অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাখী বিৰলা

ৰাখী বিৰলা (জন্ম ১৯৮৭) এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমী পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাখী বিৰলা (জন্ম ১৯৮৭) এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমি পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ১ ৰাখী হৈছে আম আদমী পাৰ্টীৰ পৰা জয় লাভ কৰা কনিষ্ঠতম বিধায়ক আৰু তেওঁ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত গঠিত দিল্লীৰ মন্ত্ৰীসভাত নাৰী আৰু শিশু, সমাজ কল্যাণ আৰু ভাষা দপ্তৰৰ কেবিনেট মন্ত্ৰী। ২

প্ৰাৰম্ভিক জীৱন

ৰাখী বিৰলাৰ জন্ম হৈছিল দিল্লীত। তেওঁৰ পিতৃ ভূপেন্দ্ৰ সিং বিধলান আৰু মাতৃ শীলা। পিতৃ-মাতৃৰ চাৰিগৰাকী কন্যা সন্তানৰ ভিতৰত ৰাখী কনিষ্ঠতম। তেওঁ গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৰাখীৰ পৰিয়ালৰ পূৰ্বৰ চাৰিটা প্ৰজন্মই সমাজসেৱাৰ লগত জড়িত। তেওঁৰ আজোককাক সমাজসেৱক হোৱাৰ লগতে তেওঁৰ ককাক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল।

কেৰিয়াৰ

ৰাজনীতিত প্ৰৱেশৰ আগেয়ে ৰাখীয়ে এটা ব্যক্তিগত বাৰ্তা টেলিভিছন চেনেলৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কেইটামান সমাজসেৱী সংগঠনৰ সৈতে যুটীয়াভাৱে কৰ্মৰত ৰাখীয়ে তেওঁৰ নিজৰ সম্প্ৰদায় - বাল্মিকী সম্প্ৰদায়ৰ হকেও কাম কৰে।৩

ৰাজনৈতিক কেৰিয়াৰ

২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখীয়ে তেওঁৰ প্ৰতিদ্বন্দী কোটিপতি প্ৰাৰ্থী ৰাজ কুমাৰ চৌহানক ১০,৫৮৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। চৌহান শীলা দীক্ষিত নেতৃত্বাধীন চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আছিল আৰু ১৯৯৩ চনৰ পৰা একেৰাহে চাৰিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিল্লী বিধানসভালৈ নিৰ্বাচিত হৈছিল। ৪

ৰাখী বিৰলা হৈছে দিল্লীৰ ইতিহাসৰ কনিষ্ঠতম কেবিনেট মন্ত্ৰী।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (10 December). Assembly election results: Meet Aam Aadmi Party's 'giant killers'. NDTV Portal
  2. ↑ (24 December 2013). Arvind Kejriwal's Aam Aadmi Party picks its ministers. NDTV Portal
  3. ↑ (10 December 2013). Meet Aam Aadmi Party winners: Politicians with a difference. Deccan Chronicle
  4. ↑ www.ndtv.com/elections/article/assembly-polls/de

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাখী বিৰলা” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৮১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।