অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাচেল মাইনাৰ

ৰাচেল মাইনাৰ (ইংৰাজী: Rachel Miner; জন্ম: ২৯ জুলাই, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ১৯৯০ চনত এলিচ ছবিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ বুলি (২০০১), হেভেন (২০০৪), দ্য ব্লেক ডালিয়া, পেনি ড্ৰেডফুল (দুয়োখন ২০০৬), দ্য বাটাৰফ্লাই ইফেক্ট ৩: ৰিভেলেচনছ (২০০৯), আৰু ইন দেয়াৰ স্কিন (২০১২) আদি…

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ৫০১ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাচেল মাইনাৰ (ইংৰাজী ভাষা: Rachel Miner; জন্ম: ২৯ জুলাই, ১৯৮০)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। ১৯৯০ চনত এলিচ ছবিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ বুলি (২০০১), হেভেন (২০০৪), দ্য ব্লেক ডালিয়া, পেনি ড্ৰেডফুল (দুয়োখন ২০০৬), দ্য বাটাৰফ্লাই ইফেক্ট ৩: ৰিভেলেচনছ (২০০৯), আৰু ইন দেয়াৰ স্কিন (২০১২) আদি ছবিত অভিনয় কৰে। চলচ্চিত্ৰৰ বাহিৰে মাইনাৰে ছোপ অপেৰা গাইডিং লাইটত (১৯৯০–১৯৯৫) মিচেল বাউৱাৰৰ চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে। তেওঁ কেলিফৰ্ণিকেচনত (২০০৭–২০০৮) দানি, চনছ অফ এনাৰ্কিত (২০১১–২০১২) ডন ট্ৰেজাৰ আৰু ছুপাৰনেচাৰেলত (২০০৯–২০২০) মেগ হিচাপে কৰা অভিনয়ৰ বাবে জনাজাত।

পটভূমি

মাইনাৰ পৰিচালক তথা প্ৰযোজক পিটাৰ মাইনাৰৰ কন্যা আৰু পৰিচালক-প্ৰযোজক ৱৰ্দিংটন মাইনাৰ আৰু অভিনেত্ৰী ফ্ৰান্সবেচ ফুলাৰৰ নাতিনী।২৩ তেওঁ নিউয়ৰ্কৰ প্ৰফেশ্যনেল চিলড্ৰেনছ স্কুলত অধ্যয়ন কৰিছিল।৪ ১৯৯৩ চনৰ এটা সাক্ষাৎকাৰত মাইনাৰে জডী ফষ্টাৰক তেওঁৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী বুলি অভিহিত কৰিছিল আৰু ফষ্টাৰৰ দৰে বৈচিত্ৰ্যময় চৰিত্ৰত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।২

কেৰিয়াৰ

মাইনাৰৰ টেলিভিছন কেৰিয়াৰৰ ভিতৰত আছে শ্বাইনিং টাইম ষ্টেচন: 'টিছ এ গিফটত (১৯৯০) ভিকি, গাইডিং লাইটত (১৯৯০–১৯৯৫) মিচেল বাউৱাৰ ছাণ্টোষ, ছেক্স এণ্ড দ্য চিটিত লৰেল আৰু এনৱাই-এলঅ’এনত এষ্ট্ৰিডৰ চৰিত্ৰ।

২০০১ চনত তেওঁ বুলি ছবিত অভিনয় কৰে। এই ছবিখন ববি কেণ্টৰ হত্যাকাণ্ডৰ ওপৰত আধাৰিত আছিল।৫ সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰা এই ছবিখনৰ বাবে মাইনাৰে ষ্টকহোম ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।৬

২০০৫ চনৰ একচন ছবি চাৰ্কেডিয়ান ৰিডমত মাইনাৰে এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে নিজৰ পৰিচয় বিচাৰি যাত্ৰা কৰে। ছবিখন সমালোচকৰদ্বাৰা বিশেষভাৱে সমাদৃত হোৱা নাছিল। এজন সমালোচকে মন্তব্য কৰিছিল যে ছবিখন আমনিদায়ক দৃশ্যৰ এক নিৰ্দেশনাহীন সংমিশ্ৰণ।৭

