ৰহিবাই সোমা পপেৰে: Rahibai Soma Popere (pronounced [raːhiːbaːiː somaː popɛrɛ]), ১৯৬৪ চনত জন্মগ্ৰহণ কৰা, এগৰাকী ভাৰতীয় কৃষক আৰু সংৰক্ষণবিদ। তেওঁ আন কৃষকসকলক থলুৱা জাতৰ শস্যলৈ ঘূৰি অহাত সহায় কৰে, আত্মসহায়ক গোটৰ বাবে হাইচিন্থ বীন প্ৰস্তুত কৰে। বিবিচিৰ "১০০ মহিলা ২০১৮"ৰ তালিকাত তিনিগৰাকী ভাৰতীয়ৰ ভিতৰত তেওঁ অন্যতম। বিজ্ঞানী ৰঘুনাথ মাশ্বেলকাৰে তেওঁক "বীজ মাতৃ" উপনাম দিছিল।১
প্ৰাৰম্ভিক জীৱন
পোপেৰে মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ আকোলে ব্লকত অৱস্থিত কোম্ভালনে গাঁৱৰ বাসিন্দা।১ তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাই।[2]২ গোটেই জীৱন পামত কাম কৰি আহিছে আৰু শস্যৰ বৈচিত্ৰ্যৰ বিষয়ে অসাধাৰণ জ্ঞান আছে।২ তেওঁ মহাৰাষ্ট্ৰৰ মহাদেৱ কলি সম্প্ৰদায়ৰ অন্তৰ্গত।৩
কৰ্ম জীৱন
ৰহিবাই সোমা পোপেৰে তেওঁৰ নিজৰ খেতিৰ মাটিত, ১৭টা ভিন্ন শস্যৰ খেতি কৰে।৪ ২০১৭ চনত বিএআইএফ ডেভেলপমেণ্ট ৰিচাৰ্চ ফাউণ্ডেচনে তেওঁৰ ফাৰ্ম ভ্ৰমণ কৰিছিল, য’ত তেওঁ পৰিচালনা কৰা খেতি বোৰত এটা পৰিয়ালৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ গোটেই এবছৰৰ বাবে পৰ্যাপ্ত উৎপাদন পোৱা গৈছিল।৪
তেওঁ ওচৰৰ গাঁৱৰ আত্মসহায়ক গোট আৰু পৰিয়ালৰ বাবে হাইচিন্থ বীনৰ শৃংখলা প্ৰস্তুত কৰিছিল।৪ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ পূৰ্ব সঞ্চালক প্ৰধান ৰঘুনাথ মাশ্বেলকাৰে তেওঁক ‘বীজ মাতৃ’ বুলি অভিহিত কৰিছিল। তেখেত আত্মসহায়ক গোট কালছুবাই পাৰিছাৰ বিয়ান্সে সৰ্বধন কেন্দ্ৰ৫ (অনুবাদ: কালছুবাই অঞ্চলৰ বীজ সংৰক্ষণ সমিতি)ৰ সক্ৰিয় সদস্য। খেতিপথাৰত পানী চপোৱাৰ বাবে তেওঁ নিজৰ পদ্ধতি সৃষ্টি কৰিছে; উচ্ছন্ন ভূমিক কৃষি উপযোগি ভূমিলৈ ৰূপান্তৰিত কৰি তেওঁ উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিব পাৰিছে। তেওঁ কৃষক আৰু ছাত্ৰ-ছাত্ৰীসকলক বীজ নিৰ্বাচন, উৰ্বৰ মাটি ৰখা আৰু কীট-পতংগ পৰিচালনাৰ উপায়ৰ বিষয়ে প্ৰশিক্ষণ দিয়ে।৬ চাৰিটা পদক্ষেপৰ ধান খেতিত তেওঁ পাকৈত।৭ মহাৰাষ্ট্ৰ ইনষ্টিটিউট অৱ টেকন'লজি ট্ৰেন্সফাৰ ফৰ ৰুৰেল এলেকাৰ (মিট্ৰা)ৰ সহায়ত তেওঁ নিজৰ চোতালত হাঁহ-কুকুৰা পালন কৰিবলৈ শিকিছে।৮
বঁটা

- বিবিচি ১০০ মহিলা ২০১৮৯
- শ্ৰেষ্ঠ বীজ সঞ্চয়কাৰী বঁটা২
- BAIF উন্নয়ন গৱেষণা ন্যাসৰ শ্ৰেষ্ঠ কৃষক বঁটা২
- ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে প্ৰতিষ্ঠা কৰা নাৰী শক্তিপুৰস্কাৰ, ২০১৮।১০
- পদ্মশ্ৰী, ২০২০১১
ৰামনাথ কোবিন্দই ৰহিবাই পোপেৰে পদ্মশ্ৰী উপহাৰ দিয়াৰ উপৰিও ২০১৫ চনৰ জানুৱাৰী মাহত বায়'ভাৰ্চিটি ইণ্টাৰনেশ্যনেলৰ সন্মানীয় গৱেষক প্ৰেম মাথুৰ আৰু ভাৰতৰ উদ্ভিদৰ প্ৰজাতি আৰু কৃষকৰ অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰী সংস্থাৰ অধ্যক্ষ আৰ আৰ হানচিনালৰ পৰা তেওঁ প্ৰশংসা লাভ কৰে।২
তথ্যসূত্ৰ
- ↑ Deo, Ashlesha. (8 September 2017). Maharashtra seed mother pioneers conservation of native varieties. Village Square
- ↑ Srimati Rahibai Soma Popere. Pune International Centre
- ↑ (2021-11-09). From UP's Sharif Chacha To Karnataka Orange Vendor, Meet The 'Extraordinary' Padma Recipients. IndiaTimes
- ↑ (25 August 2017). Maharashtra's tribal farmers revive traditional crops. Village Square
- ↑ (July 2016). Maharashtra Gene Bank Programme for Conservation. BAIF Maharashtra Gene Bank Newsletter
- ↑ ScoopWhoop. (20 November 2018). Meet The 3 Indian Women Who've Made It To BBC's List of Most Influential & Inspiring Women of 2018. ScoopWhoop
- ↑ (23 September 2017). 'Seed Mother' Rahibai's Story: How She Saved Over 80 Varieties of Native Seeds!. The Better India
- ↑ Sharma, Khushboo. (21 November 2018). Rahibai Makes It To BBC's 100 Women 2018 List By Becoming The 'Seed Mother' Of India. Indian Women Blog – Stories of Indian Women
- ↑ (19 November 2018). BBC 100 Women 2018: Who is on the list?. BBC News
- ↑ (9 March 2019). President confers Nari Shakti awards on 44 women. The Tribune
- ↑ (26 January 2020). Full list of 2020 Padma awardees. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰহিবাই সোমা পপেৰে” প্ৰবন্ধৰ সংশোধন ৬২৫৭১৯ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।