জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লিভিং স্মাইল বিদ্যা
লিভিং স্মাইল বিদ্যা (যাক স্মাইলী বুলিও কোৱা হয়) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সহ-পৰিচালক, লেখিকা আৰু ট্ৰান্সজেণ্ডাৰ তথা দলিত অধিকাৰ আন্দোলনকাৰী। তেওঁ চেন্নাইৰ বাসিন্দা।
-
লিম না-য়ং
লিম না-য়ং (ইংৰাজী: Lim Na-young; জন্ম: ১৮ ডিচেম্বৰ, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী, গায়িকা আৰু ৰেপাৰ। এমনেটৰ ৰিয়েলিটী চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ৰ প্ৰথম ছিজনত দশম স্থান দখল কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ আই.অ’.আই.
-
লিম য়ুনা
লিম য়ুনা (কোৰিয়ান: 임윤아; জন্ম ৩০ মে’, ১৯৯০), একনামেৰে য়ুনা, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ ২০০৭ চনত গাৰ্ল গ্ৰুপ গাৰ্লছ জেনেৰেচনৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰে। দলীয় কাৰ্যকলাপৰ উপৰিও লিমে বিভিন্ন কোৰিয়ান টেলিভিছন নাটকত অভিনয় কৰিছে।
-
লিয়াং চিয়াঅ'য়ু
লিয়াং চিয়াঅ'য়ু (ইংৰাজী: Liang Xiaoyu; ১৬ শতিকাৰ শেষভাগ) চীনৰ মিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কবি, নাট্যকাৰ, লেখিকা আৰু গণিকা আছিল। তেওঁক 'য়ুজি' (Yuji) আৰু 'লাংহুয়ান নুছি' (Langhuan nüshi) নামেৰেও জনা গৈছিল। তেওঁ অন্ততঃ দহখন গ্ৰন্থৰ ৰচয়িতা আছিল যদিও বৰ্তমান তেওঁৰ মাত্ৰ কেইটামান কবিতাহে অৱশিষ্ট আছে।
-
লিয়োনী কোতলাভলা
লিয়োনী আয়ুন্থা ৱীৰাচিংঘে (১৮ ছেপ্টেম্বৰ ১৯৪৪ – ১৯ জুন ২০২২), যি জনপ্ৰিয়ভাৱে লিয়োনী কোতলাভলা (ইংৰাজী: Leonie Kotalawala) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল।
-
লিলজা ডগ আলফ্ৰেডছড'টিৰ
লিলজা ডগ আলফ্ৰেডছড'টিৰ (জন্ম ৪ অক্টোবৰ ১৯৭৩) আইচলেণ্ডৰ এজন ৰাজনীতিবিদ আৰু সাংসদ যিয়ে ২০২১ চনৰ নৱেম্বৰৰপৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে পৰ্যটন, বাণিজ্য আৰু সংস্কৃতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
লিলা পুনাৱাল্লা
লিলা ফিৰোজ পুনাৱাল্লা (: Lila Firoz Poonawalla; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৪৪) এগৰাকী ভাৰতীয় উদ্যোগপতি, দানবীৰ, মানৱতাবাদী আৰু লিলা পুনাৱাল্লা ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক। পুনাৱাল্লা আলফা লাভাল ইণ্ডিয়া আৰু টেট্ৰাপাক ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ।
-
লিলি আলমগ
লিলি আলমগ ( Lili Almog; জন্ম: ১৯৬১) নিউয়ৰ্ক চহৰত বাস কৰা আৰু কাম কৰা এগৰাকী ফটোগ্ৰাফাৰ আৰু মিক্সড মিডিয়া শিল্পী, যিয়ে বিশ্বৰ মহিলা সাংস্কৃতিক পৰিচয়ৰ অন্তৰংগ আধ্যাত্মিক প্ৰতিকৃতি নিৰ্মাণ কৰিছে।
-
লিলি এলেন
লিলি ৰোজ বিয়ট্ৰিচ এলেন (ইংৰাজী: Lily Rose Beatrice Allen; জন্ম ২ মে', ১৯৮৫) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য স্বীকৃতিৰ ভিতৰত আছে এটা ব্ৰিট এৱাৰ্ড তথা গ্ৰেমী এৱাৰ্ড আৰু লৰেন্স অলিভিয়াৰ এৱাৰ্ডৰ বাবে মনোনয়ন।
-
লিলি কলিন্স
লিলি জেন কলিন্স (জন্ম: ১৮ মাৰ্চ, ১৯৮৯) এগৰাকী ইংৰাজী আৰু আমেৰিকান অভিনেত্ৰী। ইংলেণ্ডৰ গিল্ডফোৰ্ডত জন্মগ্ৰহণ কৰি লছ এঞ্জেলছত ডাঙৰ-দীঘল হোৱা কলিন্সে দুবছৰ বয়সতে বিবিচিৰ চিটকম গ্ৰয়িং পেইনছত পৰ্দাত অভিনয় আৰম্ভ কৰে।
