অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লী তাই-ইয়ং

লী তাই-ইয়ং (১০ আগষ্ট ১৯১৪ – ১৬ ডিচেম্বৰ ১৯৯৮)কোৰিয়াৰ প্ৰথমগৰাকী মহিলা আইনজীৱী আছিল (কিছুমান উৎস মতে, তেওঁ দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা আইনজীৱী আছিল)। তেওঁ দেশৰ প্ৰথম আইনী সহায় কেন্দ্ৰৰ প্ৰতিষ্ঠাপিকাও আছিল। তেওঁ নিজৰ সমগ্ৰ জীৱনজুৰি মহিলাৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল।

হালনাগাদ: ২৮ মে’ ২০২৫ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লী তাই-ইয়ং (১০ আগষ্ট ১৯১৪ – ১৬ ডিচেম্বৰ ১৯৯৮)কোৰিয়াৰ প্ৰথমগৰাকী মহিলা আইনজীৱী আছিল (কিছুমান উৎস মতে, তেওঁ দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা আইনজীৱী আছিল)।১ তেওঁ দেশৰ প্ৰথম আইনী সহায় কেন্দ্ৰৰ প্ৰতিষ্ঠাপিকাও আছিল।২ তেওঁ নিজৰ সমগ্ৰ জীৱনজুৰি মহিলাৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল। তেওঁৰ বহুল পৰিচিত উক্তি আছিল, "কোনো সমাজে মহিলাৰ সহযোগিতা অবিহনে উন্নতি কৰিব নোৱাৰে।" আইনৰ প্ৰতি তেওঁৰ উৎসৰ্গিত জীৱনলৈ লক্ষ্য ই-ইয়ংৰাখি তেওঁক "মহিলা ন্যায়াধীশ" বুলি অভিহিত কৰা হৈছিল।৩

কিছুমান উৎসত ভুলভাবে লী তাই-ইয়ঙক কোৰিয়াৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাপে উল্লেখ কৰা হৈছে। কোৰিয়াৰ ইতিহাসত প্ৰথম মহিলা ন্যায়াধীশ আছিল হোৱাং ইউন-ছ'ক, যিয়ে ১৯৫৪ চনত এই পদ লাভ কৰিছিল।৪ যদিও লী তাই-ইয়ংয়ে ১৯৫৪ চনৰ আশে-পাশে ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ চেষ্টা কৰিছিল, তেওঁ ৰাজনৈতিক কাৰণত এই পদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।৫ কিন্তু আইনী জীৱনৰ পিছৰ সময়চোৱাত তেওঁ অৱশেষত ন্যায়াধীশ হিচাপে নিযুক্ত হয়।

প্ৰাৰম্ভিক জীৱন

লী তাই-ইয়ঙৰ ১৯১৪ চনৰ ১০ আগষ্টত জাপান সাম্ৰাজ্যৰ অন্তৰ্গত কোৰিয়াৰ পুকজিন( বৰ্তমানৰ উত্তৰ কোৰিয়া)ত জন্ম হৈছিল। তেওঁ ডাঙৰ-দীঘল হোৱা ঐতিহ্যবাদী সমাজখনত মহিলাসকলৰ বাবে শিক্ষাৰ সুযোগ আছিল সীমিত। তথাপি, তেওঁৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু দৃঢ়সংকল্পৰ ফলত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। পুকজিনত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ ইউহা মহিলা বিশ্ব বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। তাৰ পাছত তেওঁ য়ি য়ুং চ্যুংগৰ সৈতে,১৯৩৬ চনত বিবাহ পাশত আবদ্ধ হয়‌।৩৬ তেওঁৰ স্বামী পঢ়িছিল আমেৰিকা যুক্তৰাষ্ট্ৰত‌‌। জাপান চৰকাৰে তেওঁক আমেৰিকাৰ চোৰাংচোৱা বুলি সন্দেহ কৰি বন্দী কৰি ৰাখিছিল।৩৭৮ পিছলৈ তেওঁ দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী হয়গৈ ‌। তাই-ইয়ঙৰ তিনিজনী ছোৱালী আৰু এটা পুত্ৰ সন্তান আছিল।৩

কৰ্মজীৱন

লীৰ স্বামীক ১৯৪০ ত জাপানী ঔপনিবেশিক চৰকাৰে বন্দী কৰাত৭৬ লীয়ে পৰিয়াল চলাবৰ বাবে শিক্ষক, গায়িকা,দৰ্জি, ধোবা আদি বিভিন্ন কাম কৰিব লগা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, স্বামীৰ অনুপ্ৰেৰণাত‌ তেওঁ পুনৰ পঢ়িবলৈ লয়। ১৯৪৬ চনত তেওঁ ছিওল নেছনেল বিশ্ববিদ্যালয়ত আইনশাস্ত্ৰত নাম ভৰ্তি কৰা প্ৰথম মহিলা হয় আৰু তিনি বছৰৰ মূৰত স্নাতক ডিগ্ৰী লাভ কৰে।৭ ১৯৫৭ চনত, কোৰিয়ান যুদ্ধৰ পাছত, তেওঁ মহিলাৰ আইনী পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰে আৰু দুখীয়া মহিলালৈ সেৱা আগবঢ়ায়।৯ ১৯৫২ চনত তেওঁ জাতীয় ন্যায়িক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা ৰূপে পৰিগণিত হয়।৬

