ৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা। ২০১৫ চনত, খানে টাৱাৰ হেমলেটচ্ মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও অকৃতকাৰ্য হৈছিল। তেওঁ পিপলচ্ এলায়েন্স অৱ টাৱাৰ হেমলেটচৰ নেতা আছিল আৰু ২০১৮ চনৰ ২৯ আগষ্ট তাৰিখে লিবাৰেল ডেমক্ৰেটচ্ত যোগদান কৰিছিল।১২৩
প্ৰাৰম্ভিক জীৱন
খানৰ দেউতাক কেণ্টৰ এগৰাকী মেচিন অপাৰেটৰ আছিল। বিয়াৰ বাবে তেওঁ বাংলাদেশলৈ উভতি গৈছিল। ৰবীনাৰ জন্ম হৈছিল চিলেটত আৰু তিনি বছৰ বয়সত তেওঁ মাকৰ সৈতে ইংলণ্ডলৈ গৈছিল।৪ কেণ্টৰ ৰচেষ্টাৰত ৰবীনা ডাঙৰ-দীঘল হৈছিল।৫ খান দম্পত্তিৰ পাঁচোটা সন্তানৰ ভিতৰত ৰবীনা আছিল আটাইতকৈ ডাঙৰ, তেওঁৰ এজন ভাতৃ আৰু তিনিজনী ভগ্নী আছিল।৪
১৯৯২ চনত, ১৯ বছৰ বয়সত, এ-লেভেল অৰ্থাৎ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে প্ৰশিক্ষাৰ্থী শিক্ষক আমিনুৰ ৰছিদ খানৰ (জন্ম ১৯৬৮) সৈতে ৰবীনাৰ বিবাহ সম্পন্ন হয় আৰু তেওঁলোক লণ্ডনৰ টাৱাৰ হেমলেটচলৈ স্থানান্তৰিত হয়।৪৬ প্ৰায় ২২ বছৰ বয়সৰপৰা খানে হিজাব পিন্ধিবলৈ আৰম্ভ কৰিছিল।
সামাজিক কাম
কামৰ অভিজ্ঞতা থকা মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্লেচমেণ্ট কৰা কামটোৱেই আছিল খানৰ প্ৰথম চাকৰি।৫ ১৯৯১ চনৰপৰাই খানে আইল অৱ ডগছ তথা লণ্ডনৰ ইষ্ট এণ্ডৰ টাৱাৰ হেমলেটচ্ত সামাজিক কৰ্মী হিচাপে কাম কৰিছিল।৭ তেওঁ টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হৈ সামাজিক আৰু শিক্ষা খণ্ডত কাম কৰিছিল আৰু চৰকাৰৰ হৈ, চৰকাৰৰ দ্বাৰা তৈয়াৰী, জাতিগত ভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা আৰু যুৱতীসকলৰ বাবে বেথনেল গ্ৰীণ চিটি চেলেঞ্জৰ দৰে শিক্ষা আৰু সৱলীকৰণ প্ৰকল্প পৰিচালনা কৰিছিল। টাৱাৰ হেমলেটচৰ সামূহিক পদক্ষেপৰ সৈতেও তেওঁ জড়িত আছিল।৬৮ ২০১০ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজনীতিলৈ আহে আৰু টাৱাৰ হেমলেটচ্ কাউন্সিল ইলেকচনত লেবাৰ পাৰ্টিৰ হৈ মনোনয়ন আগবঢ়ায় আৰু বিজয়ী হয়।৯ ২০১৯ চনৰ ইউৰোপিয়ান ইলেকচনত তেওঁ লিবাৰেল ডেমক্ৰেটচ্ৰ হৈ প্ৰতিদন্দিতা কৰিছিল।১০
লেখক হিচাপেও খানে নাম কৰিছিল। ৰেইনব’ হেণ্ডচ আছিল তেওঁৰ প্ৰথমখন উপন্যাস।৮
খানক ৰয়েল লিটাৰেৰী ফাণ্ড মেণ্টৰিং আঁচনিত স্থান দিয়া হৈছিল আৰু ২০০৪ আৰু ২০০৫ চনৰ স্পিটাফিল্ডছ মহিলা সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হৈছিল।৬১১ ২০০৫ চনত ৰেখা ৱাহিদৰ সৈতে লগলাগি তেওঁ এটা প্ৰেছ খুলিছিল।৪ তেওঁ বি বি চিকে ধৰি বহুকেইটা প্ৰখ্যাত কোম্পানীৰ সৃষ্টিশীল পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।১২ চিলচিলা প্ৰডাকচন নামেৰে তেওঁ এটা টেলিভিচন প্ৰডাকচন কোম্পানীও প্ৰতিষ্ঠা কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ (29 August 2018). Cllr Rabina Khan chooses different path to join Liberal Democrats. lovewapping.org
- ↑ Rabina Khan. London Liberal Democrats
- ↑ Interview: Rabina Khan. Novara Media
- ↑ Kemp, Charlotte. (29 August 2009). The veil should not be a barrier between women. The National
- ↑ (17 October 2012). Rabina Khan: Redefining Multiculturalism. Four Thought. BBC Radio 4
- ↑ Rabina Khan: Biography. Authors OnLine Self Publishing
- ↑ Saini, Angela. (1 February 2007). Racism in words. BBC News
- ↑ (2005). Author profile: Rabina Khan. Fore-word Press Ltd
- ↑ (6 May 2010). Election results for Shadwell. Tower Hamlets Council
- ↑ Kahn, Rabina. (12 September 2019). I'm standing in Kensington to represent a constituency and its diverse needs, I respect the wishes of the majority of its residents to Remain in Europe. Together we can stop Brexit and bring a sense of harmony back to the constituency. #StopTheBrexit
- ↑ author Rabina Khan. fore-word press
- ↑ (21 May 2009). Projects – Challenging Extremism. Silsila Productions Rabina Khan
- ↑ Rabina Khan – Artists directory. Arts & Entertainment. Tower Hamlets
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীনা খান” প্ৰবন্ধৰ সংশোধন ৫১৮৭১৭ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।