-
লিলি থমাছ
লিলি ইছাবেল থমাছ (৫ মাৰ্চ ১৯২৮ – ১০ ডিচেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা৷ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আঞ্চলিক আদালতত আবেদন দাখিল কৰি বৰ্তমানৰ আইনসমূহৰ উন্নতি আৰু পৰিৱৰ্তনৰ সূচনা কৰিছিল।
-
লিলি বাৰ্বাৰ
লিলি মেৰী ক্লাইনডিনষ্ট (Lillie Mary Clinedinst; জন্ম:-৩ মাৰ্চ, ১৮৮৫ – ১৮ মে', ১৯৮৫)এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু শ্ৰমিক কৰ্মী আছিল।
-
লিলি সিং
লিলি সিং (ইংৰাজী: Lilly Singh; জন্ম: ২৬ ছেপ্টেম্বৰ, ১৯৮৮ এগৰাকী কানাডাৰ ইউটিউবাৰ, অভিনেত্ৰী, টেলিভিছন আয়োজক আৰু কমেডিয়ান। ২০১০ চনত তেওঁ ইউটিউব ভিডিঅ' নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে, প্ৰথমতে “ছুপাৰউমেন” (ষ্টাইলাইজড আইআইসুপাৰউমেনআইআই) ছদ্মনামেৰে, যিটো তেওঁ ২০১৯ চনলৈকে ব্যৱহাৰকাৰীৰ নাম হিচাপে ব্যৱহাৰ…
-
লিলি-ৰোজ ডেপ
লিলি-ৰোজ মেলোডি ডেপ (ইংৰাজী: Lily-Rose Melody Depp; জন্ম: ২৭ মে', ১৯৯৯) এগৰাকী ফৰাচী–আমেৰিকান অভিনেত্ৰী আৰু মডেল। অভিনেতাজনী ডেপ আৰু গায়িকা ভেনেছা পেৰাডিছৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা ডেপে টাস্ক (২০১৪) চলচ্চিত্ৰত সৰু ভূমিকা লৈ অভিনয় জীৱন আৰম্ভ কৰে আৰু ইয়াৰ পিছত ফেশ্বন মডেল হিচাপেো নিজৰ কেৰিয়াৰ…
-
লিলিয়ান প্ৰেষ্ট ফাৰ্গুচন
লিলিয়ান প্ৰেষ্ট ফাৰ্গুচন (Lillian Prest Ferguson; ১৮ আগষ্ট, ১৮৬৭ - ১ ফেব্ৰুৱাৰী, ১৯৫৫) কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী চিত্ৰশিল্পী আছিল।
-
লিলিয়ান মাৰ্চিডিজ লেটোনা
লিলিয়ান মাৰ্চিডিজ লেটোনা, জন্ম: ২৪ ছেপ্টেম্বৰ, ১৯৫৪ – মৃত্যু: ১ আগষ্ট, ১৯৮৩ চন; তেওঁ আছিল ছালভাডৰৰ গেৰিলা আৰু কমিউনিষ্ট বিপ্লৱী, ফাৰাবুণ্ডো মাৰ্টি নেচনেল লিবাৰেচন ফ্ৰণ্ট (এফএমএলএন)ৰ সদস্য।
-
লী ইউন-জি
লী ইউন-জি জন্ম ১৫ মাৰ্চ, ১৯৮৪) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। তেওঁ ছিটকম ননষ্টপ ৪ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তাৰ পিছত তেওঁ পিউৰ ১৯ (২০০৪), প্ৰিন্সেছ আৱাৰ্ছ (২০০৬), ড্ৰীম হাই (২০১১), দ্য কিং ২ হাৰ্টছ (২০১২), আৰু ৱাং’ছ ফেমিলি (২০১৩) আদি টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে।
-
লী তাই-ইয়ং
লী তাই-ইয়ং (১০ আগষ্ট ১৯১৪ – ১৬ ডিচেম্বৰ ১৯৯৮)কোৰিয়াৰ প্ৰথমগৰাকী মহিলা আইনজীৱী আছিল (কিছুমান উৎস মতে, তেওঁ দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা আইনজীৱী আছিল)। তেওঁ দেশৰ প্ৰথম আইনী সহায় কেন্দ্ৰৰ প্ৰতিষ্ঠাপিকাও আছিল। তেওঁ নিজৰ সমগ্ৰ জীৱনজুৰি মহিলাৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল।
-
লী মেককেনজি
লী মেককেনজি (ইংৰাজী: Lee McKenzie; জন্ম: ১ ডিচেম্বৰ ১৯৭৭) এগৰাকী সাংবাদিক আৰু সঞ্চালক যি চেনেল ৪-ৰ এফ১ কভাৰেজ আৰু চেনেল ৪ ৰাগবীৰ এগৰাকী প্ৰতিবেদক তথা উপ-সঞ্চালক হিচাপে কৰ্মৰত।
-
লী য়ন
লী য়ন (কোৰিয়ান: 이연; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৫) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২২ চনত নেটফ্লিক্সত প্ৰচাৰিত দক্ষিণ কোৰিয়ান নাটক জুভেনাইল জাষ্টিছত বেক চং-উ নামৰ পুৰুষ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