লী দম্পতীয়ে ১৯৭৬ চনৰ ম্যংদং ঘোষণাত অংশগ্ৰহণ কৰিছিল। এই ঘোষণাত দক্ষিণ কোৰিয়াৰ নাগৰিকক সকলো‌ নাগৰিক অধিকাৰ ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছিল। লীৰ ৰাজনৈতিক মতাদৰ্শৰ বাবে প্ৰেচিডেণ্ট পাৰ্ক চুং হীৰ শত্ৰু গণ্য কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু কঠোৰ শাস্তি বিহা হয়।৯১০ তেওঁ কোৰিয়ান লিগেল এইড চেণ্টাৰ ফৰ ফেমিলি ৰিলেছনশ্বিপ নামৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰি ‌‌ প্ৰতি বছৰে ১০,০০০ তকৈ অধিক লোকক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰিছিল।১০

আইনজীৱন আৰু মহিলাৰ অধিকাৰৰ কাৰ্য

লী তাই-ইয়ঙে‌ ১৯৫২ চনত দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা আইনজীৱী হিচাপে স্বীকৃতি লাভ কৰে। আইনজ্ঞ হিচাপে, তেওঁ মহিলাসকলৰ অধিকাৰৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বহুতো আইনী সংস্কাৰৰ বাবে আন্দোলন কৰিছিল, বিশেষকৈ বিবাহ আৰু পৰিয়াল আইন সংশোধনৰ ক্ষেত্ৰত। তেওঁ বৈবাহিক সমস্যা, সম্পত্তিৰ অধিকাৰ আৰু গৃহহিংসাৰ সন্মুখীন হোৱা অসংখ্য দৰিদ্ৰ মহিলা আৰু শিশুক সহায় কৰিছিল।

আইনী সংগ্ৰাম আৰু বাধাবিঘিনি

বহু বছৰীয়া সংগ্ৰামৰ পিছতো, কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে তেওঁ ন্যায়াধীশৰ আসন লাভ কৰোঁতে বহু সময় লাগিছিল। যদিও তেওঁ ১৯৫৪ চনত ন্যায়াধীশ হোৱাৰ চেষ্টা কৰিছিল, তেওঁক সেই সময়ত অনুমতি দিয়া হোৱা নাছিল। তথাপি, তেওঁ আইনী জগতত নিজৰ স্থান সুনিশ্চিত কৰি অৱশেষত ন্যায়াধীশ হিচাপে স্বীকৃতি লাভ কৰে।

প্ৰকাশিত গ্ৰন্থসমূহ

তেওঁ একাধিক গ্ৰন্থ লিখিছিল, য'ত মহিলাৰ অধিকাৰ, সমাজৰ ভূমিকা আৰু আইনী ন্যায়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিছিল। তেওঁৰ প্ৰথম কিতাপ ডাইভৰ্চ চিষ্টেম ইন কোৰিয়া (কোৰিয়াৰ বিবাহ বিচ্ছেদ প্ৰথা) ১৯৫৭ চনত প্ৰকাশ পায়। ১৯৭২ চনত তেওঁ কমনচেন্স ইন ল ফৰ উইমেন ( মহিলাৰ বাবে আইনী সাধাৰণ জ্ঞান) প্ৰকাশ কৰে। তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে: দি ৱমেন অব নৰ্থ কোৰিয়া ( উত্তৰ কোৰিয়াৰ নাৰী) আৰু বৰ্ন এ ৱমেন ( নাৰী জনম)|তেওঁ এলিনৰ ৰুজভেল্টৰ কিতাপ 'অন‌ মাই‌ অউন'ৰ কোৰিয়ান ভাষালৈ ‌ ভাঙনি কৰিছিল। ১৯৮৪ চনত তেওঁ 'ডিপিং দি হান ৰিভাৰ আউট উইথ এ গৌৰ্ড' নামে এখনি স্মৃতিকথা প্ৰকাশ কৰে ‌য'ত তেওঁৰ জীৱন সংগ্ৰাম আৰু মহিলাৰ অধিকাৰৰ বাবে কৰা যুদ্ধ বৰ্ণনা কৰা হৈছিল।২