তেওঁ ২০০৭ চনৰ টেলিভিছন ধাৰাবাহিক কেলিফৰ্ণিকেচনৰ ১২টা খণ্ডত দানি কেলিফৰ্ণিয়া হিচাপে অভিনয় কৰিছিল, যিটো ৰেড হট চিলি পেপাৰ্ছৰ কেইবাটাও গীতত দেখা পোৱা এটা চৰিত্ৰৰ প্ৰসংগ আছিল। ২০০৮ চনত তেওঁ ফিয়াৰ ইটচেলফ ধাৰাবাহিকৰ "দ্য চেক্ৰিফাইচ" নামৰ এটা খণ্ডত অভিনয় কৰে।৮ একে বছৰতে তেওঁ মনোবৈজ্ঞানিক থ্ৰিলাৰ দ্য বাটাৰফ্লাই ইফেক্ট ৩: ৰিভেলেচনছত দ্বিতীয়টো মুখ্য চৰিত্ৰৰ বাবে নিৰ্বাচিত হয়। এই ছবিখনৰ দৃশ্যগ্ৰহণ মিছিগানত হৈছিল আৰু ২০০৮ চনৰ অক্টোবৰত ইয়াৰ কাম সম্পূৰ্ণ হৈছিল।৯ ই ২০০৯ চনৰ জানুৱাৰীত অনুষ্ঠিত হোৱা এক হৰৰ ফিল্ম ফেষ্টিভেল 'আফটাৰ ডাৰ্ক হৰৰফেষ্ট ৩'ত প্ৰদৰ্শিত হৈছিল।১০ ছবিখন ২০০৯ চনৰ ৩১ মাৰ্চত ডিভিডিযোগে মুক্তি দিয়া হৈছিল।

২০০৯ চনৰপৰা ২০১৩ চনলৈ মাইনাৰে ছুপাৰনেচাৰেল ধাৰাবাহিকত মেগ মাষ্টাৰ্ছ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। লেখকসকলে মেগৰ মূল অভিনেত্ৰী নিকি আইকক্সক পৰৱৰ্তী ছিজনসমূহতো বিচাৰিছিল যদিও শেষত কাহিনীৰ খাতিৰত মাইনাৰক কাষ্ট কৰা হৈছিল। পিছলৈ চৰিত্ৰটোৰ মৃত্যু হোৱা দেখুওৱা হৈছিল।১১ ম্যানিয়াৰ টিম জানচনে মাইনাৰৰ মেগ চৰিত্ৰৰ অভিনয়ৰ শলাগ লৈ কৈছিল যে ৰাচেল মাইনাৰৰ দৰে কোনেও ইমান তীক্ষ্ণ ব্যংগৰে মেগৰ চৰিত্ৰটো কৰিব পৰা নাই। তেওঁ অনুভৱ কৰিছিল যে মাইনাৰে ধাৰাবাহিকখনত সদায় এক সুকীয়া সোৱাদ যোগ কৰিছিল।১২ একেদৰে আই জি এনৰ ডায়ানা ষ্টিনবাৰ্জেনে অনুভৱ কৰিছিল যে মাইনাৰে অতি কৌশলেৰে আৰু নিষ্ঠুৰতাৰে চৰিত্ৰটো ফুটাই তুলিছে।১৩ সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁ লক্ষ্য কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে এই চৰিত্ৰটো সুন্দৰভাৱে পালন কৰিছে। ২০২০ চনত মাইনাৰে পোন্ধৰতম ছিজনৰ সময়ত পুনৰ ছুপাৰনেচাৰেললৈ উভতি আহে আৰু 'দ্য এম্পটি' নামৰ এক মহাজাগতিক সত্তাৰ চৰিত্ৰত অভিনয় কৰে যিয়ে মেগৰ শাৰীৰিক ৰূপ ধাৰণ কৰে।

