অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীনা চন্দাৱৰকৰ

লীনা চন্দাৱৰকৰ Leena Chandavarkar; জন্ম: ২৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰিয়েলিটি শ্ব'ত অভিনয় কৰি আছে। ১৯৬০ দশক শেষৰ ফালে আৰু ১৯৭০ দশকৰ আৰম্ভণিতে তেওঁ অতি সক্ৰিয় আছিল।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লীনা চন্দাৱৰকৰ Leena Chandavarkar; জন্ম: ২৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰিয়েলিটি শ্ব'ত অভিনয় কৰি আছে। ১৯৬০ দশক শেষৰ ফালে আৰু ১৯৭০ দশকৰ আৰম্ভণিতে তেওঁ অতি সক্ৰিয় আছিল। সেই যুগৰ প্ৰায় সকলো প্ৰবীণ অভিনেতাৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰা চন্দ্ৰাৱৰকৰে ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ খান্না, দিলীপ কুমাৰ, সুনীল দত্ত, ৰাজ কুমাৰৰ সৈতে সঘনাই যুটী বান্ধিছিল।

কৰ্মজীৱন

ফিল্মফেয়াৰে সমগ্ৰ দেশতে আয়োজন কৰা ফ্ৰেছ ফেচ প্ৰতিযোগিতাৰ অন্যতম ৰানাৰ্ছ আপ হিচাপে স্থান লাভ কৰি চন্দাৱৰকৰ লাইমলাইটলৈ আহে। প্ৰথম অৱস্থাত বিজ্ঞাপনত কাম কৰিছিল যদিও শেষত ছবিৰ ক্ষেত্ৰখনলৈ আহে। সুনীল দত্তৰ বাবে তেওঁ ‘মন কা মিত’ যোগে তেওঁ ছবি জগতত প্ৰবেশ কৰে আৰু সুনীল দত্তৰ পত্নী নাৰ্গিছে তেওঁক অভিনেত্ৰী প্ৰস্তুত কৰে। ১ ১৯৬৯ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত লীনাই বহু ছবিত অভিনয় কৰিছিল। সেই যুগৰ বহু জনপ্ৰিয় নায়কৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল। ১৯৭১ চনত ৰাজেশ খান্নাৰ সৈতে ‘মেহবুব কী মেহেন্দী’ ছবিত তেওঁৰ অন্যতম শ্ৰেষ্ঠ অভিনয় কৰে। ২ ৩

১৯৭৬ চনৰ 'বৈৰাগ' আন এক উদাহৰণ য’ত তেওঁ দিলীপ কুমাৰ আৰু ছায়েৰা বানো, প্ৰেম চোপ্ৰা আৰু হেলেনৰ সৈতে একেলগে অভিনয় কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Leena Chandavarkar gets candid about life, love and marriage. filmfare.com
  2. ↑ Malhotra, Aps. (4 June 2015). Mehboob Ki Mehndi (1971). The Hindu
  3. ↑ (11 August 2011). Can't change one's destiny. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীনা চন্দাৱৰকৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৮১০ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।