জীৱনৰ শেষ সময় আৰু উত্তৰা‌ধিকাৰ

লী তাই-ইয়ঙৰ ১৯৯৮ চনৰ ১৬ ডিচেম্বৰত দেহাৱসান ঘটে। তেওঁ দক্ষিণ কোৰিয়াত মহিলাৰ অধিকাৰৰ অগ্ৰণী পথপ্ৰদৰ্শক হিচাপে পৰিচিত হৈ থাকিব। তেওঁৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু আইনী সেৱাই মহিলাসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে।

তেওঁৰ অৱদানৰ বাবে, আজিও তেওঁক দক্ষিণ কোৰিয়াৰ আইন আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণা হিচাপে গণ্য কৰা হয়।

বঁটা আৰু সন্মান

  • ১৯৭৫ চনত, লী তাই-ইয়ংক ৰামন মেগছাইছাই বঁটা (Ramon Magsaysay Award), যাক "এছিয়াৰ শান্তি বঁটা" হিচাপে জনা যায়, প্ৰদান কৰা হৈছিল। তেওঁ এই বঁটাটো "কোৰিয়ান মহিলাসকলৰ মুক্তিৰ বাবে সমান ন্যায়িক অধিকাৰৰ ক্ষেত্ৰত প্ৰভাৱশালী সেৱাৰ স্বীকৃতি" হিচাপে লাভ কৰিছিল।১১
  • তিনিবছৰ পিছত, ১৯৭৮ চনত, তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনী সহায় সংস্থা (International Legal Aid Association)ৰ "আন্তঃৰাষ্ট্ৰীয় আইনী সহায় বঁটা" লাভ কৰে।১০

তেওঁ লাভ কৰা অন্য গুৰুত্বপূৰ্ণ বঁটাসমূহ হল:

  • ১৯৭১ – বেলগ্ৰেডত অনুষ্ঠিত "আইনী সন্মিলনৰ জৰিয়তে বিশ্ব শান্তি" (World Peace Through Law Conference)ত সম্মানজনক বঁটা লাভ
  • ১৯৮১ – ড্ৰিউ বিশ্ববিদ্যালয় (Drew University), নিউ জাৰ্সিৰ পৰা সম্মানসূচক ডক্টৰেট (Honorary Doctorate in Law) লাভ
  • ১৯৮৪ –"বিশ্ব মেথডিষ্ট শান্তি বঁটা" (World Methodist Peace Award) লাভ ২

এই বঁটাবোৰে লী তাই-ইয়ংৰ মহিলাসকলৰ অধিকাৰৰ বাবে কৰা কঠোৰ প্ৰচেষ্টাৰ স্বীকৃতি দিয়ে আৰু তেওঁৰ অবদান বিশ্বজুৰি প্ৰশংসিত হয়।

তথ্যসূত্ৰ

  1. ↑ Steinberg, David I. (2002). Stone mirror: reflections on contemporary Korea. EastBridge. পৃ. 86. ISBN 978-1-891936-20-3
  2. ↑ (2001). Encyclopedia of Women Social Reformers: A-L-v. 2. M-Z. ABC-CLIO. পৃ. 391–. ISBN 978-1-57607-101-4
  3. ↑ The 1975 Ramon Magsaysay Award for Community Leadership:Biography of Lee Tai-Young. Official website of Magsaysay Award Organization
  4. ↑ Miyazawa, Setsuo; Ji, Weidong; Fukurai, Hiroshi. (2015-03-13). East Asia's Renewed Respect for the Rule of Law in the 21st Century: The Future of Legal and Judicial Landscapes in East Asia. Hotei Publishing. ISBN 9789004274204
  5. ↑ Miyazawa, Setsuo; Ji, Weidong; Fukurai, Hiroshi. (2015-03-13). East Asia's Renewed Respect for the Rule of Law in the 21st Century: The Future of Legal and Judicial Landscapes in East Asia. Hotei Publishing. ISBN 9789004274204
  6. ↑ Wayne, Tiffany K. (31 October 2011). Feminist Writings from Ancient Times to the Modern World: A Global Sourcebook and History: A Global Sourcebook and History. ABC-CLIO. পৃ. 632. ISBN 978-0-313-34581-4
  7. ↑ Behnke, Alison. (2005). North Korea in Pictures. Twenty-First Century Books. পৃ. 71. ISBN 978-0-8225-1908-9
  8. ↑ (1961). United States Treaties and Other International Agreements. Department of State. পৃ. 277
  9. ↑ Morgan, Robin. (1996). Sisterhood is Global: The International Women's Movement Anthology. Feminist Press at CUNY. পৃ. 403–. ISBN 978-1-55861-160-3
  10. ↑ American Bar Association. (December 1978). ABA Journal. American Bar Association Journal. American Bar Association. পৃ. 1812
  11. ↑ (31 August 1975). The 1975 Ramon Magsaysay Award for Community Leadership

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লী তাই-ইয়ং” প্ৰবন্ধৰ সংশোধন ৫১৩২৬৫ (২৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।