লীনা কেথৰিন হিডী (জন্ম: ৩ অক্টোবৰ, ১৯৭৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এইচ.বি.অ’.ৰ ফেণ্টাচী ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোনছত (২০১১–২০১৯) চাৰ্চি লেনিনষ্টাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল। এই চৰিত্ৰটোৰ বাবে তেওঁ পাঁচবাৰকৈ এমি বঁটাৰ মনোনয়ন আৰু এবাৰ গোল্ডেন গ্ল'ব বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০০৬ চনৰ বোলছবি ৩০০ত স্পাৰ্টাৰ ৰাণী গৰ্গোৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ চাটাৰ্ণ বঁটাৰ বাবে মনোনীত হৈছিল।
হিডীয়ে ৰহস্যধৰ্মী ড্ৰামা ছবি ৱাটাৰলেণ্ডৰ (১৯৯২) জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক ঘটায় আৰু ব্ৰিটিছ টেলিভিছন নাটক দ্য ক্লথছ ইন দা ৱাৰ্ডৰোবত (১৯৯৩) অভিনয় কৰে।১ ২০০৫ চনৰ বোলছবি দ্য ব্ৰাদাৰ্ছ গ্ৰিম আৰু ২০০৬ চনৰ ৩০০ত মুখ্য চৰিত্ৰত অভিনয় কৰি অধিক পৰিচিতি লাভ কৰাৰ আগলৈকে তেওঁ ব্ৰিটিছ আৰু আমেৰিকান চলচ্চিত্ৰ তথা টেলিভিছনত নিয়মিতভাৱে কাম কৰি গৈছিল। তেওঁ অভিনয় কৰা অন্যান্য উল্লেখযোগ্য বোলছবিসমূহৰ ভিতৰত আছে দ্য ৰিমেইনছ অৱ দা ডেব (১৯৯৩), দ্য জাংগল বুক (১৯৯৪), মিচেছ ডালোৱে (১৯৯৭), ৰিপ্লিছ গেম (২০০২), ইমাজিন মি এণ্ড ইউ (২০০৫), ড্ৰেড (২০১২), দ্য পাৰ্জ (২০১৩), ৩০০: ৰাইজ অৱ এন এম্পায়াৰ (২০১৪), প্ৰাইড এণ্ড প্ৰিজুডিচ এণ্ড জম্বিজ (২০১৬), আৰু ফাইটিং উইথ মাই ফেমিলী (২০১৯)।
হিডীয়ে বিজ্ঞানভিত্তিক ধাৰাবাহিক টাৰ্মিনেটৰ: দা ছাৰা কনাৰ ক্ৰনিকলছত (২০০৮–২০০৯) ছাৰা কনাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ এনিমেটেড ধাৰাবাহিক ৰাইজ অৱ দা টিনেজ মিউটেণ্ট নিনজা টাৰ্টলছ (২০১৮–২০২০) আৰু ৱেব ধাৰাবাহিক ইনফিনিটি ট্ৰেইনত (২০১৯–২০২১) অভিনয় কৰিছিল। তেওঁ ভিডিঅ’ গেম ৰাইজেন (২০০৯) আৰু চলচ্চিত্ৰ কিঙছগ্লেভ: ফাইনেল ফেণ্টাচী ১৫ (২০১৬) ত কণ্ঠদান কৰিছিল। লগতে তেওঁ এনিমেটেড ধাৰাবাহিক ডেঞ্জাৰ মাউচ (২০১৫–২০১৭), টেলছ অৱ আৰ্কেডিয়া (২০১৭–২০১৮; ২০২০) আৰু পাপেট ধাৰাবাহিক দ্য ডাৰ্ক ক্ৰিষ্টাল: এজ অৱ ৰেজিষ্টেন্সতো (২০১৯) কণ্ঠ দিছিল।
প্ৰাৰম্ভিক জীৱন
হিডীৰ জন্ম সুজান আৰু জন হিডীৰ কন্যা হিচাপে হৈছিল।২৩ তেওঁৰ পিতৃ ইয়ৰ্কশ্বায়াৰৰ এজন আৰক্ষী বিষয়া আছিল আৰু সেই সময়ত বাৰ্মুডা আৰক্ষী সেৱাৰ বাবে হেমিল্টনত কৰ্মৰত আছিল।৪৫ হিডীৰ টিম নামৰ এজন কনিষ্ঠ ভাতৃ আছে।৬ যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ আছিল, তেওঁৰ পৰিয়ালটো ইংলেণ্ডলৈ উভতি আহে আৰু প্ৰথমতে ছামাৰছেটত বসতি স্থাপন কৰে।৬ শৈশৱত তেওঁ বেলে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।৭ শ্বেলী কলেজত পঢ়ি থকাৰ সময়তে তেওঁ পোনপ্ৰথমে অভিনয়ৰ অভিজ্ঞতা লাভ কৰিছিল। ১৭ বছৰ বয়সত ৰয়েল নেচনেল থিয়েটাৰত এখন স্কুলীয়া নাটকত অভিনয় কৰি থকা অৱস্থাত তেওঁক লক্ষ্য কৰা হৈছিল আৰু ১৯৯২ চনৰ ছবি ৱাটাৰলেণ্ডৰ এটা চৰিত্ৰৰ বাবে বাছনি কৰা হৈছিল।৮
ব্যক্তিগত জীৱন
