ৰশিদা হক চৌধুৰী(Rashida Haque Choudhury, জন্ম ২৪ এপ্ৰিল ১৯২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে চৰণ সিং মন্ত্ৰালয়ৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী আছিল।
প্ৰাথমিক জীৱন
১৯২৬ চনৰ ২৪ এপ্ৰিলত ৰশিদা হক চৌধুৰীয়ে অসমৰ তেজপুৰত মুছলমান মজুমদাৰৰ বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আলহাজ নাচিব আলী মজুমদাৰ। শিলচৰৰ এখন মিছন স্কুলত শিক্ষা গ্ৰহণ কৰি কলকাতাৰ লেডী ব্ৰাবৰ্ণ কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।১
কৰ্মজীৱন
চৌধুৰীয়ে ১৯৫০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলত যোগদান কৰে।২ ১৯৭৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ শিলচৰৰ পৰা আইএনচিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। চৌধুৰীয়ে ১,৩৮,৬৩৮ টা ভোট লাভ কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নুৰুল হুদাক ২৮,০০০ তকৈ অধিক ভোটত পৰাস্ত কৰে।৩৪ বাংলাদেশ শৰণাৰ্থীসকলৰ বাবে সামাজিক কৰ্ম সমিতিৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।২ পিছলৈ তেওঁ আইএনচিৰ এটা বিচ্ছিন্ন দল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত যোগদান কৰে আৰু ১৯৭৯ চনত চৰণ সিং মন্ত্ৰালয়ত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।৫৬
চৌধুৰীয়ে ১৯৮০ চনত শিলচৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এইবাৰ অৱশ্যে তেওঁ ৪৬.৯৮% ভোট লাভ কৰি আইএনচি(আই)ৰ সন্তোষ মোহন দেৱ (৫২% ভোট)ৰ পিছতে দ্বিতীয় স্থান লাভ কৰে।৭
ব্যক্তিগত জীৱন
১৯৪৮ চনৰ ২৮ ডিচেম্বৰত ৰশিদা হকে আইএনচিৰ ৰাজনীতিবিদ মইনুল হক চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁৰ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হয়।২ ৰশিদা হক চৌধুৰীৰ মৃত্যু হৈছে।৮
তথ্যসূত্ৰ
- ↑ (1977). Parliament of India, Sixth Lok Sabha, Who's who 1977. Lok Sabha Secretariat. পৃ. 125
- ↑ Members Bioprofile: Choudhury, Shrimati Rashida Haque. লোকসভা
- ↑ Statistical Report on the General Elections, 1977 to the Sixth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 50
- ↑ (1978). The Indian Journal of Political Science. Indian Political Science Association. পৃ. 75
- ↑ Jain, C. K. (1993). Women Parliamentarians in India. Surjeet Publications. পৃ. 39
- ↑ India Ministers. Guide 2 Women Leaders
- ↑ Statistical Report on the General Elections, 1980 to the Seventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 134
- ↑ (9 September 2018). Late Rashida Haque Choudhury (wife of late Moinul Haque Choudhury) was the first female Central Minister of independent India from Barak Valley of Assam. She was daughter of former Magistrate of British India Empire, late Nasib Ali Mazumdar of Itkhola, Silchar, Assam.. Eusuf Ahmed Mazumdar on Twitter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশিদা হক চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩৯৯৮ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।