লিলা ফিৰোজ পুনাৱাল্লা (: Lila Firoz Poonawalla; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৪৪) এগৰাকী ভাৰতীয় উদ্যোগপতি, দানবীৰ, মানৱতাবাদী১ আৰু লিলা পুনাৱাল্লা ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক।
পুনাৱাল্লা আলফা লাভাল ইণ্ডিয়া আৰু টেট্ৰাপাক ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ। ১৯৮৯ চনত ভাৰত চৰকাৰে পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে,২৩
জীৱনী
১৯৪৪ চনৰ ১৬ ছেপ্টেম্বৰত ব্ৰিটিছ ভাৰতৰ সিন্ধ অঞ্চলৰ হায়দৰাবাদত সিন্ধী ভাষা পৰিয়ালৰ পাঁচটা সন্তানৰ ভিতৰত অন্যতম হিচাপে জন্মগ্ৰহণ কৰিছিল লিলা পুনাৱাল্লাৰ।৩ তিনি বছৰ বয়সতে তেওঁ পিতৃক হেৰুৱাইছিল। তাৰপিছত ভাৰত বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল শৰণাৰ্থী হিচাপে ভাৰতলৈ গুচি আহে আৰু পুনেত বসতি স্থাপন কৰে।৪ পুনাৱাল্লাই পুনেত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত ১৯৬৭ চনত পুনে বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল অভিযান্ত্ৰিক বিভাগত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩
ইয়াৰ পিছত তেওৰাষ্টন আৰু হৰ্ণছবি Ruston and Hornsbyত এপ্ৰেণ্টিছ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তাতেই তেওঁ একেটা কোম্পানীতে কাম কৰা আৰু ডাউদী বহৰা পৰিয়ালৰ তেওঁৰ ভাবি স্বামী ফিৰোজ পুনাৱাল্লাক লগ পাইছিল। যিহেতু কোম্পানীটোৰ নিয়ম অনুসৰি একেটা পৰিয়ালৰ সদস্যই একেলগে কাম কৰাটো নিষিদ্ধ আছিল, সেয়েহে তেওঁ প্ৰশিক্ষাৰ্থী অভিযন্তা হিচাপে ভাৰতীয় বিভাগৰ আলফা লাভাল, ছুইডেনৰ বহুজাতিক কোম্পানীলৈ গুচি যায়, য’ত তেওঁ বিভিন্ন পদত দুটা দশক দক্ষতাৰে কাম কৰি অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিলগৈ, যাৰ ফলত তেওঁ ভাৰতৰ প্ৰথম মহিলা চিইঅ’সকলৰ ভিতৰত অন্যতম এগৰাকী হৈ উজ্জলি উঠে। কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পৰিচালনাত আলফা লাভাল ইণ্ডিয়াৰ কাৰ্য্যকলাপ ৫০ কোটি ৰ পৰা ২.৫ বিলিয়ন লৈ বৃদ্ধি পায় আৰু অৱশেষত তেওঁ ভাৰতত টেট্ৰাপাকৰ পৰিচালনাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব লয়। পুনাৱাল্লাই ২০০১ চনত অৱসৰ লোৱালৈকে কোম্পানীসমূহত সেৱা আগবঢ়ায় গৈছিল। পুনাৱাল্লা দম্পতীৰ কোনো সন্তান নাই, তেওঁলোক পুনেত থাকে য’ত ফিৰোজ পুনাৱাল্লাই ফুলৰ খেতি ৰপ্তানি ব্যৱসায়ৰ ভিত্তি স্থাপন কৰিছে।
উত্তৰাধিকাৰ আৰু পদবী
পুনাৱাল্লাই ভাৰত চৰকাৰৰ সৈতে জড়িত হৈ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে, যেতিয়া এ.পি.জে.আব্দুল কালামে ইয়াৰ অধ্যক্ষ, চৰকাৰৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ হাৰ্বেল আৰু ফ্ল’ৰিটেক উপ-সমিতি৫ আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰযুক্তি তথ্য পূৰ্বাভাস আৰু মূল্যায়ন পৰিষদ (টিআইএফএচি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শিক্ষা খণ্ডৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল বিশ্ববিদ্যালয় অনুদান আয়োগৰ কোৰ গ্ৰুপ, পুনে বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু চিম্বায়’ছিছ মেনেজমেণ্ট ইনষ্টিটিউটৰ একাডেমিক কাউন্সিল, পুনে ব্যাস্পীথৰ পৰিচালনা সমিতি, পুনে বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি উদ্যান আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিঙৰ গভৰ্নিং কাউন্সিলৰ সদস্যপদ। ভাৰতীয় উদ্যোগ সংঘৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি সংস্থাটোৰ খাদ্য টাস্ক ফ’ৰ্চৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ভাৰত-চুইছ বৃত্তিমূলক প্ৰশিক্ষণ ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে তেওঁ পুনেত আন্তৰ্জাতিক জৈৱ প্ৰযুক্তি উদ্যান স্থাপনৰ কামত কনচেপচুৱেলাইজেচনৰ উপগোটৰ সদস্য হিচাপে জড়িত আছিল। ভাৰতীয় জীৱন বীমা নিগমৰ পৰামৰ্শদাতা সমিতিৰ প্ৰাক্তন সদস্য।
লিলা পুনাৱাল্লা ফাউণ্ডেচন
লিলা পুনাৱালা ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক পাব্লিক চেৰিটেবল ট্ৰাষ্ট ১৯৯৫ চনত শ্ৰীমতী লিলা পুনাৱাল্লা আৰু মিষ্টাৰ ফিৰোজ পুনাৱাল্লাই স্থাপন কৰিছিল। এল পি এফে মেৰিট-কম-নিড ভিত্তিক বৃত্তি আৰু দক্ষতা বিকাশ কাৰ্যসূচী আগবঢ়াই নাৰী শিক্ষা আৰু মহিলা সৱলীকৰণৰ প্ৰসাৰৰ দিশত কাম কৰে। এল পি এফ ক্ৰেডিবিলিটি এলায়েন্সৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।৬
বঁটা আৰু সন্মান
পুনাৱাল্লাই কেইবাটাও সৰু আৰু ডাঙৰ বঁটা লাভ কৰিছে, য'ত ১৯৮৯ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰীৰ অসামৰিক সন্মানৰ দৰে দুটা ৰাজ্যিক বঁটাও লাভ কৰা হৈছে।২
লগতে চাওক
- ভাৰতীয় ব্যৱসায়ী মহিলাৰ তালিকা
তথ্যসূত্ৰ
- ↑ (28 August 2015). A 67-year-old 'Leading Lady' sees modern women as 'too quick-tempered'. The Weekend Leader
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (2015). The Asha Centre profile. The Asha Centre
- ↑ (8 May 2014). Turning Mirrors Into Windows. Afternoon
- ↑ (2015). Pragati Leadership profile. Pragati Leadership
- ↑ (11 September 2023). Pune: Lila Poonawalla Foundation Announces Scholarships To Young Women For Higher Education. Punekar News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলা পুনাৱাল্লা” প্ৰবন্ধৰ সংশোধন ৬০৩৬০৩ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।