly of Rajasthan. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 121
- ↑ Bye-Election - September, 2000: Election to Parliamentary Constituency of Rajasthan: Constituency 7 Dausa. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Singh, DK. (15 November 2003). Rama Pilot to contest against Vasundhara Raje. হিন্দুস্তান টাইমছ. Press Trust of India
- ↑ State Elections 2004 - Partywise Comparison for 118-Jhalrapatan Constituency of Rajasthan. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Provisional Key Highlights of the General Election 2003, to the Legislative Assembly of Rajasthan. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 20
- ↑ Dhar, Aarti. (25 March 2004). Sachin Pilot, Congress candidate from Dausa, Rajasthan. দ্য হিন্দু
- ↑ (12 June 2000). Rajesh Pilot killed in road accident. দ্য হিন্দু
- ↑ (12 June 2012). Rajesh Pilot dies in road accident. The Tribune. Press Trust of India
- ↑ Rajesh Pilot: A Biography (Hindi) 9789351940869 By Rama Pilot. Universal Book Sellers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমা পায়লট” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৩৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।