অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন বৰ

ৰবীন বৰ (Rabin Bar) অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে 'জি টিভি' ৰ 'চাব্বাছ ইণ্ডিয়া' শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰবীন বৰ (Rabin Bar) অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে 'জি টিভি' ৰ 'চাব্বাছ ইণ্ডিয়া' শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে। তেওঁ একেলগে একে সময়তে দুয়োখন হাত আৰু ভৰিৰে তিনিখন বেলেগ বেলেগ ছবি আঁকিব পাৰে। দুয়োটা চকুত কাপোৰ বান্ধি প'ট্ৰেৰ্ইট আঁকে। তদুপৰি তুলিকা ব্যৱহাৰ নকৰাকৈ কেৱল আঙুলিৰ তিনি বা পাঁচ মিনিটত তৈলচিত্ৰ অংকন কৰে। কেনভাছ স্পৰ্শ নকৰাকৈ ৰঙীন পাউডাৰ, ফাকুগুৰি মুখেৰে ফুৱাই কেনভাছত এবষ্ট্ৰেক্ট আৰ্ট সৃষ্টি কৰে।১

মিৰাক'লাছ ড্ৰয়িং শ্ব

ৰবীন বৰে তেওঁৰ কেইজনমান ছাত্ৰ-ছাত্ৰী আৰু সহযোগী শিল্পীৰে অসম আৰু অন্যান্য ৰাজ্যৰ মঞ্চত চিত্ৰশিল্পৰ অনুষ্ঠান পৰিবেশন কৰিছিল। এই অনুষ্ঠানৰ নামকৰণ কৰা হৈছে 'মিৰাক'লাছ ড্ৰয়িং শ্ব'। এনে অনুষ্ঠানত তেওঁ ঘণ্টাত ১০০ ৰ পৰা ১২০খন চিত্ৰ অংকন কৰি দেখুৱাইছিল।২

অন্যান্য দক্ষতা

ৰবীন বৰে কলম-পেঞ্চিল কাগজৰপৰা এবাৰো নোতোলাকৈ একেপাকতে একোখন ছবি আঁকিব পাৰে। এটা চাউল বা দাইলত আঁকিব পাৰে এখন সম্পূৰ্ণ ছবি। তিনি মিনিটত পানী ৰঙৰ চিত্ৰ অংকন আন এটা উল্লেখনীয় দিশ। লগতে যিকোনো ব্যক্তিয়ে কৰি দিয়া অৰ্থহীন আঁক-বাক তেওঁ অৰ্থপূৰ্ণ চিত্ৰলৈ পৰিবৰ্তন কৰিব পাৰে। তদুপৰি অসমীয়া, হিন্দী, বঙালীৰ যিকোনো এটা কবিতাৰ পংক্তি শুনি তাৰ লগত মিলাই অৰ্থৱহভাৱে তেওঁ এঘণ্টা পৰ্যন্ত কবিতা গাই যাব পাৰে।৩

বৰ্তমান অসমৰ বিভিন্ন ঠাইত তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। তেওঁ চিত্ৰৰ বাদেও ক্ৰাফট মাটি, ছিমেণ্ট আদিৰ ভাস্কৰ্য কৰে।

তথ্যসূত্ৰ

  1. ↑ www.coolage.in/2013/05/14/rabin-bar-the-incredib link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ আৰ্কাইভ কপি
  3. ↑ e-pao.net/GP.asp?src=24..230110.jan10

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন বৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬০৮৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।