হিডীয়ে ২০০৭ চনৰ মে' মাহত সংগীতশিল্পী পিটাৰ লঘৰানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯ ২০১০ চনত তেওঁলোকৰ এজন পুত্ৰ সন্তান জন্ম হয়।১০ সন্তানটিৰ জন্মৰ পাছত তেওঁ প্ৰসৱোত্তৰ বিষাদগ্ৰস্ততাত ভোগাৰ কথা প্ৰকাশ কৰিছে।১১ হিডী আৰু লঘৰান ২০১১ চনত পৃথক হয় আৰু তেওঁ ২০১২ চনৰ জুলাই মাহত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে, যিটো ২০১৩ চনৰ ডিচেম্বৰত চূড়ান্ত হয়।৯১২ ২০১৫ চনৰ ১০ জুলাইত হিডীয়ে তেওঁৰ বাল্যকালৰ বন্ধু তথা চলচ্চিত্ৰ নিৰ্মাতা ডেন কাডানৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। কাডানে তেওঁৰ চুটি ছবি দ্য ডেভিলছ ৱেডিংত হিডীৰ সৈতে কাম কৰিছিল।১৩ ২০১৯ চনৰ জুন মাহৰ ভিতৰত তেওঁলোক পৃথক হৈছিল।১৪ ২০২২ চনৰ অক্টোবৰত হিডীয়ে আমেৰিকান অভিনেতা মাৰ্ক মেঞ্চাকাক বিবাহ কৰায়, যাৰ সৈতে তেওঁ ২০২০ চনৰপৰা প্ৰেমৰ সম্পৰ্কত আছিল।১৫১৬
তথ্যসূত্ৰ
- ↑ (17 January 1993). Screen Two: The Clothes in the Wardrobe. BBC
- ↑ (1 April 1972). THE MARRIAGE ACT, 1944. Notice of Intended Marriage.. The Royal Gazette. পৃ. 4
- ↑ Lena Headey. TV Guide
- ↑ (5 February 1973). WEEKEND SPORT ONE: Title out of reach.. but COLTS PLAY LIKE CHAMPIONS. The Royal Gazette. পৃ. 7
- ↑ (15 February 1973). WEEKEND SPORT ONE: COLTS CRUISE TO THE TOP: Devonshire Colts 5, Police 0. The Royal Gazette. পৃ. 10
- ↑ Wolff, Jennifer. (5 October 2010). Lena Headey Profile: She's Beautiful When She's Angry. Men's Health
- ↑ (1 April 2008). Lena Heady on Letterman. YouTube
- ↑ Campling, Katie. (16 January 2008). Lena gets ready to terminate TV ratings. Huddersfield Daily Examiner
- ↑ (25 July 2012). Game of Thrones Star Lena Headey Files for Divorce. People
- ↑ (1 April 2011). /note.php?note_id=178409168873594 Wiley's birthdate. Lena Headey's Facebook page
- ↑ de Bertodano, Helena. (25 March 2014). Game of Thrones star Lena Headey: I believe Cersei is very frightened and paranoid. The Daily Telegraph
- ↑ (26 December 2013). 'Game of Thrones' star Lena Headey strikes divorce settlement with ex. Toronto Sun
- ↑ Lee, Esther. (7 July 2017). 'Game of Thrones' Star Lena Headey Is Engaged to Childhood Friend Dan Cadan. The Knot
- ↑ Anthony, Andrew. (16 June 2019). Lena Headey: 'I wanted a better death for Cersei'. The Guardian
- ↑ Choudhary, Sayantan. (8 October 2022). Lena Headey (Cersei) marries actor Marc Mechaca in private ceremony in Italy. Wiki of Thrones
- ↑ Wynne, Kelly. (10 October 2022). Lena Headey Marries 'Ozark' 's Marc Menchaca in Italy with 'Game of Thrones' Stars in Attendance. People
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীনা হিডী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭২২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।