লী হিয়ন-ছ'
লী হিয়ন-ছ' (ইংৰাজী: Lee Hyeon-seo; জন্ম: জানুৱাৰী ১৯৮০) এগৰাকী উত্তৰ কোৰিয়াৰ পলাতক আৰু অধিকাৰ কৰ্মী, যিয়ে বৰ্তমান দক্ষিণ কোৰিয়াৰ ছ'উল চহৰত বাস কৰে। তেওঁ উত্তৰ কোৰিয়াৰ পৰা পলাই চীন আৰু লাওছৰ জৰিয়তে নিজৰ পৰিয়ালকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
-
লী হ্ৰদ জেই
লী হ্ৰদ জেই (:Lee Hyo-jae) দক্ষিণ কোৰিয়াৰ এগৰাকী সামাজ কৰ্মী, সংস্কাৰক আৰু সংগঠক। তেখেতে মহিলাৰ অধিকাৰৰ হকে যুঁজ কৰিছিল। লিংগ অধ্যয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আৰু দক্ষিণ কোৰিয়াত লিংগ সমতাৰ বাবে প্ৰচাৰ অভিযান চলাই কাললৈ খ্যাতি ৰাখি গৈছে।
-
লীতুল গগৈ
মেজৰ লীতুল গগৈ ভাৰতীয় সেনাৰ এগৰাকী বিষয়া, যিয়ে জম্মু আৰু কাশ্মীৰত সংঘটিত দুটা বিতৰ্কিত ঘটনাৰ পিছত ব্যাপকভাৱে চৰ্চিত হৈছে। তেওঁ ২০১৭ চনৰ মানৱ ঢালৰ ঘটনা আৰু ২০১৮ চনৰ এটি হোটেল-ঘটনাত জড়িত আছিল, য'ত এজন অপ্ৰাপ্তবয়স্ক কাশ্মীৰী ছোৱালী যোগদান কৰিছিল বুলি অভিযোগ উঠিছিল।
-
লীনা চন্দাৱৰকৰ
লীনা চন্দাৱৰকৰ Leena Chandavarkar; জন্ম: ২৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰিয়েলিটি শ্ব'ত অভিনয় কৰি আছে। ১৯৬০ দশক শেষৰ ফালে আৰু ১৯৭০ দশকৰ আৰম্ভণিতে তেওঁ অতি সক্ৰিয় আছিল।
-
লীনা নায়াৰ
লীনা নায়াৰ (পূৰ্বৰ উপাধি মেনন; জন্ম ১৯৬৯) হৈছে এজন ব্ৰিটিছ-ইণ্ডিয়ান ব্যাৱসায়িক কাৰ্যনিৰ্বাহী, আৰু তেওঁ হৈছে চানেলৰ মুখ্য কাৰ্যনিৰ্বাহী অৱস্থাপক (CEO)। নায়াৰে পূৰ্বে ইউনিলিভাৰৰ মুখ্য মানৱ সম্পদ বিষয়াৰ আৰু লীডাৰশ্বিপ এক্সিকিউটিভ সদস্য হিচাপে কৰ্ম কৰিছিল।
-
লীনা হিডী
লীনা কেথৰিন হিডী (জন্ম: ৩ অক্টোবৰ, ১৯৭৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এইচ.বি.অ’.ৰ ফেণ্টাচী ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোনছত (২০১১–২০১৯) চাৰ্চি লেনিনষ্টাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল।
-
লীমা ধৰ
লীমা ধৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। বৰ্তমান ভাৰতত ২৫ বছৰৰ তলৰ জনপ্ৰিয় ইংৰাজী লেখিকাসকলৰ ভিতৰত তেওঁ অন্যতম হিচাপে পৰিগণিত। মাত্ৰ ১৩ বছৰ বয়সতে লীমা ধৰৰ প্ৰথম হিন্দী কাব্যসংগ্ৰহ কুছ লফ্জ নকাব মে প্ৰকাশ পায়।
-
লীলা ওমচেৰী
লীলা ওমচেৰী (Leela Omchery; জন্ম:৩১ মে' ১৯২৯ – মৃত্যু:১ নৱেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা, সংগীত বিজ্ঞানী আৰু লেখিকা। শাস্ত্ৰীয় সংগীতৰ প্ৰতি অৱদানৰ বাবে পৰিচিত তেখেতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
লীলা চিতনিছ
লীলা চিতনিছ (জন্মগত উপাধি'নাগৰকাৰ; ৯ ছেপ্টেম্বৰ ১৯০৯ – ১৪ জুলাই ২০০৩) আছিল এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ১৯৩০ দশকৰ পৰা ১৯৮০ দশকলৈ সক্ৰিয় আছিল।
-
লীলা ডুবে
লীলা ডুবে (Leela Dube; ২৭ মাৰ্চ ১৯২৩ - ২০ মে’ ২০১২) এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত আছিল, যাক বহুতে মৰমেৰে লীলাদী বুলি মাতিছিল। তেওঁ প্ৰখ্যাত নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানী স্বৰ্গীয় শ্যামা চৰণ ডুবেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।