লিলি ইছাবেল থমাছ (৫ মাৰ্চ ১৯২৮ – ১০ ডিচেম্বৰ ২০১৯)১ এগৰাকী ভাৰতীয় অধিবক্তা৷ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আঞ্চলিক আদালতত আবেদন দাখিল কৰি বৰ্তমানৰ আইনসমূহৰ উন্নতি আৰু পৰিৱৰ্তনৰ সূচনা কৰিছিল।২৩ তেওঁৰ আবেদনৰ ফলত দোষী সাব্যস্ত হোৱা ৰাজনীতিবিদসকলক নিৰ্বাচিত হোৱাত বাধা দিবলৈ আইন সলনি কৰা হয়৷৪ ইয়াৰ লগতে নতুন বিবাহ আইন সংযোজন কৰা হয়৫ আৰু সংসদ সদস্যসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰা হয়৬৷ ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন সংশোধনৰ বাবে আবেদন জনোৱাৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল।৭৮
প্ৰাৰম্ভিক জীৱন
লিলি থমাছৰ ঘৰ কোট্টাইমত৷ তেওঁ তিৰুৱনন্তপুৰমত ডাঙৰ-দীঘল হৈছিল। ১৯৫৫ চনত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল৯১০ লিলি ভাৰতৰ প্ৰথম প্ৰজন্মৰ মহিলা উকীলৰ অন্তৰ্গত৷ তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা এল এল এম সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা।১১
মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ আৰম্ভ কৰে।১২ ১৯৬০ চনত পি এইচ ডি কৰিবলৈ তেওঁ দিল্লীলৈ গুচি যায়। কিন্তু তেওঁ আৱিষ্কাৰ কৰিলে যে তেওঁ গৱেষণা কৰিবলৈ সক্ষম নহ'ব৷ তেওঁ কয়- "মই উপলব্ধি কৰিলোঁ যে মই গৱেষণা কৰিবলৈ সক্ষম নহয়, গতিকে মই উচ্চতম ন্যায়ালয়ত প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰিলোঁ"।.১২
লিলি এসময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সৰ্বজ্যেষ্ঠ মহিলা অধিবক্তা আছিল, যেতিয়া তেওঁ ১৯৬০ চনত ইয়াত যোগদান কৰিছিল।১৩
কৰ্মজীৱন
লিলি থমাছে ১৯৬০ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত যোগদান কৰিছিল।১০ দিল্লীলৈ অহাৰ পিছত তেওঁ আইনৰ ডক্টৰেট ডিগ্ৰী অধ্যয়ন বাদ দিয়ে আৰু ভাতৃ জন থমাছে ইতিমধ্যে প্ৰেকটিছ কৰি থকা ঠাইত কাম কৰিবলৈ আৰম্ভ কৰে।১১ ১৯৬৪ চনৰ পৰা লিলিয়ে বিভিন্ন বিষয়ত আবেদন দাখিল কৰিছিল৷ তাৰ ভিতৰত 'এডভোকেট-অন-ৰেকৰ্ড পৰীক্ষা'ৰ বৈধতা,১১ ২০০০ চনত দ্বিতীয় বিবাহত যোগদান কৰাৰ স্পষ্ট উদ্দেশ্যেৰে ৰে'লৱে কৰ্মচাৰীৰ সমস্যা আৰু ইছলাম ধৰ্ম গ্ৰহণৰ গোচৰসমূহ সমাধান কৰা।৯১০ থমাছে সাংবিধানিক আইন, মহিলাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়সমূহৰ বিষয়ত কাম কৰিছিল।১৪ লিলি OLD LAWYERS CHAMBERS BLOCKSত এগৰাকী অধিবক্তা আছিল।১৫
তথ্যসূত্ৰ
- ↑ LIVELAW NEWS NETWORK. (10 December 2019). Adv Lily Thomas, Senior Most Woman Lawyer Of SC, Passes Away. livelaw.in
- ↑ (17 October 2014). Disqualification issues. FRONTLINE
- ↑ (23 August 1984). Lily Thomas vs State Of Tamil Nadu. INDIANKANOON
- ↑ (23 September 2014). Conviction will attract instant disqualification: legal experts. THE HINDU
- ↑ (28 July 2001). SC notice to Centre in polygamy case. দ্য হিন্দু
- ↑ (25 October 2008). Moved by Speaker's plight, advocate seeks protection for him. The Times of India
- ↑ (10 July 2013). MPs, MLAs will be disqualified from date of conviction: SC. ZEENEWS
- ↑ (15 July 2013). The Court does not have the power to subject Advocates to AOR exam – Conversation with Advocate Lily Thomas. LIVE LAW .IN
- ↑ (1 October 2014). Meet Lily Thomas the lady behind clipping of wings of convicted politicians. The Times of India
- ↑ (6 April 2014). Lily Thomas vs the Union of India. millenniumpost
- ↑ (4 April 2014). Lily Thomas vs the Union of India. GOVERNANCE NOW
- ↑ Saluja, Pallavi. (17 July 2013). 'To have criminals as politicians is an insult to our parliamentary system'– Lily Thomas. Bar & Bench. barandbench.com
- ↑ (10 Dec 2019). Who was Lily Thomas? Supreme Court lawyer whose fight ended reign of convicted politicians in elections. The Financial Express
- ↑ (9 August 2013). The judgment will create awareness. FRONTLINE
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলি থমাছ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭২১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।