২০১০ চনত মাইনাৰে জেমছ ফ্ৰাঙ্কোৰ সৈতে লাভ এণ্ড ডিচট্ৰাষ্টৰ গ্ৰাছহপাৰ অংশত অভিনয় কৰিছিল।১৪ তাৰ পিছৰ বছৰ তেওঁ হৰৰ ছবি ৫১ত চাৰ্জেণ্ট হানাহৰ চৰিত্ৰত অভিনয় কৰে,১৫ যাৰ দৃশ্যগ্ৰহণ ২০১১ চনৰ এপ্ৰিলত লুইজিয়ানাত আৰম্ভ হৈছিল।১৬ ছবিখন নিৰ্বাচিত চিত্ৰগৃহত মুক্তি দিয়া হৈছিল।

ব্যক্তিগত জীৱন

১৯৯৮ চনত তেওঁ অভিনেতা মাকলে কুলকিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যেতিয়া তেওঁলোক দুয়োৰে বয়স আছিল ১৮ বছৰ।১৭১৮ ২০০০ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে আৰু ২০০২ চনত আইনীভাৱে বিবাহ বিচ্ছেদ হয়।১৯ ২০০০ চনত মাইনাৰে ব্ৰেড ৰেনফ্ৰ'ৰ সৈতে ডেট কৰিছিল।

মাইনাৰ ৯ বছৰ বয়সৰপৰাই এগৰাকী নিৰামিষাহাৰী।২৪

২০১০ চনত মাইনাৰ মাল্টিপল স্ক্লেৰ’ছিছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে।২০ তেতিয়াৰপৰাই তেওঁ ঘাইকৈ বিশেষভাৱে সক্ষম চৰিত্ৰসমূহৰ সঠিক উপস্থাপনৰ বাবে এগৰাকী অধিবক্তা হিচাপে কাম কৰি আহিছে।২১

তথ্যসূত্ৰ

  1. ↑ (July 29, 2021). Your Horoscope: Birthday Star. Montreal Gazette. পৃ. A15
  2. ↑ Reichardt, Nancy M. (November 14, 1993). Miner's found her golden opportunity. Austin American Statesman. পৃ. 50
  3. ↑ Flint, Peter B. (December 20, 1980). FRANCES FULLER, ACTRESS, IS DEAD; SHE HEADED ACADEMY OF DRAMA: (obituary). The New York Times. পৃ. B49
  4. ↑ Saffian, Sarah. (July 23, 2001). Home alone. Us Weekly. পৃ. 50, 51
  5. ↑ State of Florida vs. Marty Puccio, CASE NO. 86,242 (official court documents). Florida State University Archives; accessed August 4, 2017
  6. ↑ Kilian, Michael. (June 14, 2002). Rachel Miner holds on the child in her. Knight Tribune News Service. পৃ. 1
  7. ↑ (November 18, 2010). Circadian Rhythm. teleport-city.com
  8. ↑ New TV series dresses up local landmarks in fear and blood, canada.com, June 4, 2008
  9. ↑ Verrier, Richard. (October 1, 2008). Hollywood on the Huron: Michigan now a film mecca. Los Angeles Times
  10. ↑ 8 Films to Die For. Horrorfestonline.com
  11. ↑ 'Grey's Anatomy,' 'Once Upon a Time,' and more in the Spoiler Room. Entertainment Weekly
  12. ↑ Answerbag.com. Mania.com
  13. ↑ (2009-09-11). Supernatural: "Sympathy for the Devil" Review. IGN
  14. ↑ LOVE & DISTRUST
  15. ↑ (April 1, 2010). SyFy and After Dark Films Unite for Saturday Original Movie Franchise. Broadway World
  16. ↑ (March 16, 2010). After Dark Films heads to 'Area 51'
  17. ↑ Respers France, Lisa. (March 21, 2018). Macaulay Culkin gets real personal. CNN
  18. ↑ (April 13, 1998). He's not home alone now (teen actors Rachel Miner and Macaulay Culkin, both 17, announce their marriage intentions). Highbeam.com
  19. ↑ Friedman, Roger. (August 20, 2002). Macaulay Culkin's Happy 'Ending'. Fox News
  20. ↑ (August 22, 2017). It's a wonderful life: Rachel Miner on acting, activism and reassessing her strength. hypable.com
  21. ↑ (December 11, 2018). JaxCon 2018 Ladies of Supernatural Full Panel. ইউটিউব

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাচেল মাইনাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৭৮ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।