অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লী হ্ৰদ জেই

লী হ্ৰদ জেই (:Lee Hyo-jae) দক্ষিণ কোৰিয়াৰ এগৰাকী সামাজ কৰ্মী, সংস্কাৰক আৰু সংগঠক। তেখেতে মহিলাৰ অধিকাৰৰ হকে যুঁজ কৰিছিল। লিংগ অধ্যয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আৰু দক্ষিণ কোৰিয়াত লিংগ সমতাৰ বাবে প্ৰচাৰ অভিযান চলাই কাললৈ খ্যাতি ৰাখি গৈছে।

হালনাগাদ: ৯ নৱেম্বৰ ২০২৪ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লী হ্ৰদ জেই (:Lee Hyo-jae) দক্ষিণ কোৰিয়াৰ এগৰাকী সামাজ কৰ্মী, সংস্কাৰক আৰু সংগঠক। তেখেতে মহিলাৰ অধিকাৰৰ হকে যুঁজ কৰিছিল। লিংগ অধ্যয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আৰু দক্ষিণ কোৰিয়াত লিংগ সমতাৰ বাবে প্ৰচাৰ অভিযান চলাই কাললৈ খ্যাতি ৰাখি গৈছে।

জীৱনী

লীৰ জন্ম হৈছিল ১৯২৪ চনৰ ৪ নৱেম্বত, জাপান সাম্ৰাজ্যৰ কোৰিয়াৰ কেইশ্বোনান-ডো (দক্ষিণ গিয়েংছাং প্ৰদেশ)ৰ মাছানত, ঠাইখন বৰ্তমান স্বাধীন দক্ষিণ কোৰিয়াৰ অন্তভুক্ত। তেওঁৰ পিতৃ লি ইয়াক-শ্বিন গীৰ্জাৰ মন্ত্ৰী আৰু মাতৃ লী অক-কিউং এগৰাকী সমাজকৰ্মী আছিল। তেওঁলোকৰ তত্ত্বাবধানত সেই সময়ত এটা অনাথ আশ্ৰম ও প্ৰতিপালিত হৈছিল। ১

লীয়ে আমেৰিকা যুক্তৰাজ্যৰ আলাবামাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১২ পঢ়ি-শুনি দক্ষিণ কোৰিয়ালৈ উভতি অহাৰ পিছত ১৯৫৮ চনত ইৱা মহিলা বিশ্ববিদ্যালয়ত সমাজবিজ্ঞান বিভাগ প্ৰতিষ্ঠা কৰাত সহায়তা কৰে। ১৯৭৭ চনত তেওঁ সেই বিশ্ববিদ্যালয়খনত মহিলা অধ্যয়নৰ বাবে প্ৰথম পাঠ্যক্ৰম স্থাপন কৰে যিখন পিছলৈ দক্ষিণ কোৰিয়াৰ মহিলা অধ্যয়নৰ প্ৰথম স্নাতক শিক্ষা প্ৰতিষ্ঠানলৈ পৰিণত হয়।১

লীয়ে পৰিবৰ্ত্তন কৰিব বিচৰা সমাজ ব্যৱস্থা সমূহৰ ভিতৰত আছিল দক্ষিণ কোৰিয়াত পৰিয়ালৰ মুৰব্বীসকলৰ পুৰুষ ধৰ্মগোষ্ঠীকে ধৰি পিতৃতান্ত্ৰিক ৰীতি-নীতিৰ পুনৰ পৰীক্ষণৰ লগতে সম্পত্তিৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে থকা বৈষম্য দুৰ কৰা। মহিলা নিয়োগ আচনিত কোটাৰ ব্যৱস্থা কৰাৰ লগতে পুৰুষ আৰু মহিলা উভয়ৰে মজুৰিৰ সমতা একে হোৱাৰ দিশত কাৰ্য্যকৰি ব্যৱস্থা লোৱা ইত্যাদি।২ তেওঁৰ এই কাৰ্য্যৰ ফলত দেশৰ পিতৃতান্ত্ৰিক নামকৰণ ব্যৱস্থা বিলুপ্ত কৰা হয়, যাৰ ফলত মানুহে পিতৃ-মাতৃ দুয়োৰে উপাধি ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। ১ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰাৰ্থীৰ আধা সংখ্যক মহিলা হ'ব লাগিব বুলিও তেওঁ এটা নিয়ম স্থাপন কৰাত উঠিপৰি লাগিছিল। ১লীৰ এনে বোৰ কামৰ বাবে তেওঁ বিখ্যাত হৈছিল আৰু মানুহৰ বুকুৰ মাজত ঠাই পাইছিল।

তেওঁৰ অভিযানৰ ফলত জাপানে কোৰিয়া দখলৰ সময়ত জাপানী সশস্ত্ৰ বাহিনীৰ যৌন দাসী হৈ থকা মহিলাসকলক সান্ত্বনা দিবলৈ জাপান চৰকাৰক আৰ্থিক ক্ষতিপূৰণ দিবলৈও দাবী উত্থাপন কৰে।৩

২০২০ চনৰ ৪ অক্টোবৰত চেপ্চিছ ৰোগত আক্ৰান্ত হৈ লীয়ে দক্ষিণ কোৰিয়াৰ চাংৱনত ৯৫ বছৰ বয়সত মৃত্যুবৰণ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Astor, Michael. (November 14, 2020). Lee Hyo-jae, Champion of Women's Rights in South Korea, Dies at 95. The New York Times
  2. ↑ (October 14, 2020). The Korea Herald. The Korea Herald
  3. ↑ (April 17, 2012). Feminist Lee wins YWCA award. The Korea Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লী হ্ৰদ জেই” প্ৰবন্ধৰ সংশোধন ৪৪৩৬৩৫ (৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।